ETV Bharat / bharat

ৰুষ্ট প্ৰকৃতিয়ে সীমান্তত ৰুধিছে ভাৰতীয় সেনাক; কাৰ দোষত প্ৰকৃতিৰ এই ৰূপ ? - LANDSLIDE IN ARUNACHAL PRADESH

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 1:27 PM IST

Kurung Kumey Suffers Landslide: অৰুণাচল প্ৰদেশৰ কুৰোং কুৰ্মে জিলাৰ কলিয়াং-ছাৰ্লিঙৰ বি আৰ টি এফৰ এটা পথ ভূমিস্খলনত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে ৷ ফলত যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এই পথটো ৷ চাওক বিতং খবৰ...

LANDSLIDE IN ARUNACHAL PRADESH
অৰুণাচলত ভূমিস্খলন (ETV Bharat Assam)

তেজপুৰ, 12 জুলাই: পূব অৰুণাচল প্ৰদেশৰ কুৰোং কুৰ্মে জিলাৰ কলিয়াং-চাৰ্লিৰ পল’চাং ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰতীয় সেনাৰ বাবে যাতায়তৰ একমাত্ৰ পথটো যোৱা পাঁচদিন ধৰি যোগাযোগ বিছিন্ন হৈ আছে ৷ সেনা আৰু বিভিন্ন সুৰক্ষা বাহিনীৰ একমাত্ৰ জীৱনৰেখা হিচাপে চিহ্নিত এই পথটো বিচ্ছিন্ন হৈছে অত্যাধিক বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ৷

ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিকৰ সৈতে টেলিফোনিক বাৰ্তালাপ (ETV Bharat Assam)

এই ভূমিস্খলন সন্দৰ্ভত বাবে ক’ল’ৰিয়াং,ডমিন, পাৰ্চি পাৰ্লো, চাৰলি, পল’চাং, পানীয়াচাং ষ্টুডেণ্ট ইউনিয়ন (কেডিপিপিপিএছইউ) ৰ সভাপতি কে জি চাবুকে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয় যে, এই পথটো সীমান্তলৈ যোৱা ভাৰতীয় সেনাৰ বাবে একমাত্ৰ জীৱনৰেখা ৷ ভূমিস্খলনৰ ফলত এই পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ৷ সম্প্ৰতি সম্পূৰ্ণৰূপে পথটো বন্ধ হৈ থকাত ব্যাহত হৈ পৰিছে যাতায়াত ৷ এই পথটোৱে সংযোগ কৰিছে ভাৰত-চীন সীমান্ত ৷ বৰ্তমান পথটোৰে সীমান্তলৈ যোৱাটো সেনাবাহিনীৰ বাবে হৈ পৰিছে কঠোৰ প্ৰত্যাহ্বান ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেে পথৰ কাষত পানী জমা ৰখাৰ বাবে যি ব্যৱস্থা কৰিছিল, সেইটো প্ৰবল বৃষ্টিপাতৰ ফলত উপচি পৰি মূল পথটোত থকা বি আৰ টি এফৰ এটা কালভাৰ্টৰ সৈতে এখন দলং উটুৱাই নিয়ে ৷

লগতে পঢ়ক: নেপালত ভূমিস্খলন; ত্ৰিশূলী নদীত পৰিল দুখন যাত্ৰীবাহী বাছ; নিৰুদ্দেশ 60 গৰাকীৰো অধিক যাত্ৰী - LANDSLIDE IN CENTRAL NEPAL HIGHWAY

চাবুকে কয় যে, কলিয়াঙৰ পৰা চাৰ্লিৰ অঞ্চলৰ শেষ অংশত অৱস্থিত পল’চাং ৰাজহ চক্ৰত সংঘটিত এই ভূমিস্খলন অত্যন্ত বৰষুণৰ ফলতে সংঘটিত হৈছে ৷ যাৰ মূলতে হৈছে অবাধ পাহাৰ খনন ৷ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিভাগীয় দায়িত্বত থকা লোকসকলে পাহাৰৰ বিভিন্ন অংশত কৰা খননকাৰ্যই জনসাধাৰণৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিবেশ ৷ এই বিষয়ে বিগত 2020 চনৰ পৰা জিলা প্ৰশাসনক অৱগত কৰি আহিছে ছাত্ৰ সংগঠনটোৱে ৷ আনকি স্থানীয় বিধায়ক, পঞ্চায়তৰ জনপ্ৰতিনিধিৰ লগত বহুবাৰ আলোচনা কৰাৰ পিছতো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপিত কৰে ছাত্ৰ সন্থাৰ সভাপতি চাবুকে ৷

সভাপতিগৰাকীয়ে লগতে কয় যে, পাহাৰৰ নিম্ন অংশত থকা সাধাৰণ লোকসকলে যিকোনো প্ৰকাৰে চলাচল কৰিব ধৰিছে ৷ কিন্তু দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত ভাৰতীয় সেনাবাহিনী আৰু আৰক্ষীৰ লগতে বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে এয়া অতি কঠিন হৈ পৰিছে ৷ স্থানীয় ৰাইজে এই পথটো মেৰামতিৰ কাম সোনকালে আৰম্ভ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৷ কিয়নো পথছোৱাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷

পথটো বন্ধ হৈ থকাত স্থানীয় লোকসকলে খাদ্য সামগ্ৰী আৰু চিকিৎসাৰ বাবে ঔষধৰ লগতে ইন্ধনৰ অভাৱত ভুগিছে ৷ কোনো বাহন চলাচল কৰিব নোৱাৰাৰ বাবে স্থানীয় লোকসকলে পিঠিত বোজা বান্ধি খাদ্য সামগ্ৰী আৰু ঔষধ পাহাৰৰ ওপৰলৈ কঢ়িয়াই নিবলগীয়া হৈছে ৷

ছাৰ্লিৰ বিৱৰণ: অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত অৱস্থিত কুৰুং কুৰ্মে জিলাৰ এটা ব্লক হৈছে ছাৰ্লি ৷ অৰুণাচল প্ৰদেশৰ গ্ৰাম্য অঞ্চলত অৱস্থিত এইখন কুৰুং কুমে জিলাৰ 10 টা ব্লকৰ ভিতৰত অন্যতম ৷ চৰকাৰী তথ্য অনুসৰি, চাৰ্লিৰ মুঠ ব্লকৰ সংখ্যা 81 টা ৷ ব্লকটোত 39 খন গাঁও আছে আৰু এই ব্লকত মুঠ 499 টা পৰিয়াল আছে ৷ 2011 চনৰ লোকপিয়ল অনুসৰি এই ব্লকত মুঠ জনসংখ্যা হৈছে 3,120 জন ৷

লগতে পঢ়ক: ভূমিস্খলনৰ তাণ্ডৱ : কুৰ্মে জিলাৰ কলিয়াং-ছালিত বিধ্বস্ত বি আৰ টি এফৰ পথ - Landslide In Arunachal Pradesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.