ETV Bharat / bharat

অধিক মূলধন লাভৰ আশাত তলি উদং চিকিৎসকৰ: তিনি মাহৰ ভিতৰত হেৰুৱালে মুঠ ৮,৬০,৩৮,০২২ টকা - Hyderabad doctor was looted

Cyber crime in Hyderabad : চাইবাৰ অপৰাধীৰ জালত পৰি দিশহাৰা হৈছে এইবাৰ হায়দৰাবাদৰ এগৰাকী চিকিৎসক ৷ অধিক মূলধন লাভৰ আশাত চাইবাৰ অপৰাধীৰ কৱলত পৰি তলি উদং হ’ল ভুক্তভোগী চিকিৎসকগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 12:29 PM IST

Cyber crime in Hyderabad
চাইবাৰ অপৰাধীৰ টাৰ্গেট হ’ল চিকিৎসক : লুটিলে ৮ কোটিৰো অধিক (ETV Bharat)

নিউজ ডেস্ক, ১৯ আগষ্ট : এদিন ২৩.৫৬ লাখ... তাৰ পিচত ৩ লাখ টকা... আন এদিন আকৌ দুটা কিস্তিত ৬৮ লাখ টকা... ইয়াৰে পৰৱৰ্তী সময়ত ১৭.১০ লাখ ৷ এটা বা দুটা নহয় একেলগে ৬৩ কিস্তিত এইবাৰ চাইবাৰ অপৰাধীৰ এটা দলে হায়দৰাবাদ KPHB ৰ এজন চিকিৎসকৰ তলি উদং কৰিলে । যোৱা ২১ মে’ৰ পৰা চলিত মাহৰ ৮ তাৰিখলৈকে মুঠ ৮,৬০,৩৮,০২২ টকা লুটি লৈ গ’ল চাইবাৰ অপৰাধীয়ে ৷

শ্বেয়াৰ ট্ৰেডিঙৰ নামত ধন লুট কৰাৰ নতুন কৌশল এইবাৰ চাইবাৰ অপৰাধীৰ । তেলেংগানাৰ ৰেকৰ্ডত উল্লেখিত চাইবাৰ অপৰাধৰ ইতিহাসত এইটোৱেই আটাইতকৈ ডাঙৰ অনলাইন জালিয়াতি বুলি জানিব পৰা গৈছে । চলিত মাহৰ ১২ তাৰিখে ভুক্তভোগীয়ে দাখিল কৰা এক অভিযোগৰ ভিত্তিতে তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰোৱে (Telangana Cyber ​​Security Bureau চমুকৈ TGCSB) আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত সাত কোটি টকা লুটি নিয়া ৮ চাইবাৰ অপৰাধী - Cyber crime in Nagaon

  • কেনেদৰে ঠগ খালে ভুক্তভোগীয়ে :

২১ মে’ত চিকিৎসকজনে নিজৰ ফেচবুক একাউণ্টত চলাই আছিল ৷ তেতিয়া তেওঁ ষ্টক ব্ৰকিং কোম্পানী (Stock Broking companies)ৰ নামত এটা বিজ্ঞাপন লাভ কৰে ৷ তাৰ পাচত তেওঁ ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছা কৰে ৷ লগে লগে একাংশ ব্যক্তিয়ে নিজকে সেই কোম্পানীসমূহৰ প্ৰতিনিধি বুলি দাবী কৰি হোৱাটছএপত চিকিৎসকৰ সৈতে যোগাযোগ কৰে ।

তাৰ পাচত তেওঁৰ ফোন নম্বৰটো ৪টা গ্ৰুপত অন্তৰ্ভুক্ত (Add) কৰোৱা হয় । সেই গ্ৰুপত থকা আন লোকসকলে কয় যে তেওঁলোকৰ কোম্পানীসমূহৰ বিশেষত্ব হৈছে বিনিয়োগকাৰীক লাভ দিয়া । আগশাৰীৰ কোম্পানীসমূহৰ হৈ উপ-দালাল (sub-brokers) হিচাপে তেওঁলোকে কাম কৰিব ৷

