ETV Bharat / bharat

850 কোটি টকা মূল্যৰ কেলিফৰ্ণিয়ামসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী - Radioactive metal Californium

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:50 PM IST

Californium seized: আৰক্ষীৰ তালাচীত জব্দ অতি মূল্যৱান তেজস্ক্ৰিয় পদাৰ্থ ৷ যাৰ 1 গ্ৰামৰ আনুমানিক মূল্য 17 কোটি টকা ৷ সাধাৰণ লোকে ক্ৰয়-বিক্ৰয় কৰিব নোৱৰা কেলিফৰ্ণিয়ামৰ সৰবৰাহ বিহাৰত ৷

BIHAR
Californium Seized (ETV Bharat)

নিউজ ডেস্ক, 9 আগষ্ট: বিহাৰৰ গোপালগঞ্জ জিলাৰ কুচায়কোট থানাৰ অধীনৰ বল্থৰী তালাচী চকীত শুকুৰবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলায় 50 গ্ৰাম ওজনৰ বহুমূলীয়া তেজস্ক্ৰিয় পদাৰ্থ কেলিফৰ্ণিয়াম জব্দ কৰে ৷ এই জব্দকৃত কেলিফৰ্ণিয়ামখিনি সৰবৰাহৰ অভিযোগত তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হয় ৷

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক স্বৰ্ণ প্ৰভাতে কয় যে আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা কেলিফৰ্ণিয়াম সৰবৰাহৰ তথ্য লাভ কৰিছিল ৷ প্ৰাপ্ত তথ্যৰ পম খেদি আৰক্ষীয়ে কুচায়কোট আৰক্ষীৰ সহযোগত অভিযানৰ বাবে এটা দল গঠন কৰে ৷ দলটোৱে তাৎক্ষণিকভাৱে অভিযান চলাই 50 গ্ৰাম কেলিফৰ্ণিয়াম জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷

কেলিফৰ্ণিয়াম অতি মূল্যৱান এক তেজস্ক্ৰিয় পদাৰ্থ ৷ ইয়াৰ 1 গ্ৰামৰ আনুমানিক মূল্য 17 কোটি টকা ৷ জব্দ কৰা 50 গ্ৰাম কেলিফৰ্ণিয়ামৰ মূল্য অতি কমেও 850 কোটি টকা হ’ব বুলি আৰক্ষীয়ে জনাইছে ৷ পাৰমাণৱিক ৰিয়েক্টৰৰ পৰা পাৰমাণৱিক শক্তি উৎপাদনৰ লগতে মস্তিষ্কৰ কৰ্কট ৰোগ নিৰাময়ৰ চিকিৎসাৰ ক্ষেত্ৰত কেলিফৰ্ণিয়াম ব্যৱহাৰ কৰা হয় বুলি আৰক্ষী অধীক্ষক স্বৰ্ণ প্ৰভাতে জানিবলৈ দিয়ে ৷

এই কেলিফৰ্ণিয়ামৰ পৰীক্ষণৰ বাবে ইতিমধ্য আৰক্ষীয়ে ডিপাৰ্টমেন্ট অৱ এট’মিক এনাৰ্জীৰ সৈতে যোগাযোগ কৰিছে ৷ ফৰেন্সিক বিশেষজ্ঞৰ দলে এই পদাৰ্থৰ পৰীক্ষণ কৰিব ৷ ধৃত সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধৃত অভিযুক্তসকলৰ ভিতৰত এজন উত্তৰ প্ৰদেশৰ কুশীনগৰৰ বাসিন্দা । আন দুজন গোপালগঞ্জৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁলোক হৈছে ছোটে লাল প্ৰসাদ, চন্দন গুপ্তা চন্দন ৰাম ৷

আৰক্ষী অধীক্ষকে জনোৱা মতে, চোৰাং ব্যৱসায়ীজনে কেইবামাহো ধৰি এই পদাৰ্থ বিক্ৰীৰ চেষ্টা চলাই আছিল । তেজস্ক্রিয় পদাৰ্থ চম্ভালিবলৈ আৰু অধিক তদন্তৰ বাবে এফ এছ এলৰ এটা বিশেষ দল আহ্বান কৰা হৈছে ৷ সৰবৰাহকাৰীয়ে কৈছিল যে উক্ত পদাৰ্থটোৰ টেষ্ট লেবৰ ৰিপ’ৰ্ট আছে । আই আই টি মাদ্ৰাজত এই পৰীক্ষা কৰা হৈছে । পণ্ডিচেৰীত নিউক্লিয়াৰ পাৱাৰ কোম্পানী আছে ৷

