ETV Bharat / bharat

তাজ এক্সপ্ৰেছৰ তিনিটা দবাত লাগিল জুই - Fire in Taj Express

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 6:47 PM IST

Taj Express: দিল্লী-ঝান্সীৰ মাজত চলি থকা তাজ এক্সপ্ৰেছৰ তিনিটা দবাত অগ্নিকাণ্ড। সৌভাগ্যৰ কথা যে এই দুৰ্ঘটনাত কোনো যাত্ৰী আহত হোৱাৰ খবৰ পোৱা নাই। সকলো যাত্ৰী সুৰক্ষিত।

FIRE IN TAJ EXPRESS
Fire in Taj Express (ETV Bharat)

নিউজ ডেস্ক, 3 জুন: সোমবাৰে সন্ধিয়া দিল্লী আৰু ঝান্সীৰ মাজত চলাচল কৰা তাজ এক্সপ্ৰেছৰ দবাত অগ্নিকাণ্ড সংঘটিত হয় । দিল্লীৰ সৰিতা বিহাৰত সংঘটিত হৈছে এই ঘটনা । দবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । যাত্ৰীসকলে বয়-বস্তু লৈ ৰেলৰ পৰা নামি নিৰাপদ স্থানলৈ ঢাপলি মেলে । আতংকিত হৈ আন দবাবোৰৰ যাত্ৰীও ওলাই আহে । তথ্য লাভ কৰাৰ লগে লগে ডি আৰ এম আৰু অন্যান্য বিষয়াসকল সেই স্থানত উপস্থিত হয় । ৰেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে এই পথেৰে চলাচল কৰা আন ৰেলসমূহৰ যাত্ৰাও প্ৰভাৱিত হয় ।

উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া দীপক কুমাৰে কয় যে নতুন দিল্লীৰ পৰা বীৰাংগনা লক্ষ্মীবাই ঝান্সীৰ মাজত চলাচল কৰা তাজ এক্সপ্ৰেছৰ শ্লীপাৰ দবাত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয় । দুৰ্ঘটনাটোত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই । অগ্নিকাণ্ড সংঘটিত হোৱাৰ আগতেই ৰেলৰ পৰা নামি আহিছিল যাত্ৰীসকল । শ্লীপাৰ দবাত প্ৰথমে জুই লগাৰ পিচত দবাটো জ্বলি যায় । ইয়াৰ পিচত দুয়োফাল দুটা দবাতো জুই লাগে ।

লগতে পঢ়ক: চণ্ডিগড়ত ৰে'লৰ সংঘৰ্ষ, কাৰ ভুলৰ বাবে সংঘটিত হ'ল দুৰ্ঘটনা ? - Punjab train accident

তেওঁ কয় যে জুইৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই । বৰ্তমান জুই নিয়ন্ত্ৰণ কৰা হৈছে । এই অগ্নিকাণ্ডত ধ্বংস হৈছে D3, D4, D2 নম্বৰৰ দবাকেইটা । ইফালে ৰে’লৱেৰ ডিচিপিয়ে জনোৱা মতে, সেই স্থানলৈ ৬খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ কৰা হৈছে । তথ্য অনুসৰি কোনো ব্যক্তি আঘাতপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হোৱা নাই ।

তেওঁ জনোৱা মতে, বিয়লি ৪.৪১ বজাত ৰে’লখনত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে পিচিআৰে । তাজ এক্সপ্ৰেছৰ তিনিটা দবাত জুই লগাৰ খবৰ পোৱাত ৰেলখন ৰখাই দিয়া হয় । যাত্ৰীসকল অন্য দবালৈ গৈ ৰে’লৰ পৰা নামি অহাৰ বাবে কোনো লোক হতাহত হোৱা নাই ।

লগতে পঢ়ক: কৃত্ৰিম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে বন্ধ মেট্ৰ’ সেৱা - Heavy Rain AND Thunderstorm

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.