তেজপুৰ : ‘‘আমাৰ কৃষকসকলে পাম অইল বাগিচাৰ পৰা নিয়মীয়াকৈ যথেষ্ট পৰিমাণে মূলধন উপাৰ্জন কৰি আছে । এক হেক্টৰ অঞ্চল সামৰি লোৱা মোৰ পাম অইল বাগিচাখনত বছৰি গড়ে ৬০ কুইণ্টল উৎপাদন হয় আৰু মই বছৰি ৯০ হাজাৰ টকা আৰু প্ৰতি কিলোগ্ৰামত ১৫ টকাকৈ উপাৰ্জন কৰি আহিছো ।’’ এই মন্তব্য পূব অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ জিতেন টায়েঙৰ ।
জিতেন টায়েং হৈছে পূব অৰুণাচল প্ৰদেশৰ পূব চিয়াঙৰ এজন খেতিয়ক ৷ তেওঁ নিজৰ তিনি হেক্টৰ ভূমিত এই খেতি কৰি আহিছে আৰু তাৰে এক হেক্টৰৰ এলেকাৰ খেতিৰ ফল যোৱা দুটা বছৰৰ পৰা বিক্ৰী কৰি আহিছে । অসমত বিভিন্ন সময়ত এই খেতিৰ বাবে বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাত কৃষকে এই খেতিৰে লাভবান হ’বলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, টায়েঙে বিগত ২০১৭ চনত পাচিঘাটত হোৱা এক পাম অইল প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল ৷ তেতিয়া তেওঁক সেই অনুষ্ঠানতে কেইজোপামান এই পাম অইলৰ পুলি প্ৰধান কৰিছিল । পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে তেওঁ এই পাম খেতিৰ পৰিসৰ কিছু বৃদ্ধি কৰিবলৈ সক্ষম হ’ল ।
তেওঁ কয় যে বৰ্তমান একমাত্ৰ পূব চিয়াং জিলাতে ৮৪ জন লোকে এই খেতি কৰি স্বাৱলম্বী হৈছে । অৰুণাচল প্ৰদেশৰ অন্যান্য ঠাই যেনে - মেব, পাচিঘাটত, আলং, ছিয়াং, টিৰাপ, চাংলাং আৰু ৰাজধানী ইটানগৰত এই খেতি আৰম্ভ কৰা বুলি তেওঁ জানিব দিয়ে ।
অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু ৰুচি ছোয়া ইণ্ডাষ্ট্ৰীজ লিমিটেড (বৰ্তমান পতঞ্জলি ফুড লিমিটেড নামেৰে পৰিচিত)ৰ মাজত হোৱা এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ২০১৬ চনৰ এপ্ৰিল মাহত জিলাখনত তৈল পাম বা তাল খেতিৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল পূব চিয়াং জিলাত ।
টায়েঙে কয়, "পূৰ্বে কৃষকসকলে নিজৰ ফলমূলৰ উৎপাদিত সামগ্ৰী হায়দৰবাদৰ পতঞ্জলিৰ তেল কাৰখানাত বিক্ৰী কৰিছিল যদিও এতিয়া স্থানীয় কাৰখানাত ফলমূল বিক্ৰী কৰি আহিছে । বৰ্তমান কোম্পানীয়ে মাহত দুবাৰকৈ বাহন পঠিয়াই এই ফলসমূহ সংগ্ৰহ কৰে ৷ কৃষকে প্ৰতি কেজি ফল ১৫ টকা দৰত বিক্ৰী কৰে ।’’
তেওঁ আৰু কয়, ‘‘প্ৰতি হেক্টৰ এলেকাৰ বাগিচাত ১৬২ জোপা গছ আছে আৰু ইয়াৰ উৎপাদন প্ৰতি হেক্টৰত ২০-২৫ কুইণ্টল, বছৰত ৪ বাৰকৈ ফল হয় ৷’’

উল্লেখযোগ্য যে, পতঞ্জলি ফুড লিমিটেডে পূব ছিয়াং জিলাৰ উদ্যোগিক বৃদ্ধি কেন্দ্ৰত স্থাপন কৰা পাম অইল প্ৰচেছিং প্লাণ্টৰ বৰ্তমান কাম আৰম্ভ হৈছে । পতঞ্জলি ফুডছ লিমিটেডে যোৱা মাহৰ পৰা পৰীক্ষামূলক ভিত্তিত প্ৰচেছিং প্লাণ্টটো চলাই আহিছে ।
আনহাতে তেওঁ কয় যে অৰুণাচল প্ৰদেশত থকা ফাৰ্মৰ মেনেজাৰে জনোৱা মতে, কাৰখানাটোত প্ৰতিদিনে ১০০ টন সতেজ পাম অইল তৈয়াৰ কৰা ক্ষমতা আছে, যিটো কেইমাহমানৰ পিছত আৰু বৃদ্ধি কৰা হ’ব । খেতিয়কসকলৰ পূৰ্বৰ চুক্তিৰ বাবেই বিগত দুবছৰ ধৰি পাম অইলৰ বীজ খেতিয়কসকলে কোম্পানীটোক বিক্ৰী কৰি আহিছে, কিয়নো তেওঁলোকৰ বাৰীত থকা প্ৰায় সকলো পাম গছেই এতিয়া ফল উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে ।
এই তেল বিশেষকৈ প্ৰসাধন সামগ্ৰীত আৰু জৈৱ ইন্ধন হিচাবেও ব্যৱহাৰ কৰা হয় । ২০১৪ চনত তেলজাতীয় শস্যৰ পৰা উৎপাদিত বিশ্বব্যাপী তেলৰ প্ৰায় ৩৬% পাম অইলৰ পৰা উৎপাদন কৰিছিল । আল্ট্ৰা-প্ৰচেছড খাদ্যত পাম তেলৰ সোৱাদ আৰু স্থায়িত্বৰ মান সুস্থিৰ আৰু বজাই ৰখাটো সহজ ৷ গতিকে খাদ্য নিৰ্মাতাসকলে ইয়াক সঘনাই পছন্দ কৰে বুলি জানিব পৰা যায় ।

বিশ্বজুৰি ২০১৫ চনত প্ৰতিজন ব্যক্তিয়ে গড়ে ৭.৭ কিলোগ্ৰাম পাম তেল ব্যৱহাৰ কৰা তথ্য চৰকাৰীভাৱে উপলব্ধ । আনহাতে অন্যান্য ক্ষেত্ৰত ব্যৱহাৰৰ বাবেও ইয়াৰ চাহিদা বৃদ্ধি পাইছে, যেনে প্ৰসাধন সামগ্ৰী আৰু জৈৱ ইন্ধন ৷ যাৰ ফলত গ্ৰীষ্ম অঞ্চলৰ দেশসমূহত পাম অইলৰ বাগিচা বৃদ্ধিৰ বাবে উৎসাহিত হৈছে ৷