ETV Bharat / bharat

প্ৰেম-প্ৰতাৰণা-প্ৰতিশোধ : চেষ্টা বিফল, প্ৰেমিক হ’লগৈ আনৰ স্বামী - Ballia Acid Attack

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 4:37 PM IST

প্ৰেমৰ বাবে মানুহে কি কৰিব নোৱাৰে ! তাতকৈ বেছি ভয়ংকৰ প্ৰেমত পোৱা প্ৰতাৰণা ৷ উত্তৰ প্ৰদেশৰ বালিয়া জিলাত সংঘটিত এনে এক ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ চিনেমাৰ দৰে লগা এই কাহিনী পঢ়ি আপুনিও পাব পাৰে আমোদ ৷

Ballia Acid Attack
প্ৰেম প্ৰতাৰণা প্ৰতিশোধ

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : এখন বিবাহস্থলী ৷ কিন্তু বিবাহস্থলীখনতে মুহূৰ্তৰ ভিতৰতে সংঘটিত হ’ল অবাঞ্চিত এক ঘটনা ৷ যি কাৰোৰে কাম্য নাছিল ৷ কোনেও ভবা নাছিল যে এনেকুৱাও হ’ব পাৰে ৷

ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ বালিয়া ৷ জিলাখনৰ বান্সডীহ থানাৰ অন্তৰ্গত ডুমৰীত ধুমধামেৰে অনুষ্ঠিত হৈ আছিল এজন যুৱকৰ বিবাহকাৰ্য ৷ পৰিয়ালৰ লোকৰ লগতে উপস্থিত অতিথিসকলে নাচি-বাগি সাজু হৈছিল বৰযাত্ৰীৰ সৈতে কইনাঘৰলৈ যাবলৈ ৷

কিন্তু তেনে সময়তে এগৰাকী যুৱতীয়ে সংঘটিত কৰিলে কোনেও নভবা ঘটনাটো ৷ ততালিকে বিবাহস্থলীত লাগিল হুলস্থূল ৷ দৰা বাগৰি মাটিত পৰিল ৷ উপস্থিত অতিথিসকলে যুৱতীগৰাকীক ধৰি বান্ধি মাৰপিট কৰি গতাই দিয়ে আৰক্ষীক ৷

আপোনালোকে চাগৈ বহু সময়ত শুনিছে যুৱতীৰ ওপৰত এচিড আক্ৰমণৰ ঘটনা ৷ কোনো যুৱতীয়ে প্ৰেমিকৰ সৈতে বিবাহত বহিবলৈ অস্বীকাৰ কৰাই হওঁক নাইবা আন কোনো কাৰণতে হওঁক, বহু যুৱকে যুৱতীৰ ওপৰত এচিড ঢালি প্ৰতিশোধ লয় ৷ এইবাৰ পিছে দৃশ্য ব্যতিক্ৰম ৷ এগৰাকী যুৱতীয়ে খবৰ লাভ কৰিলে প্ৰেমিকৰ বিয়াৰ ৷ আন যুৱতীৰে সৈতে ঘৰ পাতিব তেওঁৰ প্ৰেমিকে ৷ শুনিলে কাৰনো হিয়া নাভাগিব ?

এই বিয়া হ’ব দিব নোৱাৰি ৷ তাকে ভাবি প্ৰেমত প্ৰতাৰিত যুৱতীগৰাকীয়ে সিদ্ধান্ত ল’লে প্ৰতিশোধ লোৱাৰ ৷ উচিত শিক্ষা দিবলৈ তেওঁ বিবাহস্থলীত উপস্থিত হৈ দৰাৰ মুখত ঢালিলে এচিড ৷ ওৰণি লৈ বিবাহস্থলীত উপস্থিত হোৱা যুৱতীগৰাকীক কোনোৱে সহজে চিনিবই নোৱাৰিলে ৷ প্ৰেমিকাৰ আক্ৰমণত দৰাৰূপী প্ৰেমিক মাটিত বাগৰি পৰে ৷

পৰৱৰ্তী সময়ত তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ চিকিৎসালয়ত প্ৰাথমিক পৰীক্ষা-নিৰীক্ষাৰ অন্তত দৰাক যাবলৈ দিয়া হয় ঘৰলৈ ৷ ঘৰলৈ আহি দৰাৰূপী যুৱকজনে কইনাৰ ঘৰলৈ গৈ বিবাহকাৰ্য সম্পন্ন কৰে ৷ সম্প্ৰতি এই ঘটনাই বালিয়াত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমানে আমোদৰো সৃষ্টি কৰিছে ৷

আনহাতে, প্ৰেমিকৰ ওপৰত প্ৰতিশোধ ল’বলৈ অহা যুৱতীগৰাকীয়ে ওৰেটো নিশা বহি পাৰ কৰে স্থানীয় আৰক্ষী থানাত ৷ এচিড আক্ৰমণৰ ভূক্তভোগী যুৱকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে যুৱতীগৰাকীক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, উক্ত দুই প্ৰেমিক-প্ৰেমিকাই দীৰ্ঘদিনৰে পৰা এক সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷ কিন্তু দুয়োপক্ষৰ পৰিয়ালে তেওঁলোকৰ এই সম্পৰ্কক বিবাহৰ জৰিয়তে সামাজিক স্বীকৃতি দিবলৈ মান্তি হোৱা নাছিল ৷ যাৰ বাবে গাঁওসভাও বহিছিল ৷ এই গাঁওসভাত লোৱা সিদ্ধান্ত অনুসৰি, যুৱকজনে চহৰৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিল ৷

ইয়াৰে কিছুমাহ পিচত যুৱকৰ পৰিয়ালে তেওঁৰ বিবাহৰ বাবে পাত্ৰী চাই দিয়ে ৷ পৰিয়ালে লোৱা সিদ্ধান্ত অনুসৰি যুৱকজনে নিজৰ বিবাহৰ বাবে ঘৰলৈ আহে ৷ এই খবৰ লাভ কৰা মাত্ৰকে প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত যুৱতীগৰাকীয়ে বিবাহস্থলীত উপস্থিত হৈ প্ৰেমিকৰ মুখত এচিড নিক্ষেপ কৰে ৷ এই ঘটনাই বিবাহস্থলীৰ লগতে সমগ্ৰ অঞ্চলত হুলস্থূল সৃষ্টি কৰে ৷

লগতে চাওক: পত্নীক হত্যা কৰি সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি অভিযুক্ত ঘাতকৰ - Extra Marital Affairs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.