ETV Bharat / bharat

কলকাতাকাণ্ডৰ তদন্তৰ পৰিৱৰ্তে কেৱল ইজনে আনজনক দোষাৰোপ কৰাত ব্যস্ত: নিৰ্ভয়াৰ মাতৃ - Kolkata Doctor Rape murder - KOLKATA DOCTOR RAPE MURDER

RG Kar Case : ‘‘চৰকাৰে কেৱল ইজনে সিজনৰ ওপৰত অভিযোগৰ আঙুলি টোঁৱাই আছে ৷ কলকাতাৰ ডাক্তৰক ধৰ্ষণ আৰু হত্যা গোচৰত কাম কৰাৰ পৰিৱৰ্তে সকলোৱে কেৱল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷’’ আৰ জি কৰ কাণ্ডৰ সন্দৰ্ভত নিৰ্ভয়াৰ মাতৃয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

RG Kar Case
কলিকতাকাণ্ডৰ তদন্তৰ পৰিৱৰ্তে কেৱল ইজনে আনজনক দোষাৰূপ কৰাত ব্যস্ত : নিৰ্ভয়াৰ মাতৃ (ETV Bharat)
author img

By ANI

Published : Aug 18, 2024, 10:08 AM IST

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে এই ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ চলি থকা ৰাজনৈতিক দোষাৰোপৰ খেলখনক সমালোচনা কৰি তেওঁ কয়, "চৰকাৰসমূহে গোচৰটো, মহিলাৰ সুৰক্ষা আৰু আইনৰ অভাৱসমূহ দূৰ কৰাৰ পৰিৱৰ্তে ইজনে সিজনৰ ওপৰত অভিযোগ উত্থাপন কৰি কেৱল প্ৰতিবাদ সাব্যস্ত কৰি আছে ।"

লগতে এক ভিডিঅ’ বাৰ্তাযোগে আশা দেৱীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি স্বাস্থ্য মন্ত্ৰণালয়, আৰক্ষী, আইনী ব্যৱস্থাৰ ওপৰত কৰ্তৃত্ব থকাৰ পিছতো কিয় প্ৰতিবাদ কৰিছে আৰু মৃত্যুদণ্ডৰ দাবী জনাইছে বুলি প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ তথ্য লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক - Kolkata Doctor Rape murder

"স্বাস্থ্য মন্ত্ৰণালয় আৰু আৰক্ষী মুখ্যমন্ত্ৰীৰ অধীনলৈ আহে । মই বুজি নাপাওঁ যে তেওঁ কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বা কাৰ পৰা মৃত্যুদণ্ডৰ দাবী জনাইছে । আইন তেওঁৰ (মমতা) হাতত আছে; চৰকাৰে অন্ততঃ গোচৰটো সঠিকভাৱে হোৱাটো নিশ্চিত কৰিব পাৰে । নিম্ন আদালতত উপস্থাপন কৰা হৈছে ।’’ দেৱীয়ে কয় ।

আশা দেৱীয়ে আৰু উল্লেখ কৰে যে যেতিয়াই এনে কাণ্ড সংঘটিত হয়, তেতিয়াই নিৰ্ভয়াৰ নামটো আহে ৷ কিন্তু প্ৰশ্ন হয়, "নিৰ্ভয়াকাণ্ডৰ পৰা আমি কি শিকিছো ? এই ব্যৱস্থাটোত কি পৰিৱৰ্তন কৰা হৈছে ? আমি এতিয়াও ২০১২ চনত আবদ্ধ হৈ আছো ।"

লগতে এই গোচৰৰ সৈতে জড়িত সকলোকে শাস্তি প্ৰদানৰ দাবী জনাই মহিলাৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ আৰু কেতবোৰ মন্তব্য কৰে ।

লগতে পঢ়ক : নাৰীৰ সুৰক্ষাৰ বাবে পশ্চিমবংগত মুকলি ‘ৰাত্ৰিৰেৰ সাথী’ - Kolkata Doctor Rape murder

"যদি এজনতকৈ অধিক ব্যক্তি জড়িত আছিল, তেন্তে সকলো অভিযুক্তক তৎক্ষণাত আটক কৰি পলম নকৰাকৈ শাস্তি দিব লাগে । ভুক্তভোগীক এজন ব্যক্তিয়ে আক্ৰমণ কৰিছিল নে দলবদ্ধ ধৰ্ষণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এজন চিকিৎসকে কৰ্তব্যত থকা সময়ত এনে এক জঘন্য অপৰাধ সংঘটিত হৈছিল । এখন চিকিৎসালয় যদি চিকিৎসালয়ৰ ভিতৰত চিকিৎসক নিৰাপদ নহয়, তেন্তে সাধাৰণ মহিলা আৰু ছোৱালীৰ সুৰক্ষাৰ কি আশা আছে ?" আশা দেৱীয়ে কয় ।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে দেশজুৰি সাধাৰণ ৰাইজৰ লগতে চিকিৎসাকৰ্মীসকলেও সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে পঢ়ক : কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যা: ৪২ গৰাকী চিকিৎসকৰ বদলিৰ নিৰ্দেশ বাতিল - RG Kar Medical College incident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.