ETV Bharat / bharat

মৃত্যুদূতলৈ পৰ্যবসিত ভাৰতৰ ঘাইপথ - Accident in Indian roads

Accident in Indian roads: ভাৰতৰ পথবোৰত যান-বাহনৰ দুৰ্ঘটনাৰ বাবে প্ৰতি ৩ মিনিটত এগৰাকীকৈ লোকে প্ৰাণ হেৰুৱায় । এনে পৰিস্থিতিত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আৰু অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে । এই ক্ষেত্ৰত মাদুগুলা গোপাইয়াৰ এক বিশেষ প্ৰতিবেদন ।

Accident in Indian roads
মৃত্যুদূতলৈ পৰ্যবসিত ভাৰতৰ ঘাইপথ
author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 1:06 AM IST

নেশ্যনেল ডেস্ক,১৬ মাৰ্চ : সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ সুৰক্ষিত নহয় । প্ৰায়ে বিভিন্নজনৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থাকে ঘাইপথসমূহ । ভাৰতীয় পথবোৰত বাহন দুৰ্ঘটনাৰ বাবে প্ৰতি ৩ মিনিটত এগৰাকীকৈ লোকে শোকাৱহ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । চিট বেল্টৰ ব্যৱহাৰে এনে দুৰ্ভাগ্যজনক ঘটনাত যাত্ৰীসকলৰ মৃত্যুৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰে ।

দেশৰ মাত্ৰ ৫ শতাংশ পথ, এক্সপ্ৰেছৱে আৰু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত অসামঞ্জস্যপূৰ্ণ দুৰ্ঘটনা সংঘটিত হয় । কেন্দ্ৰীয় পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনত এই পথসমূহত ৫১,৮৮৮ গৰাকী লোকৰ মৃত্যু হৈছিল । দ্ৰুত গতি এই দুৰ্ঘটনাবোৰৰ এক প্ৰচলিত কাৰণ হিচাপে চিনাক্ত কৰা হৈছে ।

লক্ষণীয়ভাৱে, চিট বেল্ট পৰিধান নকৰাৰ ফলত ৮,৩৮৪ গৰাকী চালক আৰু ৮,৩৩১ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল । গৱেষণাৰ মতে সাৰ্বজনীনভাৱে চিট বেল্টৰ ব্যৱহাৰে দুৰ্ঘটনাত পতিত লোকসকলৰ এক তৃতীয়াংশ ৰক্ষা কৰিব পাৰে ।

পথ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিয়া সময়ত আমেৰিকা, চীন, ৰাছিয়া, নৰৱে, ডেনমাৰ্ক আৰু জাপানৰ দৰে দেশবোৰে যোৱা এক দশকত যান-বাহন দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰিছে । তদুপৰি, ৩০ খনতকৈও অধিক ৰাষ্ট্ৰই ৩০ শতাংশৰ পৰা ৫০ শতাংশলৈকে হ্ৰাস কৰিবলৈ সক্ষম হৈছে । এই সফলতাৰ কাৰণ হৈছে চিট বেল্ট প্ৰযুক্তি আৰু বাহন সুৰক্ষা সুবিধাৰ অগ্ৰগতি, লগতে পথ সুৰক্ষা নিয়মাৱলী কঠোৰভাৱে প্ৰৱৰ্তন কৰা ।

আমেৰিকাৰ ৰাষ্ট্ৰীয় ঘাইপথ যান-বাহন সুৰক্ষা প্ৰশাসনে জনাইছে যে ২০১৭ চনত, চিট বেল্ট আইনৰ কঠোৰ প্ৰৱৰ্তনৰ ফলত প্ৰায় ১৫,০০০ লোকৰ প্ৰাণ ৰক্ষা পৰে আৰু অনুপালনৰ হাৰ ৯০ শতাংশ অতিক্ৰম কৰে ।

ইয়াৰ বিপৰীতে, ভাৰতে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । য'ত বাছৰ সৈতে সংঘটিত দুৰ্ঘটনাত বছৰি ৯,০০০ ৰো অধিক লোকৰ মৃত্যু হয় । উদ্বেগজনকভাৱে, এই দুৰ্ঘটনাবোৰে প্ৰতি বছৰে প্ৰায় এক হাজাৰ শিশু আৰু প্ৰাপ্তবয়স্কলোকৰ প্ৰাণ কাঢ়ি লৈ যায় । ইয়াৰ তুলনাত, আন্তৰ্জাতিক পথ ফেডাৰেচনৰ মতে, আমেৰিকাত ২০২১ চনত মাত্ৰ ১৪ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু চীনত ২০২২ চনত একে ধৰণৰ ঘটনাত ২১৫ গৰাকী লোকৰ মৃত্যু হৈছিল । বিশ্বৰ মাত্ৰ ১ শতাংশ বাহন থকা স্বত্বেও ভাৰতত বিশ্বব্যাপী পথ দুৰ্ঘটনাৰ হাৰ ১১ শতাংশ ।

বিশিষ্ট উদ্যোগপতি চাইৰাছ মিস্ত্ৰীৰ সৈতে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত, পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে চিট বেল্ট নিয়ম প্ৰৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । ২০২২ চনৰ অক্টোবৰৰ পৰা নতুনকৈ নিৰ্মিত সকলো বাহন, ভান, বাছ আৰু ট্ৰাকত অডিঅ'-ভিডিঅ' সতৰ্কতা প্ৰণালী আৰু গতি সীমা সতৰ্কবাণীৰ সৈতে চিট বেল্ট অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰি, মন্ত্ৰালয়ে ১৯৮৯ চনৰ মটৰ পৰিবহণ আইনৰ ব্যৱস্থাবোৰ সংশোধন কৰিছে ।

ইয়াৰ উপৰিও, যান-বাহন আইন উলংঘন কাৰ্যকৰীভাৱে নিৰীক্ষণ আৰু দণ্ডিত কৰাৰ বাবে দেশজুৰি স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰ (এটিএছ) আৰম্ভ কৰা হ'ব । এই পদক্ষেপটো পৰৱৰ্তী ৬ বছৰত পথ দুৰ্ঘটনাত মৃত্যু আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা ৫০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্যৰে এক বহল ৰণনীতিৰ অংশ হিচাৰে 'শিক্ষা, প্ৰৱৰ্তন, জৰুৰীকালীন যত্ন আৰু অভিযান্ত্ৰিক বিস্তৃত সামগ্ৰিক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে ।

এই প্ৰচেষ্টা স্বত্ত্বেও ব্যৱহাৰিক ক্ষেত্ৰত ৰূপায়ণৰ যথেষ্ট অভাৱ আছে । ৪ বছৰ পূৰ্বতে পাঞ্জাব-হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনাত কৈছিল যে শিশুসকলৰ বাবে সকলো স্কুল বাছত চিট বেল্ট ব্যৱহাৰ কৰাটো প্ৰয়োজন । কিন্তু সেয়া এতিয়াও বলবৎ হোৱা নাই ।

একেদৰে, কেৰালা চৰকাৰে আৰটিচি বাছকে ধৰি সকলো গধুৰ বাহনত চিট বেল্টৰ বাবে শেহতীয়া আদেশটোৱে স্বেচ্ছামূলক অনুপালনৰ গুৰুত্ব কঢ়িয়াই আনিছে । এই সুৰক্ষা ব্যৱস্থাবোৰ পালন কৰাটো সকলো চালকৰ বাবে গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে আদৰ্শ আচৰণ বিধি; কি এই আচৰণ বিধি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.