ETV Bharat / bharat

অভিলেখ মূল্যত নিলাম গণেশ পূজাৰ লাডু; ক'ত আৰু কিমান মূল্যত নিলাম হ'ল এই লাডু ? - Ganesha Laddu Auction

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 5:23 PM IST

Ganesha Laddu Record Auction: হায়দৰাবাদত অভিলেখ মূল্যত বিক্ৰী গণেশ পূজাৰ লাডু । এখন গণেশ পূজাৰ লাডু কোটি টকাত বিক্ৰী হোৱাৰ বিপৰীতে আন এখন গণেশ পূজাৰ লাডুৰ নিলামে অভিলেখ গঢ়ে । কিমান টকাত আৰু ক'ত এই লাডুৰ নিলামে অভিলেখ গঢ়িলে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Ganesha Laddu Record Auction
অভিলেখ মূল্যত নিলাম গণেশ পূজাৰ লাডু (ETV Bharat)

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : কিছুদিন পূৰ্বে দেশজুৰি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় গণেশ চতুৰ্থী । দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই গণেশ পূজা । হায়দৰাবাদতো অতি জাকজমকতা তথা ভক্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় গণেশ পূজা । হায়দৰাবাদৰ দুখন গণেশ পূজাই এইবাৰ গণেশ পূজাৰ প্ৰসাদ এই লাডু বিক্ৰীত অভিলেখ গঢ়িছে ।

কোটি টকাত নিলাম গণেশ পূজাৰ লাডু

হায়দৰাবাদৰ গাণ্ডিপেট মণ্ডলৰ বান্দলাগুড়াজাগিৰৰ কীৰ্তি ৰিচমণ্ড বিলাসত এটা গণেশ পূজাৰ লাডু ১.৮৭ কোটি টকাত নিলাম কৰা হৈছে । ২০২৩ চনৰ মূল্যতকৈ ৬১ লাখ টকা অধিক মূল্যত এই লাডুটো নিলাম হয় । যোৱা বছৰ এই লাডুটো 1.26 কোটি টকাত নিলাম কৰা হৈছিল । গণেশ চতুৰ্থী উৎসৱৰ অংশ হিচাপে অনুষ্ঠিত এই নিলামে ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ এক মিশ্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

গণেশ লাডুৰ নিলামত অভিলেখ

আনহাতে, খেইৰতাবাদৰ বড়া গণেশ মূৰ্তিৰ পিচত আটাইতকৈ আকৰ্ষণীয় পূজা হৈছে বালাপুৰ গণেশ পূজা । এই পূজাৰ আকৰ্ষণীয় ব্যৱস্থাৰ বাবে 10 দিনীয়া উৎসৱৰ সময়ছোৱাত জনসমাগমৰ বাবে বিখ্যাত । এই পূজাৰ এক বিশেষ আকৰ্ষণ হৈছে লাডু নিলাম । এই নিলাম প্ৰক্ৰিয়াই বিভিন্ন প্ৰান্তৰ ৰাইজক আকৰ্ষিত কৰে ।

এই বছৰ স্থানীয় বিজেপি নেতা তথা গণেশ ভক্ত কোলানা শংকৰ ৰেড্ডীয়ে 30.1 লাখ টকাত গণেশ পূজাৰ প্ৰসাদৰ লাডুটো ক্ৰয় কৰে । ইয়াৰ লগে লগে মঙলবাৰে এই নিলামত বালাপুৰ গণেশ লাডুৱে অভিলেখ মূল্য লাভ কৰে । 2023 চনত এই লাডু 27 লাখ টকাত নিলাম কৰা হৈছিল । দশৰী দয়ানন্দ ৰেড্ডী নামৰ ব্যক্তিগৰাকীয়ে লাডুটো ক্ৰয় কৰিছিল ।

কেতিয়াৰ পৰা আৰম্ভ হৈছিল নিলাম

এই নিলাম প্ৰক্ৰিয়া 1994 চনৰ পৰা হয় । প্ৰথম নিলামত লাডুটো 450 টকাত বিক্ৰী কৰা হয় । লাহে লাহে সময়ৰ সৈতে ইয়াৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় আৰু এই বছৰ ইয়াৰ মূল্য 30 লাখ টকাত উপনীত হয় । এই বাৰ্ষিক নিলাম গণেশ মূৰ্তি বিসৰ্জনৰ অন্তিমদিনা অনুষ্ঠিত হয় ।

প্ৰথম নিলামত কোনে ক্ৰয় কৰিছিল

১৯৯৪ চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা নিলামত কোলান মোহন ৰেড্ডী নামৰ এজন স্থানীয় কৃষকে লাডুটো ৪৫০ টকাত ক্ৰয় কৰিছিল । তেতিয়াৰে পৰা কোলান পৰিয়ালে প্ৰায়ে নিলামত অংশগ্ৰহণ কৰি আহিছে । আনহাতে, এই অনুষ্ঠানৰ পৰা সংগ্ৰহ কৰা পুঁজি স্থানীয় এলেকাবোৰত আৰ্থ-সামাজিক প্ৰকল্পত ব্যৱহাৰ কৰা হয় ।

