ETV Bharat / bharat

NEET-UG পৰীক্ষা বিতৰ্ক: শিক্ষা মন্ত্ৰণালয়ৰ উচ্চস্তৰীয় সমিতিৰ প্ৰথম বৈঠক - NEET UG Exam Row

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 9:53 PM IST

NEET UG Exam Row : পেনেলৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব অভিভাৱক আৰু শিক্ষাৰ্থীৰ পৰা তেওঁলোকৰ উদ্বেগ আৰু পৰামৰ্শ সংগ্ৰহ কৰা । পেনেলে দুমাহৰ ভিতৰত শিক্ষা মন্ত্ৰণালয়ৰ ওচৰত পৰামৰ্শ দাখিল কৰিব ।

NEET UG Exam Row
NEET-UG প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদ (ETV Bharat)

নিউজ ডেস্ক, ২৫ জুন : NEET-UG পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম তথা অন্যান্য পৰীক্ষা বাতিলক লৈ চলি থকা প্ৰতিবাদৰ মাজতে সোমবাৰে শিক্ষা মন্ত্ৰণালয়ে গঠন কৰা বিশেষজ্ঞৰ উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । ভৱিষ্যতে এক উন্নত পৰীক্ষা ব্যৱস্থা বিকশিত কৰাৰ বিষয়ে আলোচনা কৰিবলৈ এই বৈঠক অনুষ্ঠিত হয় ।

উল্লেখ্য, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (এন টি এ) জৰিয়তে পৰীক্ষাৰ স্বচ্ছতা, মসৃণতা আৰু নিৰপেক্ষ পৰিচালনা নিশ্চিত কৰাৰ বাবে পৰামৰ্শ দিবলৈ শিক্ষা মন্ত্ৰণালয়ে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত এখন সাতজনীয়া উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰিছিল ।

মন্ত্ৰণালয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত সমিতিৰ এগৰাকী সদস্যই কয়, পেনেলৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব অভিভাৱক আৰু শিক্ষাৰ্থীৰ পৰা তেওঁলোকৰ উদ্বেগৰ বিষয়ে শুনা আৰু পৰামৰ্শ সংগ্ৰহ কৰা । পেনেলে দুমাহৰ ভিতৰত শিক্ষা মন্ত্ৰণালয়ৰ ওচৰত তেওঁলোকৰ পৰামৰ্শ দাখিল কৰিব ।

বিগত সপ্তাহত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছিল যে চৰকাৰে এন টি এত সংস্কাৰৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব আৰু সমিতিখনে শূন্য ত্ৰুটিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এন টি এ, ইয়াৰ গাঁথনি, কাৰ্যকৰিতা, পৰীক্ষা প্ৰক্ৰিয়া, স্বচ্ছতা আৰু ডাটা সুৰক্ষা প্ৰটোকল অধিক উন্নত কৰাৰ বাবে পৰামৰ্শ দিব বুলি আশা কৰা হ'ব ।

NEET-UG প্ৰশ্নকাকত ফাদিল আৰু কেইবাটাও কেন্দ্ৰত অনিয়মৰ অভিযোগত হোৱা প্ৰতিক্ৰিয়াৰ পিচত বিষয়টো কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ক (চি বি আই) হস্তান্তৰ কৰা হৈছে । চি বি আয়ে শিক্ষা মন্ত্ৰণালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ লিখিত অভিযোগৰ ভিত্তিত এটা অপৰাধমূলক গোচৰ ৰুজু কৰিছে ।

এজাহাৰখনত উত্থাপিত অভিযোগ অনুসৰি, NEET-UG ২০২৪ পৰীক্ষা ৫ মে'ত এন টি এৰ দ্বাৰা ৫৭১ খন চহৰৰ ৪,৭৫০ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছিল । ইয়াৰে ভিতৰত আছে বিদেশৰ ১৪ খন চহৰ। পৰীক্ষাত 23 লাখতকৈও অধিক প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত কেইখনমান ৰাজ্যত কিছুমান বিচ্ছিন্ন ঘটনা সংঘটিত হৈছিল ।

আনহাতে, চি বি আইৰ বিষয়াসকলৰ মতে, বিষয়টো শীৰ্ষ অগ্ৰাধিকাৰৰ ভিত্তিত তদন্ত কৰিবলৈ তদন্তকাৰী সংস্থাটোৱে বিশেষ দল গঠন কৰিছে আৰু দলবোৰে পাটনা আৰু গোধৰাত তদন্ত কৰি আছে, য'ত স্থানীয় আৰক্ষীৰ ওৰচত গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে প্ৰশ্নকাকত ফাদিল বিষয়ত জড়িত থকাৰ অভিযোগত বিভিন্ন ৰাজ্যৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক :NEET-UG পৰীক্ষাত অনিয়মৰ অভিযোগ: গোচৰ ৰুজু চি বি আইৰ - NEET UG exam

লগতে পঢ়ক :পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা, শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ - NEET PG examination

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.