ETV Bharat / bharat

পূব লাডাখৰ এল এ চিত টহল দিয়াক লৈ ভাৰত-চীনৰ চুক্তি

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ কাজান চহৰলৈ যাত্ৰা কৰাৰ এদিন পূৰ্বে এই অগ্ৰগতি সন্দৰ্ভত ঘোষণা কৰা হৈছে ।

INDIA CHINA AGREEMENT
লাডাখৰ লেহৰ এখন সামৰিক চিকিৎসালয়ত চীনৰ জোৱানৰ সৈতে সংঘৰ্ষত আহত হৈ চিকিৎসা গ্ৰহণ কৰা জোৱানসকলৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, ৩ জুলাই, ২০২০ (ETV Bharat via Press Information Bureau)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

নতুন দিল্লী: ভাৰত আৰু চীনৰ আলোচনাপন্থীয়ে পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হৈছে ৷ ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সোমবাৰে প্ৰকাশ কৰে এই কথা । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, "ভাৰত আৰু চীনৰ আলোচনাপন্থীসকলে বাকী থকা সমস্যাসমূহ সমাধানৰ বাবে বিগত কেইসপ্তাহমানৰ পৰা যোগাযোগত আছিল ।

এই চুক্তিখন ডেপছাং আৰু ডেমচোক অঞ্চলত টহল দিয়াৰ সৈতে জড়িত বুলি জনা গৈছে । ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ কাজান চহৰলৈ যাত্ৰা কৰাৰ এদিন পূৰ্বে এই অগ্ৰগতি সন্দৰ্ভত ঘোষণা কৰা হৈছে ।

যদিও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও ব্ৰিকছ সন্মিলনৰ আঁৰত মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি আশা কৰা হৈছে ।

ভাৰত আৰু চীনৰ সামৰিক অৱস্থান আৰু প্ৰত্যাহাৰৰ ইতিহাস

২০২০ চনৰ মে’ মাহত পাংগং ছ’ত দুয়োখন দেশৰ সেনাই ৰক্তাক্ত কাৰ্যকলাপত লিপ্ত হোৱাৰ পিছত আৰু ২০২০ চনৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত সম্পৰ্ক আৰু অধিক অৱনতি ঘটে ৷ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই সীমান্ত বিবাদ সমাধানৰ বাবে আলোচনা চলি আছে ।

২০২০ চনৰ মে' মাহত কি হৈছিল

২০২০ চনৰ মে’ মাহত চীনে বাৰ্ষিক অনুশীলনৰ বাবে তিব্বতৰ মালভূমি অঞ্চললৈ অহা সৈন্যবাহিনীক পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ৰ ফালে ডাইভাৰ্ট কৰি ভাৰতৰ সৈতে অচলাৱস্থাৰ সৃষ্টি সৃষ্টি কৰে ।

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত আৰু চীনে ৩১ সংখ্যক সীমান্ত আলোচনা অনুষ্ঠিত কৰিছিল য’ত দুয়োপক্ষই এল এ চিৰ কাষৰীয়া পৰিস্থিতিৰ ওপৰত ‘অকপট, গঠনমূলক আৰু আগন্তুক দৃষ্টিভংগীৰ আদান-প্ৰদান’ কৰিছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

২৪ ছেপ্টেম্বৰ, ২০২৪ : এছিয়া ছ’চাইটি পলিচি ইনষ্টিটিউটত নিউয়ৰ্কত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰত-চীন সীমান্ত বিবাদৰ আলোচনাৰ ৭৫ শতাংশ অগ্ৰগতি হৈছে, সেয়া কেৱল পূব লাডাখত সৈন্য প্ৰত্যাহাৰৰ ওপৰতহে হৈছে ।

পাংগং ছ’ অচলাৱস্থা

২০২০ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল ভাৰত-চীন সীমান্তৰ অচলাৱস্থাৰ, যেতিয়া পাংগং ছ’ৰ উত্তৰ পাৰত ফিংগাৰ ৮ আৰু ফিংগাৰ ৪ৰ মাজত ৮ কিলোমিটাৰ দূৰত্বত চীন আহিছিল । ভাৰতীয় সেনাই ফিংগাৰ ৮ক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) বুলি দাবী কৰাৰ বিপৰীতে চীনাসকলে যথাৰ্থ অৱস্থাৰ আপাত পৰিৱৰ্তন ঘটাই ফিংগাৰ ৪ত শিবিৰ পাতে আৰু ফিংগাৰ ৫ আৰু ৮ৰ মাজত দুৰ্গ নিৰ্মাণ কৰে ।

২৯/৩০ আগষ্ট: ভাৰত আৰু চীনৰ মাজত কেইবালানি সামৰিক আৰু কূটনৈতিক আলোচনাৰ সময়ত পূৰ্বতে সহমতত উপনীত হোৱাৰ পিছতো ২০২০ চনৰ ২৯/৩০ আগষ্টৰ নিশা পি এল এৰ সৈন্যই যথাৰ্থ অৱস্থা সলনি কৰিবলৈ উচটনিমূলক সামৰিক কাৰ্য সংঘটিত কৰে ।

চীনৰ পক্ষই পূৰ্বৰ বুজাবুজিৰ উলংঘা কৰাত ভাৰতীয় সৈন্যই পাংগং ছ’ হ্ৰদৰ দক্ষিণ পাৰত পি এল এৰ কাৰ্যকলাপ বন্ধ কৰি দিয়ে । পাংগং ছ’ হ্ৰদৰ দক্ষিণ পাৰত সংঘটিত হোৱা উত্তেজনাপূৰ্ণ সংঘৰ্ষৰ পিছত কেইবাদশকৰ পিছত প্ৰথমবাৰৰ বাবে এল এ চিত গুলীচালনা কৰা হয় ।

২৪ জানুৱাৰী, ২০২১: সামৰিক সেনাধ্যক্ষৰ মাৰাথন বৈঠকৰ অন্তত ভাৰত আৰু চীনে ‘সীমা সৈন্য আগতীয়াকৈ প্ৰত্যাহাৰ’ৰ বাবে সন্মত হয় ।

২ ফেব্ৰুৱাৰী, ২০২১: চীন আৰু ভাৰতৰ সীমান্ত সৈন্যই পাংগং হ্ৰদৰ দক্ষিণ আৰু উত্তৰ পাৰত প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । পাংগং ছ’ৰ পৰা প্ৰত্যাহাৰৰ বাবে ৯ মাহ সময় লাগিছিল ।

২০২০ চনত গালৱান উপত্যকাত সামৰিক অৱস্থান

২০২০ চনৰ ১৫ জুনৰ নিশা ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষৰ ফলত ২০ জন ভাৰতীয় জোৱানৰ মৃত্যু হয় ।

লগতে পঢ়ক: মুম্বাইত টাইৱানৰ কাৰ্যালয় মুকলি কৰাক লৈ ভাৰতৰ প্ৰতি অসন্তুষ্ট চীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.