নিলামৰ প্ৰতিযোগিতা বৃদ্ধিৰ বাবে বালাপুৰ গণেশ উৎসৱ সমিতিয়ে যোৱা বছৰ অতিৰিক্ত নিয়মাৱলী কাৰ্যকৰী কৰিছিল । স্থানীয় লোকসকলে বৰ্তমান নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হ'লে পূৰ্বৰ বছৰৰ বিজয়ীয়ে যি পৰিমাণৰ ধনৰ বিনিময়ত লাডুটো ক্ৰয় কৰে, সেই পৰিমাণ জমা দিব লাগে ।

30 বছৰ পূৰ্বে এই নিলাম প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ইয়াৰ উৎসাহ আৰু আগ্ৰহ অটুট আছে ।

হায়দৰাবাদত গণেশ বিসৰ্জন

উল্লেখ্য যে আৰক্ষীৰ কঠোৰ নিৰাপত্তা আৰু নাগৰিক কৰ্তৃপক্ষৰ ব্যৱস্থাৰ মাজত মঙলবাৰে চহৰখনত গণেশ মূৰ্তি বিসৰ্জন আৰম্ভ হয় । আনহাতে, ১০ দিন ধৰি চলি থকা গণেশ উৎসৱ সূচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ২৫,০০০ তকৈও অধিক আৰক্ষী মোতায়েন কৰা হৈছে ।

বালাপুৰ লাডু নিলামৰ বিজয়ীসকলৰ তালিকা

  • ১৯৯৪ - কোলানা মোহন ৰেড্ডী ৪৫০ টকা
  • ১৯৯৫ - কোলানা মোহন ৰেড্ডী ৪,৫০০ টকা
  • ১৯৯৬ - কোলানা কৃষ্ণ ৰেড্ডী ১৮,০০০ টকা
  • ১৯৯৭ - কোলানা কৃষ্ণ ৰেড্ডী ২৮,০০০ টকা
  • ১৯৯৮ - কোলানা মোহন ৰেড্ডী ৫১,০০০ টকা
  • ১৯৯৯ - কাললেম আনজী ৰেড্ডী ৬৫,০০০ টকা
  • ২০০০ - কাললেম প্ৰতাপ ৰেড্ডী ৬৬,০০০ টকা
  • ২০০১ - জি ৰঘুনন্দন চাড়ি ৮৫,০০০ টকা
  • ২০০২ - কান্দাদা মাধৱ ৰেড্ডী, ১,০৫,০০০ টকা
  • ২০০৩ - চিগিৰিন্থা বালা ৰেড্ডী ১,৫৫,০০০ টকা
  • ২০০৪ - কোলানা মোহন ৰেড্ডী ২,০১,০০০ টকা
  • ২০০৫ - ইব্ৰাম শেখৰ ২,০৮,০০০ টকা
  • ২০০৬ - চিগিৰিন্থা তিৰুপতি ৰেড্ডী ৩,০০,০০০ টকা
  • ২০০৭ - জি ৰঘুনন্দন চাড়ি ৪,১৫,০০০ টকা
  • ২০০৮ - কোলানা মোহন ৰেড্ডী ৫,০৭,০০০ টকা
  • ২০০৯ - সৰিতা ৫,১০,০০০ টকা
  • 2010 - কোডালি শ্ৰীধৰ বাবু 5,35,000 টকা
  • 2011 - কোলানা ব্ৰাদাৰ্ছ 5,45,000 টকা
  • 2012 - পান্নালা গোবৰ্ধন ৰেড্ডী 7,50,000 টকা
  • 2013 - থিগালা কৃষ্ণ ৰেড্ডী 9,26,000 টকা
  • 2014 - চিংগিৰেড্ডী জয়হিন্দ ৰেড্ডী 9,50,000 টকা
  • 2015 - কাললেম মদন মোহন ৰেড্ডী 10,32,000 টকা
  • 2016 - কান্দাদি স্কাইলেব ৰেড্ডী 14,65,000 টকা
  • 2017 - নাগাম তিৰুপতি ৰেড্ডী 15,60,000 টকা
  • 2018 - তেৰেটিপাল্লি শ্ৰীনিবাস গুপ্তা 16,60,000 টকা
  • 2019 - কোলানা ৰাম ৰেড্ডী 17,60,000 টকা
  • ২০২০ - কৰোনাৰ কাৰণে নিলাম অনুষ্ঠিত হোৱা নাই । ইয়াক তদানীন্তন মুখ্যমন্ত্ৰী কে চি আৰক হস্তান্তৰ কৰা হৈছিল
  • 2021 - ৰমেশ যাদৱ, মাৰি শশাংক ৰেড্ডী 18,90,000 টকা
  • 2022 - ভাঙ্গেটি লক্ষ্মা ৰেড্ডী 24,60,000 টকা
  • 2023 - দাসৰী দয়ানন্দ ৰেড্ডী 27,00,000 টকা আৰু
  • ২০২৪ - কোলানা শংকৰ ৰেড্ডী ৩০.১ লাখ টকা
লগতে পঢ়ক :Ganesh Chaturthi 2023: পুৰীৰ সাগৰৰ তীৰত বালি ষ্টীলৰ বাচনেৰে নিৰ্মাণ ভগৱান গণেশৰ প্ৰতিমূৰ্তি
লগতে পঢ়ক :বাণাসুৰে পূজা কৰা ঐতিহাসিক গণেশ মন্দিৰটো ক'ত আছে আপুনি জানেনে ? - Ganesh Chaturthi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.