ETV Bharat / bharat

কৰ্তব্যৰত আৰক্ষীক হত্যা: হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ- ঝাৰখণ্ড চৰকাৰ তুষ্টিকৰণৰ ৰাজনীতিত নামিছে - Chauhan Hembram murder case

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 2:17 PM IST

Updated : Aug 17, 2024, 3:22 PM IST

Assam CM targeted Hemant govt : যোৱা ১১ আগষ্টত হাজৰিবাগ চিকিৎসা মহাবিদ্যালয়ত চৌহান হেমব্ৰম নামৰ এজন আৰক্ষীৰ হত্যাকাণ্ডৰ পিছতে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে । ডিচেম্বৰৰ ভিতৰত ঝাৰখণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । এনে পৰিস্থিতিত ৰাজনৈতিক দলসমূহ নিজৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে । আদিবাসীৰ স্বাৰ্থ আৰু মুছলমান তুষ্টিকৰণৰ ক্ষেত্ৰত আগবাঢ়িছে বিজেপি । প্ৰথমে বাংলাদেশৰ অনুপ্ৰৱেশৰ ইছ্যু আৰু এতিয়া কনিষ্টবলৰ হত্যাকাণ্ড সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰক আক্ৰমণ কৰিছে ।

Chauhan Hembram murder case
কৰ্তব্যৰত আৰক্ষীক হত্যা (Himanta Biswa Sarma's twitter)

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পিছত বিজেপিয়ে কনিষ্টবল চৌহান হেমব্ৰমৰ হত্যাকাণ্ডক মূল সমস্যা (ইছ্যু) কৰি তুলিব বিচাৰিছে । ১১ আগষ্টৰ নিশা আৰক্ষী জোৱানজনৰ হত্যা হৈছিল ৷ কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই হত্যাকাৰীক । হত্যাৰ অভিযোগত অভিযুক্ত শ্বাহিদ আনছাৰীয়ে ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল । এতিয়া বিজেপিয়ে হেমন্ত চৰকাৰে তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

Chauhan Hembram murder case
হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ- ঝাৰখণ্ড চৰকাৰ তুষ্টিকৰণৰ ৰাজনীতিত নামিছে (ETV Bharat)

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ঝাৰখণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে মৃতকৰ ঘৰত উপস্থিত হৈ তেওঁৰ মাতৃক সাক্ষাৎ কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অভিযোগ কৰে যে আজিলৈকে অভিযুক্ত ধৰা পৰা নাই আৰু চৰকাৰৰ কোনো লোকো ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা নাই ।

লগতে তেওঁ কয়, ‘‘তাত মোৰ অনুষ্ঠানটো প্ৰস্তুত কৰাৰ সময়ত আৰক্ষীয়ে পুৱা ৪.৩০ বজাত শিশুটিৰ সৈতে চৌহান হেমব্ৰমৰ সমগ্ৰ পৰিয়ালটোক তাৰ পৰা লৈ আহিছিল । চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁক হাজৰিবাগলৈ লৈ যোৱা হয় ।’’

বিগত কেইমাহমানৰ পৰা শাসকীয় দলটোৱে আদিবাসী সমাজক উপেক্ষা আৰু মুছলমান সমাজ তথা সম্প্ৰদায়ৰ পক্ষত থকাৰ অভিযোগ উত্থাপন কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ ।

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বাবুলাল মাৰাণ্ডী, নিশিকান্ত ডুবেকে ধৰি বহু বিজেপি নেতাই হেমন্ত চৰকাৰক বিমোৰত পেলাবলৈ অহৰহ চেষ্টা চলাই আছে ।

লগতে পঢ়ক : কৰ্তব্যৰত আৰক্ষীক হত্যা; ঝাৰখণ্ড চৰকাৰক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM slams Jharkhand govt

  • হিমন্তক গোপীনাথপুৰলৈ যোৱাত বাধা দিয়া হৈছিল

শেহতীয়াকৈ পাকুৰত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে এটা জনজাতীয় পৰিয়ালক আক্ৰমণ কৰাৰ পিছত ১ আগষ্টত হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে নিৰাপত্তাৰ দোহাই দি প্ৰশাসনে তেওঁক গোপীনাথপুৰলৈ যোৱাত বাধা আৰোপ কৰিছিল ।

অৱশ্যে গায়থানত ভুক্তভোগীক তেওঁ লগ পাইছিল । আদিবাসী হোষ্টেলত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আহত ছাত্ৰ-ছাত্ৰীকো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁ কয় যে ঝাৰখণ্ডত আদিবাসী আৰু হিন্দু সুৰক্ষিত নহয় ।

  • সন্থালৰ অৱস্থা বেয়া, বহু মানুহে এৰিছে নিজৰ ঘৰখন

১ আগষ্টত সন্থাল ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে সন্থালৰ অৱস্থা অতি বেয়া । নিজৰ ঘৰ এৰি আন ঠাইলৈ যাবলৈ বাধ্য হৈছে মানুহবোৰ । লগতে তেওঁ কৈছিল যে পাকুৰৰ তাৰানগৰ আৰু গোপীনাথপুৰৰ ৰাইজে নিজৰ গ্ৰামাঞ্চল এৰি চহৰ অঞ্চলত থাকিবলৈ বাধ্য হৈছে । হিমন্ত বিশ্ব শৰ্মাই পুনৰ মৃত কনিষ্টবলগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ গিৰিডিহত উপস্থিত হয়, তাতে তেওঁ প্ৰশাসনৰ ভূমিকাক লৈ বহু প্ৰশ্ন উত্থাপন কৰে ।

  • ১১ আগষ্টৰ নিশা চৌহান হেমব্ৰমক হত্যা কৰা হৈছিল

শ্বেখ ভিখাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কাৰাবন্দী শ্বাহিদ আনছাৰীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল চৌহান হেমব্ৰম । এই সময়তে বন্দীজনে হাবিলদাৰ হেমব্ৰমক লোহাৰ ৰডেৰে আঘাত কৰি হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে ।

উল্লেখ্য যে, চিকিৎসাৰ বাবে ধানবাদ জেলৰ পৰা হাজৰিবাগলৈ স্থানান্তৰ কৰা হৈছিল শ্বাহিদ আনছাৰীক । ১৪ দিন চিকিৎসালয়তে তেওঁ চিকিৎসাধীন হৈ আছিল । শ্বাহিদ আনছাৰীক এটা গোচৰত আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে আৰু দুটা গোচৰ চলি আছে, য’ত তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগো আছে ।

লগতে পঢ়ক : ভাৰত আৰু ইয়াৰ এছিয়ান চুবুৰীয়া দেশ: স্বাধীনতাৰ ৭৮ বছৰৰ পাছত আমি ক’ত থিয় হৈছো ? - GLOBAL POLITICS

Last Updated : Aug 17, 2024, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.