ETV Bharat / bharat

ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ পতন; উভয়ৰে কূটনীতিবিদক বহিষ্কাৰ

India Canada relation: নিজ্জাৰ হত্যাকাণ্ডক লৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ পতন হৈছে । শেহতীয়াকৈ দুয়োখন দেশে উচ্চায়ুক্তৰ ৬ গৰাকীকৈ কূটনীতিবিদক বহিষ্কাৰ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 9:10 AM IST

India Canada relation
ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ পতন (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ : ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ পুনৰ স্খলন হৈছে । শেহতীয়াকৈ ভাৰতে কানাডাৰ পৰা ভাৰতীয় উচ্চায়ুক্ত আৰু কিছুমান বিষয়াক দেশলৈ মাতি পঠিয়াইছে । তাৰ কেইঘণ্টামান পাচতে ভাৰতে ৬ গৰাকী কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে কানাডাইও ৬ গৰাকীকৈ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছে ।

কূটনীতিবিদৰ বহিষ্কাৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কানাডাৰ কূটনীতিবিদসকলক ১৯ অক্টোবৰৰ নিশা ১১:৫৯ বজাৰ ভিতৰত বা তাৰ পূৰ্বে ভাৰত ত্যাগ কৰিবলৈ কোৱা হৈছে । বহিষ্কাৰ কৰা কূটনীতিবিদসকল হৈছে ক্ৰমে কাৰ্যকৰী উচ্চায়ুক্ত ষ্টুৱাৰ্ট ৰছ হুইলাৰ, উপ উচ্চায়ুক্ত পেট্ৰিক হেবাৰ্ট, প্ৰধান সচিব মেৰী কেথেৰিন জলি আৰু লান ৰছ ডেভিড ট্ৰাইটছ ।

বহিষ্কৃত আন দুগৰাকী কূটনীতিবিদ হৈছে প্ৰধান সচিব এডাম জেমছ চুইপ্কা আৰু পৌলা অৰ্জুয়েলা । নিজ্জাৰ হত্যাকাণ্ডক লৈ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনমিত হোৱাৰ সময়তে ভাৰতে কানাডাত উচ্চ আয়োগ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে । তাৰ পিছতে এই বহিষ্কাৰৰ ঘটনা পোহৰলৈ আহিছে ।

ইফালে, সোমবাৰে কানাডাৰ সংবাদ মাধ্যমে এগৰাকী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি কয় যে ভাৰতে দিল্লীত কানাডিয়ান উচ্চায়ুক্তৰ ৬ গৰাকী সদস্যক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰাৰ প্ৰায় একে সময়তে কানাডাইও ৬ গৰাকী ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছে ।

নিজ্জাৰ হত্যাকাণ্ড

সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচ (আৰচিএমপি)ৰ হাতত প্ৰমাণ আছে যে ২০২৩ চনৰ জুন মাহত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ কথিত ষড়যন্ত্ৰত ৬ গৰাকী কূটনীতিবিদ জড়িত আছিল । উল্লেখ্য যে যোৱা বছৰ জুন মাহত ব্ৰিটিছ কলম্বিয়াৰ চাৰেত নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল ।

ইফালে সংবাদমেল সম্বোধন কৰি আৰচিএমপি আয়ুক্ত মাইক ডুহেমে ব্যাপক হিংসা, হত্যাকাণ্ড আৰু ভাৰত চৰকাৰৰ 'এজেণ্ট'ৰ সৈতে সম্পৰ্কিত ৰাজহুৱা নিৰাপত্তাৰ ভাবুকিৰ বিষয়েও সতৰ্ক কৰি দিয়ে । নিজ্জাৰ হত্যাকাণ্ডত ভাৰতৰ এজেণ্ট জড়িত থকাৰ দাবী কানাডাই বাৰে বাৰে কৰি আহিছে যদিও ভাৰতে এই সকলো অভিযোগ নস্যাৎ কৰিছে ।

লগতে পঢ়ক :হৰদীপ নিজ্জাৰৰ হত্যাত জড়িত সন্দেহজনক অভিযুক্তই লাভ কৰিছিল ছাত্ৰ ভিছা - Nijjar Murder Latest Update

ভাৰতৰ সতৰ্কবাণীৰ পিচতো সংগঠিত অপৰাধৰ সৈতে জড়িত লোকক কানাডাই প্ৰদান কৰিলে ভিছা: জয়শংকৰ - India Canada Relation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.