ETV Bharat / bharat

ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

author img

By PTI

Published : Aug 7, 2024, 10:31 PM IST

Bangladeshis gather at border : ভাৰতত প্ৰৱেশ কৰিবলৈ শ শ বাংলাদেশী সমবেত হ’ল সীমান্তত ৷ সৃষ্টি হৈছে উত্তেজনাৰ ৷ বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ আশংকা ৷

Bangladeshis gather at border
ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ সতৰ্কতা (ETV Bharat)

নিউজ ডেস্ক, 7 আগষ্ট : হিংসাত্মক পৰিস্থিতিৰ মাজতে আশংকা কৰাৰ ধৰণেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে ৷ বুধবাৰে পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত শ শ বাংলাদেশী নাগৰিক সমবেত হোৱা দেখা গ’ল ৷ নিজ দেশত আক্ৰমণৰ সন্মুখীন হোৱা বুলি দাবী কৰি এইসকল লোকে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা বুলি সীমান্ত সুৰক্ষা বাহিনীয়ে জানিবলৈ দিছে ৷

ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ (ETV Bharat)

দৃশ্যটো দেখা গ’ল ঝাপোৰ্টালা সীমান্ত চকীৰ অন্তৰ্গত দক্ষিণ বেৰুবাৰী গাঁৱৰ ওচৰত ৷ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশী নাগৰিকসকলক পৰৱৰ্তী সময়ত বৰ্ডাৰ গাৰ্ড বাংলাদেশে (বি জি বি) ঘূৰাই লৈ যায় ৷ জানিব পৰা মতে সমবেত হোৱা লোকসকল বাংলাদেশৰ পঞ্চগড় জিলাৰ পাঁচখন গাঁৱৰ আছিল ৷ উক্ত গাঁওখন জলপাইগুৰিৰ সীমান্তৱৰ্তী ৷

বি এছ এফৰ এজন বিষয়াই কয়, ‘‘বাংলাদেশীসকল সীমান্তত একত্ৰিত হৈছিল ৷ কিন্তু সীমান্ত সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ ফলত কোনেও ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ত তেওঁলোকক বি জি বিয়ে ঘূৰাই লৈ যায় ৷’’ জলপাইগুৰিৰ এজন স্থানীয় লোকে কয় যে কাঁইটীয়া তাঁৰৰ ওপৰেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিছিল ৷ কিন্তু স্থানীয় লোকজনে ‘আমি অসহায়’ বুলি তেওঁলোকক জনায় ৷ জলপাইগুৰিৰ লোকজনে কয় যে বাংলাদেশীসকলে ভয়ংকৰ অভিজ্ঞতাৰ বৰ্ণনা দিছিল ৷

উল্লেখ্য যে চাকৰিৰ সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত সূচনা হোৱা হিংসাত্মক পৰিস্থিতি বৰ্তমানেও অব্যাহত আছে ৷ তাৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰিবলৈ বাধ্য হোৱাৰ পিচত এক অনিশ্চয়তাৰ মাজত আছে দেশখনৰ নাগৰিকসকল ৷ ইফালে এনে অনিশ্চয়তাৰ ফলত দেশখনৰ নাগৰিকে ভাৰতত প্ৰৱেশ কৰাৰ আশংকা অধিক হৈ পৰিছে ৷ এই আশংকাৰ পৰা স্বাভাৱিকতেই বাদ পৰা নাই অসম ৷

লগতে পঢ়ক : বৃহস্পতিবাৰে নিশা শপতগ্ৰহণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে

বাংলাদেশত আছে প্ৰায় ১৯ হাজাৰ ভাৰতীয় : আছে ৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.