ETV Bharat / bharat

গ্ৰীষ্মপ্ৰবাহৰ পিছত ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত: স্তব্ধ স্বাভাৱিক জনজীৱন - Heavy Rain In Delhi NCR

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 12:18 PM IST

Delhi Flood: উৎকট গৰমৰ পিচত এইবাৰ কৃত্ৰিম বানৰ সন্মুখীন ৰাজধানী দিল্লী ৷ ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত প্ৰাত্যাহিক জীৱনযাত্ৰা সূচাৰুৰূপে চলাই লৈ যোৱাত সমস্যাৰ সন্মুখীন নাগৰিকসকল ৷ সৰু-বৰ বহু বাহন আৱদ্ধ পানীৰ মাজত ৷ দেখা দিছে যান-জঁটৰ সমস্যাই ৷

Heavy Rain In Delhi NCR, Roads Flooded, Car Submerged, Traffic Crawls
মাত্ৰ এদিনৰ বৰষুণতেই ডুবিল ৰাজধানী দিল্লী (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 28 জুন: সলনি হৈছে ৰাজধানী দিল্লীৰ বতৰ । ধাৰাসাৰ বৰষুণ অহাৰ ফলত ৰাজধানীৰ বাসিন্দাসকলে গৰমৰ পৰা সামান্য সকাহ লাভ কৰিছে, যদিও এতিয়া দেখা দিছে আন এক নতুন সমস্যা ৷

বৃহস্পতিবাৰৰ সন্ধিয়াৰে পৰা ৰাজধানী দিল্লীৰ অধিকাংশ অঞ্চলত সামান্য বৰষুণ হোৱাৰ পিছত শুকুৰবাৰৰ পুৱাৰে পৰা ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰে জনজীৱন ৷ লগতে ঠায়ে ঠায়ে আৰম্ভ হৈছে পানী জমা হোৱাৰ সমস্যা ।

লগতে পঢ়ক: সুস্থিৰ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি - Assam Flood 2024

পুৱাৰ ভাগত অহা বৰষুণজাকৰ পিছত দিল্লীৰ পাৰাস্তম্ভৰ উষ্ণতা কিছু পৰিমাণে হ্ৰাস পোৱা দেখা গৈছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শুকুৰবাৰৰ দিনটোত দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা 35.4 ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ দুই ডিগ্ৰী চেলছিয়াছ কম । একে সময়তে সৰ্বনিম্ন তাপমাত্ৰা 28.6 ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়ক: এজাক বৰষুণৰ পিচতেই গুৱাহাটী মহানগৰীত কৃত্ৰিম বান - Artificial flood in Guwahati

29 জুনতো দিল্লী আৰু সমীপৱৰ্তী অন্যান্য বিভিন্ন স্থানত ঘণ্টাত 30-40 কিলোমিটাৰ বেগত বতাহৰ সৈতে ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ পৰৱৰ্তী কেইটামান দিনলৈ অব্যাহত থাকিব বৃষ্টিপাত ।

কেনে আছিল বায়ুৰ মানদণ্ড

বৰষুণৰ বাবে দিল্লীৰ বায়ুৰ মানদণ্ড উন্নত হৈছে । বৃহস্পতিবাৰে বায়ুৰ মানদণ্ড সূচাংক (AQI) আছিল 79, যিটো মধ্যমীয়া শ্ৰেণীত আছে । বেছিভাগ ক্ষেত্ৰতে AQI 100 ৰ ওপৰত পোৱা গৈছিল ৷ দিল্লীৰ বায়ু সম্প্ৰতি সন্তোষজনক শ্ৰেণীত আছে ।

বৃহস্পতিবাৰে দিল্লীৰ উষ্ণতা

  • সৰ্বোচ্চ – 35.4 ডিগ্ৰী চেলছিয়াছ
  • সৰ্বনিম্ন – 28.6 ডিগ্ৰী চেলছিয়াছ

শুকুৰবাৰে,

সৰ্বোচ্চ 36 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ’ব বুলি ধাৰণা কৰা হৈছে ৷

আনহাতে, নেৰানেপেৰা বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজস্থান ৷ বৰষুণৰ বাবেই আলৱাৰৰ থানাগাজী অঞ্চলৰ ডেৰা গাঁৱৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় গৃহটো যিকোনো সময়তে খহি পৰাৰ আশংকাত ভুগিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে শিক্ষাৰ্থীসকলো ৷ পানী জমা হোৱাৰ বাবে যিকোনো সময়তে অট্টালিকাটো ভাঙি পৰাৰ আশংকাত ভূগিছে সকলোৱে ৷

লগতে পঢ়ক: বৰ্ন্যাতৰ বিলৈ ! পানী-বোকাৰ তলত পাঠ্যপুথি - Assam flood 2024

ভাৰতীয় সেনাই ছিকিমত নিৰ্মাণ কৰিলে ৭০ ফুট দীঘল বেইলী দলং - Sikkim flood

বৃষ্টিপাতৰ ফলত খহিল ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চিলিং, এজনৰ মৃত্যু - Roof collapse in Delhi airport

জুনৰ তাপমাত্ৰাই ভংগ কৰিলে 14 বছৰৰ অভিলেখ - Heat wave in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.