ETV Bharat / bharat

ভাৰত-চীনৰ চুক্তি; চলিত মাহতে সম্পূৰ্ণ হ'ব সেনা আঁতৰোৱাৰ প্ৰক্ৰিয়া - INDIA CHINA DISENGAGEMENT

India China Disengagement : দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰি পূব লাডাখৰ বিবদমান অঞ্চলৰ পৰা ভাৰত আৰু চীনে সেনা আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

India China Army conflict
ভাৰত-চীনৰ চুক্তি; চলিত মাহতে সম্পূৰ্ণ হ'ব সেনা আঁতৰোৱাৰ প্ৰক্ৰিয়া (PTI)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 10:31 AM IST

নতুন দিল্লী : সীমান্তত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা বিবাদৰ অন্ত পৰিব ! কিয়নো পূৰ্বে দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষ হোৱা কেইবাটাও স্থানৰ পৰা এতিয়া সেনাক স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

দুয়োখন দেশে শুকুৰবাৰে পূব লাডাখৰ ডেমচোক আৰু ডেপচাঙৰ বিবদমান এলেকাৰ পৰা সেনাসকলক স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । সেনাৰ এক সূত্ৰৰ মতে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো ২৮-২৯ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

সেনা আঁতৰোৱাৰ বাবে চুক্তি

পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত টহল আৰু সেনাৰ স্থানান্তৰৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত হোৱা শেহতীয়া চুক্তিৰ পৰিণাম । প্ৰতিৰক্ষা বিশ্লেষকসকলৰ মতে চীনৰ সৈতে প্ৰায় ৪ বছৰ ধৰি চলি থকা অচলাৱস্থাৰ সমাপ্তি এক বৃহৎ সাফল্য ।

সূত্ৰ অনুসৰি, সেনা আঁতৰোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দুয়োটা বিবদমান এলেকাত টহল আৰম্ভ হ'ব । এই প্ৰক্ৰিয়াৰ অধীনত দুয়োপক্ষই তেওঁলোকৰ নিজ নিজ সেনাক আঁতৰাব আৰু অস্থায়ী আন্তঃগাঁথনিবোৰ ধ্বংস কৰিব বুলি আশা কৰা হৈছে । এক সূত্ৰৰ জনোৱা মতে, সেনাৰ স্থানান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত টহল ব্যৱস্থা পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব অৰ্থাৎ ২০২০ চনৰ এপ্ৰিলৰ আগৰ স্তৰলৈ যাব ।

সেনাৰ সূত্ৰই জনোৱা মতে কূটনৈতিক পৰ্যায়ত প্ৰথমে চুক্তিৰ বাবে সন্মত হৈছিল । তাৰ পিছত হোৱা সামৰিক পৰ্যায়ৰ আলোচনাত ইয়াক আৰু দৃঢ় কৰা হৈছিল । কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাত চুক্তিৰ বাকী কাম সম্পূৰ্ণ কৰা হয় ।

বিবদমান এলেকাৰ পৰা আঁতৰোৱা হৈছে সামৰিক সঁজুলি

দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰি ভাৰতীয় সেনাই ইতিমধ্যে এই বিবদমান অঞ্চলৰ পৰা সামৰিক সঁজুলিসমূহ আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত হোৱা এক নিৰ্মম সংঘৰ্ষৰ পিছতে চীন-ভাৰতৰ সম্পৰ্কৰ অধিক অৱনতি হৈছিল । এই সংঘৰ্ষক এটা দশকৰ ভিতৰত দুয়োখন চুবুৰীয়াৰ মাজত আটাইতকৈ গুৰুতৰ সামৰিক সংঘৰ্ষ হিচাপেও গণ্য কৰা হৈছিল ।

২৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত তেওঁলোকৰ দ্বিপাক্ষিক বৈঠকত পূৱ লাডাখত এলএচিত টহল আৰু সেনাৰ স্থানান্তৰৰ চুক্তিক সমৰ্থন কৰে ।

লগতে পঢ়ক : বিবদমান স্থানৰ পৰা সেনা স্থানান্তৰ আৰম্ভ ভাৰত-চীনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.