নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ: ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল ৷ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে উঠি-পৰি লাগিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টি ভ্ৰমণ কৰি আছে । শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জৰমুণ্ডী বিধানসভাৰ সোণাৰায়থাদি ব্লকত উপস্থিত হৈ জৰমুণ্ডীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী হৰিনাৰায়ণ ৰায়ক সাক্ষাৎ কৰে ।
দেওঘৰত হৰিনাৰায়ণ ৰায়ৰ লগত প্ৰায় ডেৰ ঘণ্টা বৈঠকত মিলিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই নিৰ্বাচনত ঝাৰখণ্ডৰ ৰাইজে হেমন্ত চৰকাৰক উৎখাত কৰিব ৷ তেওঁ কয় যে হৰিনাৰায়ণ ৰায় বিজেপিৰ এজন শক্তিশালী নেতা আৰু বিগত লোকসভা নিৰ্বাচনত নিশিকান্ত ডুবেৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ লগতে এন আৰ চি আৰু প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো নিজৰ মতামত প্ৰকাশ কৰে ।
আন্তঃৰাষ্ট্ৰীয় সীমান্ত কিয় বন্ধ কৰা হোৱা নাই বুলি বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰা হৈছে । কিন্তু ভাৰতত প্ৰৱেশ কৰি জোঁৱাই হোৱা অনুপ্ৰৱেশকাৰীক আইনমতে খেদি মাৰি পঠিয়াব লগা হৈছে । তেওঁ লগতে কয়, ঝাৰখণ্ডতো এন আৰ চি কৰা হ’ব আৰু এন আৰ চিত নাম নাথাকিলে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব ।
তেওঁ লগতে কয়, যিদৰে প্ৰতিদিনে অসমৰ পৰা অনুপ্ৰৱেশকাৰী খেদি পঠিওৱা হৈছে, ঠিক তেনেদৰে ঝাৰখণ্ডৰ সন্থল পৰগনাৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ যদি ঝাৰখণ্ডত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়, তেন্তে আগন্তুক সময়ত এটা-এটাকৈ অনুপ্ৰৱেশকাৰীক খেদি পঠোৱা হ’ব ।
ঝাৰখণ্ডত অনুষ্ঠিত হোৱা চি জি এল আৰু অন্যান্য চৰকাৰী পৰীক্ষাত ৰিগিং সন্দৰ্ভত ড৹ শৰ্মাই কয়, ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলৰ লগত যিয়েই অন্যায় কৰে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ কয় যে, সাহিবগঞ্জত আয়োজন কৰা কাৰ্যসূচীত গৃহমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ জীৱনৰ সৈতে হেঁতালি খেলাসকলক আইন অনুসৰি তলমূৱাকৈ ওলোমাই দিয়া হ’ব বুলিও কৈছিল ।
তেওঁ লগতে কয়, জৰমুণ্ডী বিধানসভা সমষ্টিত বিজেপিয়ে অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈ আহিছে আৰু কংগ্ৰেছৰ বাদল পাত্ৰলেখ এই অঞ্চলৰ পৰা বিগত দুবাৰ বিধায়ক হৈছে ৷ হৰিনাৰায়ণ ৰায়ে সদায় এই অঞ্চলত আধিপত্য বিস্তাৰ কৰি আহিছে আৰু নিৰ্দলীয় বিধায়ক দুবাৰকৈ জয়ী হৈছে । এনে পৰিস্থিতিত এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আকৰ্ষণীয় হ’ব পাৰে । শুকুৰবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থানীয় সাংসদ নিশিকান্ত ডুবে আৰু হৰিনাৰায়ণ ৰায়ক সাক্ষাৎ কৰে । ইয়াৰ পিছত ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ চৰ্চা চলিছে ।
উচ্ছেদ অভিযানৰ ক্ষেত্রত বিৰোধীৰ বিৰোধিতা কিয় নামানে মুখ্যমন্ত্রীয়ে ? - Tribal Belt and Block Law