আৰক্ষীয়ে পণ্ডিচেৰী আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছে । আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে যেতিয়া আই আই টি মাদ্ৰাজৰ অধ্যাপক এছ মোহনক গ্ৰেপ্তাৰ হোৱা চোৰাংচোৱাৰ পৰা উদ্ধাৰ হোৱা প্ৰমাণ পত্ৰৰ কথা কোৱা হৈছিল তেতিয়া তেওঁ এই প্ৰমাণপত্ৰ ভুৱা বুলি কৈছিল । লগতে কোম্পানীটোৰ সৈতে যোগাযোগ কৰিবলৈও প্ৰচেষ্টা চলোৱা হৈছে ।

কেলিফৰ্ণিয়াম কি: কেলিফৰ্ণিয়াম হৈছে অতি ব্যয়বহুল তেজস্ক্ৰীয় পদাৰ্থ । ভাৰতত সাধাৰণ মানুহে ইয়াক কিনিব বা বিক্ৰী কৰিব নোৱাৰে । কেলিফৰ্ণিয়াম ধাতুৰ প্ৰতীক হৈছে Cf আৰু পাৰমাণৱিক সংখ্যা ৯৮ । ই স্বাভাৱিক নহয় যদিও আমেৰিকাৰ এটা লেবত সংশ্লেষণ কৰা হৈছিল । ট্ৰেন্স ইউৰেনিয়ামৰ অন্যতম মৌল কেলিফৰ্নিয়াম হৈছে ৰূপালী ধাতু ।

এই পদাৰ্থ প্ৰায় ৯০০ ডিগ্ৰী চেলছিয়াছত গলি যায় । ই বিশুদ্ধ ৰূপত ইমানেই কোমল যে ইয়াক সাধাৰণ ব্লেডেৰে সহজে কাটিব পাৰি । এই পদাৰ্থটো সেই ট্ৰেন্স ইউৰেনিয়াম ইমালচনবোৰৰ ভিতৰত এটা, যিবোৰ এনেদৰে তৈয়াৰী যে খালী চকুৰে দেখা পোৱা যায় ।

কেলিফৰ্ণিয়াম ক’ত ব্যৱহাৰ কৰা হয়: ঔদ্যোগিক ক্ষেত্ৰত কেলিফৰ্ণিয়াম ব্যৱহাৰ কৰা হয় । ইয়াৰ সহায়ত তেলৰ কূপত পানী আৰু তেলৰ তৰপ ধৰা পৰে । ইয়াৰ উপৰিও ইয়াক সোণ আৰু ৰূপ ধৰা পেলোৱা আৰু প’ৰ্টেবল মেটেল ডিটেক্টৰত ব্যৱহাৰ কৰা হয় । কেন্সাৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয় । চিকিৎসাৰ ক্ষেত্ৰত ইয়াক কেন্সাৰ ৰোগী আৰু এক্স-ৰে মেচিনত ব্যৱহাৰ কৰা হয় । কেলিফৰ্ণিয়াম Cf-252 ৰ এটা আইছ’ট’প অতি শক্তিশালী নিউট্ৰন উৎস । এই নিউট্ৰন পাৰমাণৱিক ৰিয়েক্টৰ আৰম্ভ কৰাত সহায়ক ।

মানুহৰ বাবে কিমান ক্ষতিকাৰক: নিউট্ৰনে মানুহৰ ৰক্তকণিকাৰ ক্ষতি কৰিব পাৰে । দীৰ্ঘম্যাদী ব্যৱহাৰৰ বাবে Cf-252 অতি শক্তিশালী উৎস । সেয়েহে ই তৎক্ষণাত ৰক্তকণিকাক হত্যা কৰিব পাৰে । ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । দীৰ্ঘদিন ধৰি ইয়াৰ সংস্পৰ্শলৈ আহিলে লিউকেমিয়া আৰু তেজৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে ।

লগতে পঢ়ক: অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত কোনে সৰবৰাহ কৰিলে ক’কেইন ? - Cocaine drugs smuggling

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.