ETV Bharat / bharat

নিজৰ পছন্দৰ চাকৰিটো পাবলৈ অনুসৰণ কৰক কিছু বিশেষ টিপছ্ - A Job Of Your Choice - A JOB OF YOUR CHOICE

Job of your choice: জীৱনত আগবাঢ়ি যাবলৈ বহু ধৰণৰ প্ৰচেষ্টা আৰু অভিজ্ঞতাৰ প্ৰয়োজন ৷ আপোনাৰ এটা সৰু ভুলে কেৰিয়াৰত বাধা দিয়াৰ লগতে গোটেই জীৱনেই ধ্বংস কৰিব পাৰে । এই ভুলবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক ।

JOB OF YOUR CHOICE
নিজৰ পছন্দৰ চাকৰিটো পাবলৈ অনুসৰণ কৰক কিছু বিশেষ টিপছ্ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 8:08 PM IST

নিউজ ডেস্ক, 7 জুন : বৰ্তমানৰ এই প্ৰতিযোগিতামূলক জগতখনত সকলো অৰ্হতা থাকিলেও নিজৰ পছন্দৰ চাকৰিটো পোৱাটো ইমান সহজ নহয় । কিছুমানে হয়তো কেম্পাছ সাক্ষাৎকাৰতে চাকৰিটো পায় । কিন্তু বহুতে বহু চেষ্টা কৰিও এটা চাকৰিৰ বাবে ধৈৰ্য ধৰিবলগীয়া হয় ।

আনকি বহুতে চাকৰি বিচাৰি বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হয় । আনহাতে, কিছুমান মানুহে সকলো অৰ্হতা আৰু দক্ষতা থকাৰ পাচতো অজানিতে কিছু ভুল কৰে । এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বিশেষজ্ঞসকলে কিছু বিশেষ টিপছৰ বিষয়ে উল্লেখ কৰিছে ৷ যদি এই টিপছ্বোৰ গ্ৰহণ কৰে, তেন্তে চাকৰি বিচাৰি ফুৰা প্ৰাৰ্থীৰ বাবে চাকৰি পোৱাটো কঠিন নহয় ।

তলত এই টিপছ্বোৰৰ বিষয়ে উল্লেখ কৰা হ’ল -

  • ৰিজিউম (Resume) আপডেট হ’ব লাগিব -

যিকোনো সাক্ষাৎকাৰৰ বাবেই প্ৰথমে আপোনাৰ ৰিজিউম পঠাওক ৷ চাকৰিৰ প্ৰফাইলৰ সৈতে মিল থকাকৈ কিছু তথ্য সংযোগ আৰু সলনি কৰক ৷ আপোনাৰ ৰিজিউমখনত কামৰ বাবে আটাইতকৈ প্ৰাসংগিক বস্তুবোৰ হাইলাইট কৰক, অতিৰিক্ত কীৱৰ্ড যোগ কৰক, ফিট নোহোৱা বস্তু বা কম গুৰুত্বপূৰ্ণ অংশ আদি পৰিৱৰ্তন কৰক ৷

কিন্তু বহুতে মাত্ৰ এখনেই ৰিজিউম ৰাখি সকলোতে পঠিয়াই দিয়ে । ছমাহ বা এবছৰৰ কোনো আপডেট নকৰাকৈ কেৱল ফৰৱাৰ্ড কৰে । পাহৰি নাযাব যে আপডেট হৈ থকা ৰিজিউম হৈছে এনে এক আহিলা, যিয়ে এটা ভাল কাম পোৱাত সহায় কৰে ।

  • কেৰিয়াৰ পেজ চাবস্ক্ৰাইব কৰক

চফটৱেৰ কোম্পানী আৰু অন্যান্য সংস্থাৰ কেৰিয়াৰ পেজত চাবস্ক্ৰাইব কৰাৰ অভ্যাস গঢ়ি তোলক । আপুনি যদি কোনো কোম্পানীৰ বিষয়ে আগ্ৰহী , তেন্তে অনলাইনৰ জৰিয়তে কোম্পানীটোৰ বিষয়ে সন্ধান কৰি থাকিব, সময়ে সময়ে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটসমূহ পৰীক্ষা কৰক আৰু সকলোতে কেৰিয়াৰৰ পৃষ্ঠাসমূহ অনুসৰণ কৰক ।

এনে কৰিলে সেই কোম্পানীবোৰৰ যিকোনো খালী পদ তৎক্ষণাৎ আপোনাৰ ইনবক্সত আহিব । আপোনাৰ প্ৰফাইলৰ সৈতে মিল থকা কামৰ বাবে তৎক্ষণাৎ আবেদন কৰিলে বহু সমস্যাৰ পৰাই হাত সাৰিব পৰিব ।

  • প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা

বিভিন্ন নাম জনা কোম্পানীয়ে আয়োজন কৰা নিযুক্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক । এই কাম কৰিলে উন্নত সুযোগ পোৱাৰ সম্ভাৱনা থাকে । হেকাৰআৰ্থ (HackerEarth) আৰু ডি টু চিৰ (D2C) দৰে কোম্পানীয়ে প্ৰায়ে এনে অনুষ্ঠানৰ আয়োজন কৰে । হেকাথন (Hackathon), হ্ৰস্বম্যাদী ক’ডিং ইভেণ্ট আদিত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰক । ইয়াৰ ফলত অনুষ্ঠানটো আয়োজন কৰা কোম্পানীসমূহৰ পৰা পোনপটীয়াকৈ সাক্ষাৎকাৰৰ বাবে সুযোগ লাভ কৰিব ।

বিশেষ অনুষ্ঠানত উপস্থিত থাকক-

আজি চাকৰিৰ ক্ষেত্ৰখনত এজনে আনজনৰ লগত যোগাযোগ ৰখাটো কিমান গুৰুত্বপূৰ্ণ সেয়া আমি সকলোৱে জানো । সেয়ে বিশেষ কিছু অনুষ্ঠানত অংশগ্ৰহণ কৰিলে যোগাযোগৰ মাত্ৰা বৃদ্ধি পায় আৰু আনৰ সৈতে প্ৰতিযোগিতা কৰি আপুনি নিজৰ লেভেল দেখুৱাব পাৰে ৷ ইয়াৰ উপৰিও নিজকে কেনেকৈ উন্নত কৰিব পাৰে আৰু কি কি দক্ষতা আহৰণ কৰিব লাগিব, য়েই বিষয়েও জ্ঞাত হয় ৷

প্ৰত্যাখ্যান চম্ভালিব পৰা ক্ষমতা ৰাখক-

নিজৰ মাজত প্ৰত্যাখ্যান সহ্য কৰাৰ ক্ষমতা আৰু মানসিক স্থিৰতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয় । বহু কোম্পানীত আবেদন কৰিলেও হয়তো প্ৰকৃত উত্তৰ নাপাব পাৰে । যদি আপুনি বিফল হয়, তেন্তে ভাগি নপৰিব ৷ সময়ে সময়ে ন ন কৌশল আৰু ন প্ৰচেষ্টা লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক ৷ তেতিয়াহে আশাব্যঞ্জক ফলাফল লাভ কৰিব ৷

লগতে পঢ়ক : কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ? তেন্তে কৰক এই উপায়!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.