নেশ্যনেল ডেস্ক, 19 আগষ্ট: খাদ্যৰ বিষক্ৰিয়া ঘটি অসুস্থ প্ৰশিক্ষাৰ্থী জোৱান ৷ বিহাৰৰ সুপৌল জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ৷ জিলাখনৰ বীৰপুৰ-ভীমনগৰত অৱস্থিত বিহাৰ বিশেষ সশস্ত্ৰ আৰক্ষীৰ 12 আৰু 15 নং বেটেলিয়নত প্ৰশিক্ষণৰ বাবে অহা প্ৰায় 150 জন জোৱানৰ স্বাস্থ্যৰ অৱনতি ঘটে । জোৱানকেইজনে বমি আৰু ডায়েৰিয়াৰ দৰে সমস্যাত ভোগাৰ পাচতে তেওঁলোকক বীৰপুৰৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
কমাণ্ডেণ্টৰ বিৰুদ্ধে অভিযোগ
ইফালে প্ৰশিক্ষণৰ বাবে অহা জোৱান মুকেশ কুমাৰে কয় যে প্ৰশিক্ষণৰ সময়ত তেওঁ ধাৰাবাহিকভাৱে বেয়া খাদ্য পাই আহিছে । এই কাৰ্যৰ বিৰোধিতা প্ৰতিগৰাকী জোৱানে কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কমাণ্ডেণ্টৰ বিৰুদ্ধে ।
প্ৰশিক্ষাৰ্থী জোৱান মুকেশ কুমাৰ কয়, "সকলো জোৱান ৰোগত আক্ৰান্ত হোৱাৰ পাচত যেতিয়া একাংশ জোৱান পাকঘৰত উপস্থিত হ'ল, তেতিয়া তেওঁলোকে ৰন্ধা-বঢ়া কৰা ঠাইডোখৰত ছালফাৰ বাণ্ডিল এটা পাইছিল । ইয়াৰ পৰা প্ৰমাণিত হয় যে কমাণ্ডেণ্টে সকলো জোৱানক হত্যা কৰাৰ চেষ্টা কৰিছে । জোৱানসকলৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাগতভাৱে অৱনতি ঘটিছে ।"
চিকিৎসাৰ সময়ত হুলস্থুল
সমান্তৰালভাৱে, চিকিৎসা গ্ৰহণৰ সময়তো জোৱানসকল অসুবিধাৰ সন্মুখীন হয় ৷ এজন মাত্ৰ চিকিৎসক উপস্থিতি থকাৰ বাবে অসুস্থ জোৱানসকলক চিকিৎসা প্ৰদানত অসুবিধাৰ সন্মুখীন হয় আৰু মহকুমা চিকিৎসালয়ত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷
বিহাৰৰ বিশেষ সশস্ত্ৰ আৰক্ষীৰ প্ৰশিক্ষাৰ্থী জোৱানসকলে এই সন্দৰ্ভত কয়, "ইমান ডাঙৰ হাস্পতালত মাত্ৰ এজন চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হৈছে । প্ৰতিগৰাকী চিকিৎসকে চিকিৎসা লাভ কৰালৈকে পুৱা হ’ব আৰু এই সময়ত কাৰ জীৱন ৰক্ষা হ’ব আৰু কাৰ কি হ’ব কোৱাটো কঠিন ।’’
একাংশ জোৱানে চিকিৎসালয়খনত ঔষধৰ কোনো সুবিধা নাই । সকলো ঔষধ ক্ৰয় কৰিব লাগে বুলিও কয় ।
"এইটো খাদ্য বিষক্ৰিয়াৰ ঘটনা । বৰ্তমান অপেক্ষা আৰু নিৰীক্ষণ কৰাৰ সময় । বীৰপুৰৰ মহকুমা আৰক্ষী সুৰেন্দ্ৰ কুমাৰেও সেই স্থানত উপস্থিত হৈ বিষয়টোৰ তথ্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে "-বীৰপুৰৰ মহকুমাধিপতি নীৰজ কুমাৰে কয় ।