ETV Bharat / bharat

ভাৰত-মংগোলিয়া যৌথ সামৰিক অনুশীলন : নোমেদিক এলিফেণ্ট-২০২৪ৰ সফল সামৰণি - Nomadic Elephant 2024

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 9:37 PM IST

India-Mongolia joint military exercise : সফলতাৰে সামৰণি পৰিল নোমেদিক এলিফেণ্ট-২০২৪ৰ ১৬ সংখ্যক সংস্কৰণ ৷ ভাৰত-মংগোলিয়া যৌথ সামৰিক অনুশীলনৰ লগতে দুয়োখন দেশৰ সৈন্যই মত বিনিময় কৰে ৷ ভাগ-বাটোৱাৰা কৰে অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ ৷

India-Mongolia joint military exercise
ভাৰত-মংগোলিয়া যৌথ সামৰিক অনুশীলন (ETV Bharat Assam)

তেজপুৰ, ১৬ জুলাই : ভাৰতীয় সেনাই শেহতীয়াকৈ কেবাটাও নিয়মীয়া যৌথ অনুশীলন হিচাপে বিদেশী ৰাষ্ট্ৰৰ সেনাৰ সৈতে যুদ্ধ অনুশীলন অব্যাহত ৰাখিছে । এই যৌথ অনুশীলনৰ অংশ হিচাপে ভাৰত-মংগোলিয়া যৌথ সামৰিক অনুশীলন, নোমেদিক এলিফেণ্ট-২০২৪ৰ ১৬ সংখ্যক সংস্কৰণ আজি ১৪ দিনৰ কঠোৰ প্ৰশিক্ষণ আৰু পৰস্পৰৰ সহযোগিতাৰ অন্তত সফল সামৰণি হয় ৷ এই কথা জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ৷

মেঘালয়ৰ উমৰয়ৰ যৌথ প্ৰশিক্ষণ ন’ডত মঙলবাৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত মংগোলীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল ষ্টাফ মেজৰ জেনেৰেল গনব্যাম্বা সুনৰেভ আৰু ত্ৰিশক্তি কৰ্পছৰ জিঅ’চি এ ভি এছ এম, ৱাই এছ এমৰ লেফটেনেণ্ট জেনেৰেল জুবিন এ মিনৱালাৰ উপস্থিত থাকে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰাৱাটে কয় যে সামৰণি অনুষ্ঠানত দুয়োজন নেতাই ভৱিষ্যতৰ যৌথ অভিযানৰ বিষয়ে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ এই আলোচনা সমগ্ৰ অনুশীলনৰ সময়ছোৱাত কৰা গভীৰ সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানৰ প্ৰতীক । এই মত বিনিময়ে আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিব বুলি জানিবলৈ দিয়ে ৷

অনুষ্ঠানৰ পিচতে ভাৰতীয় দলটোৱে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ এক আকৰ্ষণীয় প্ৰদৰ্শনৰ জৰিয়তে নিজৰ উন্নত সামৰ্থ প্ৰদৰ্শন কৰে । এই প্ৰদৰ্শনীয়ে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ অধীনত কৰা প্ৰযুক্তিগত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে, ই ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সম্ভাৱনাক শক্তিশালী কৰি তুলিছে বুলি ৰাৱাটে কয় ৷ দুয়োখন দেশৰ সৈন্যই আগ্ৰহেৰে মত বিনিময় কৰে, অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ ভাগ-বতৰা কৰে, যাৰ ফলত প্ৰশিক্ষণৰ সময়ত গঠিত বন্ধন অধিক শক্তিশালী হ’ব বিবেচিত হৈছে ।

তেওঁ লগতে কয় যে বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত ঐক্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা মন্তব্যই স্থান লাভ কৰে অনুষ্ঠানটোত ৷ ৰাষ্ট্ৰসংঘৰ আদেশৰ অধীনত ভৱিষ্যতে যৌথ অভিযানৰ ভিত্তি স্থাপন কৰা এক গুৰুত্বপূৰ্ণ অনুশীলনেৰে অনুষ্ঠানটো সামৰণি পৰে ।

লগতে পঢ়ক : থাইলেণ্ডৰ টাক প্ৰদেশত ভাৰত আৰু থাইলেণ্ড সেনাৰ যৌথ অনুশীলন মৈত্ৰী ২০২৪ ৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.