ETV Bharat / bharat

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা : হতাহত হোৱা নাই কোনো লোক - Uttarakhand Helicopter crash

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 12:07 PM IST

Uttarakhand Helicopter crash: কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা । বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে গৌচৰ বিমানঘাটিলৈ লৈ গৈ থকা অৱস্থাতে তলত সৰি পৰে ক্ৰিষ্টেল হেলিকপ্টাৰ । হেলিকপ্টাৰখনত নাছিল কোনো যাত্ৰী ।

Uttarakhand Helicopter crash
উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা (ETV Bharat)

নেশ্যনেল ডেস্ক, ৩১ আগষ্ট : উত্তৰাখণ্ডৰ কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা । কেদাৰনাথ পাহাৰত বাগৰি পৰিল এখন ক্ৰিষ্টেল হেলিকপ্টাৰ । হেলিকপ্টাৰখন পৰি যোৱাৰ লগে লগে তীব্ৰ হুলস্থূলীয়া পৰিৱেশ অঞ্চলটোত । দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হেলিকপ্টাৰখনৰ সকলো অংশ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ।

  • এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে পৰিবহণ

জানিব পৰা মতে, ক্ৰিষ্টেল হেলিকপ্টাৰখন মেৰামতিৰ বাবে বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে গৌচৰ বিমানঘাটিলৈ লৈ যোৱা হৈছিল । সেই সময়তে এমআই ১৭ হেলিকপ্টাৰে ভাৰসাম্য হেৰুৱায় । ফলত হেলিকপ্টাৰখনে ওলমাই লৈ গৈ থকা আনখন ক্ৰিষ্টেল হেলিকপ্টাৰ তলত সৰি পৰে ।

জিলা পৰ্যটন বিষয়া ৰাহুল চৌবেয়ে কোৱা মতে, শনিবাৰে মেৰামতিৰ বাবে হেলিকপ্টাৰখন গৌচৰ বিমানঘাটিলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল । সেই অনুসৰি পুৱা প্ৰায় ৭ মান বজাত, ক্ৰিষ্টেল এভিয়েচনৰ হেলিকপ্টাৰখন বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে গৌচৰলৈ লৈ যোৱা হৈছিল ।

  • নিয়ন্ত্ৰণ হেৰুওৱাৰ পিচত সংযোগ বিচ্ছিন্ন কৰা হয়

কিছুদূৰ যাত্ৰা কৰাৰ পিচতে হেলিকপ্টাৰখনৰ ওজন আৰু বতাহৰ প্ৰভাৱত এমআই-১৭ হেলিকপ্টাৰখনে ভাৰসাম্য হেৰুৱাবলৈ আৰম্ভ কৰে । হেলিকপ্টাৰখন থাৰু শিবিৰৰ সমীপত আছিল আৰু সুৰক্ষাৰ স্বাৰ্থত এমআই-১৭ৰ পৰা ক্ৰিষ্টেল হেলিকপ্টাৰখনৰ সংযোগ বিচ্ছিন্ন কৰিবলগীয়া হয় ।

লক্ষণীয়ভাৱে হেলিকপ্টাৰখনত কোনো যাত্ৰী বা সামগ্ৰী নাছিল । তথ্য লাভ কৰাৰ পিচতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । দলটোৱে পৰিস্থিতিৰ মূল্যাঙ্কন কৰি আছে । অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ ক্ষতি হোৱা নাই । এই ক্ষেত্ৰত উৰাবাতৰিৰ পৰা সাৱধান হ'বলৈ প্ৰশাসনে আহ্বান জনাইছে ।

  • কাৰিকৰী বিজুতি

উল্লেখ্য যে, যোৱা ২৪ মে'ত ক্ৰিষ্টেল হেলিকপ্টাৰখনৰ কাৰিকৰী বিজুতিৰ বাবে কেদাৰনাথ ধামত হেলিপেডৰ ১০০ মিটাৰ পূৰ্বেই জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল । বিমানখনত ৬ গৰাকী যাত্ৰী আছিল । অৱশ্যে, দুৰ্ঘটনাটোত কোনো লোক বা সম্পত্তিৰ ক্ষতি হোৱা নাছিল । শনিবাৰে পুৱা সেই ক্ৰিষ্টেল হেলিকপ্টাৰখন এমআই-১৭ৰ জৰিয়তে গৌচৰলৈ লৈ যোৱা হৈছিল । সেই সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক :ছত্তীশগড়ত নিহত ৩ মহিলা মাওবাদী, এজনৰ আত্মসমৰ্পণ - Maoist killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.