চিকিৎসকগৰাকীয়ে যেতিয়া NSE আৰু BSE ৰ দৰে নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ পৰিচয় আৰু সেই প্ৰতিষ্ঠানসমূহৰ বিষয়ে, কৰ পঞ্জীয়নৰ বিষয়ে প্ৰশ্ন কৰে, তেতিয়া তেওঁলোকে বিশেষ গোপনীয়তাৰ বাবে সেইবোৰ প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰা ৷

এই ক্ৰমত ৪ টা সংস্থাৰ নামত চিকিৎসকগৰাকীক এপ লিংক প্ৰেৰণ কৰা হয় । সেইবোৰত উল্লেখ কৰা মতে, বিভিন্ন বেংক একাউণ্টলৈ তেওঁ টকা ট্ৰেন্সফাৰ কৰে । তাৰ পাচত চিকিৎসকক প্ৰাৰম্ভিক লাভ উলিয়াবলৈ দিয়ে ৷ তেতিয়াই তেওঁৰ বিশ্বাস হয় সংস্থাৰ ওপৰত ৷ সেয়ে তেওঁ কেবাবাৰো টকা জমা দি গৈছিল । মুঠ ৮.৬ কোটি টকা দিয়াৰ পিছত যেতিয়া তেওঁ লাভ উলিয়াবলৈ চেষ্টা কৰিছিল তেতিয়াহে প্ৰকৃত ঘটনাটো পোহৰলৈ আহে ।

লগতে পঢ়ক : মঙলদৈত চাইবাৰ অপৰাধৰ সৈতে জড়িত দুটা অপৰাধীক গ্ৰেপ্তাৰ - CYBER CRIME

তেওঁলোকে চিকিৎসকগৰাকীক কৈছিল যে লাভৰ ২০-৩০% দিলেহে তেওঁ উলিয়াব পাৰিব । কিন্তু যেতিয়া তেওঁ কাষ্টমাৰ কেয়াৰৰ সৈতে কথা পাতে তেতিয়াতে তেওঁ প্ৰতাৰণাৰ সন্মুখীন হৈছে বুলি জ্ঞাত হয় ৷ তাৰ পাচত তেওঁ অকণো পলম নকৰি, TGCSB ৰ ওচৰত অভিযোগ দাখিল কৰে ৷

  • বীনাবংকাতো ‘খচ্চৰ’ একাউণ্ট (Mule account in Veenavanka too)

কমিচনৰ আশাত চাইবাৰ অপৰাধীৰ হাতত বেংক একাউণ্ট গতাই দিয়া সকলক আৰক্ষীয়ে ‘টকাৰ খচ্চৰ’ বুলি কয় । অপৰাধীয়ে চিকিৎসকৰ পৰা টকাখিনি মূলৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে । TGCSB আৰক্ষীয়ে যেতিয়া ৬৩টা কিস্তিত ধন ট্ৰেন্সফাৰ কৰা একাউণ্টসমূহ পৰীক্ষা কৰে, তেতিয়া দেখা যায় যে সেইবোৰ সমগ্ৰ দেশতে অৱস্থিত ।

উল্লেখযোগ্য যে কৰিমনগৰ জিলাৰ বীনাবংকা বেংকত এটা একাউণ্ট আছে । আন একাউণ্ট বিশাখাপট্টনম, কদাপা, মুম্বাই, দিল্লী, থানে, চেন্নাই, লক্ষ্ণৌ, ঝান্সী, ইন্দোৰ, লুধিয়ানা আৰু হাৰিয়ানাৰ কিছু অংশত আছে ৷

লগতে পঢ়ক : বিপদজনক হ’ব পাৰে অনলাইনত চাকৰিৰ সন্ধান : ব্য়ক্তিগত তথ্য় হেকাৰৰ হাতত পৰা সম্ভাৱনা - CYBER CRIME ON JOB PORTAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.