নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : উত্তৰাখণ্ডত অভিন্ন নাগৰিক সংহিতা ৰূপায়ণৰ সময় ওচৰ চাপিছে । অভিন্ন নাগৰিক সংহিতাৰ খচৰা প্ৰস্তুত কৰিবলৈ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা দেশাইৰ অধ্যক্ষতাত গঠন কৰা ৫ জনীয়া বিশেষজ্ঞ সমিতিয়ে চূড়ান্ত খচৰা প্ৰস্তুত কৰিছে ।
-
आदरणीय प्रधानमंत्री श्री @narendramodi जी के 'एक भारत,श्रेष्ठ भारत' के विजन और चुनाव से पूर्व उत्तराखण्ड की देवतुल्य जनता के समक्ष रखे गए संकल्प एवं उनकी आकांक्षाओं के अनुरूप हमारी सरकार प्रदेश में समान नागरिक संहिता लागू करने हेतु सदैव प्रतिबद्ध रही है।
— Pushkar Singh Dhami (@pushkardhami) January 29, 2024 " class="align-text-top noRightClick twitterSection" data="
यूनिफॉर्म सिविल कोड का…
">आदरणीय प्रधानमंत्री श्री @narendramodi जी के 'एक भारत,श्रेष्ठ भारत' के विजन और चुनाव से पूर्व उत्तराखण्ड की देवतुल्य जनता के समक्ष रखे गए संकल्प एवं उनकी आकांक्षाओं के अनुरूप हमारी सरकार प्रदेश में समान नागरिक संहिता लागू करने हेतु सदैव प्रतिबद्ध रही है।
— Pushkar Singh Dhami (@pushkardhami) January 29, 2024
यूनिफॉर्म सिविल कोड का…आदरणीय प्रधानमंत्री श्री @narendramodi जी के 'एक भारत,श्रेष्ठ भारत' के विजन और चुनाव से पूर्व उत्तराखण्ड की देवतुल्य जनता के समक्ष रखे गए संकल्प एवं उनकी आकांक्षाओं के अनुरूप हमारी सरकार प्रदेश में समान नागरिक संहिता लागू करने हेतु सदैव प्रतिबद्ध रही है।
— Pushkar Singh Dhami (@pushkardhami) January 29, 2024
यूनिफॉर्म सिविल कोड का…
ইউচিচি বিশেষজ্ঞ সমিতিয়ে ২ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰক অভিন্ন নাগৰিক সংহিতাৰ চূড়ান্ত খচৰা দাখিল কৰিব । ইয়াৰ পিচত, ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিধানসভা অধিবেশনৰ সময়ত চৰকাৰে ইউচিচিৰ খচৰা সদনৰ মজিয়াত উত্থাপন কৰিব । সদনত ই গৃহীত হোৱাৰ পিচত উত্তৰাখণ্ড ৰাজ্যত আইন হিচাপে ইউচিচি কাৰ্যকৰী কৰা হ'ব ।
অভিন্ন নাগৰিক সংহিতা সম্পৰ্কে দীৰ্ঘদিন ধৰি চলি থকা বিতৰ্ক এতিয়া সমাপ্ত হোৱাৰ দিশে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিজেই সোমবাৰে এক্সৰ এটা পোষ্টত জনাইছে যে ২ ফেব্ৰুৱাৰীত বিশেষজ্ঞ সমিতিয়ে ইউচিচিৰ খচৰা চৰকাৰৰ ওচৰত দাখিল কৰিব । ৰাইজে দীৰ্ঘদিন ধৰি ইয়াৰ বাবে অপেক্ষা কৰি আছে । কংগ্ৰেছ দলে প্ৰায়ে এই বিষয়ত চৰকাৰক আক্ৰমণ কৰি থকা দেখা গৈছে ।
সোমবাৰে এটা পোষ্টত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগী আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰাখণ্ডৰ জনসাধাৰণৰ সন্মুখত দিয়া প্ৰতিশ্ৰুতি অনুসৰি উত্তৰাখণ্ড চৰকাৰে অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । অভিন্ন নাগৰিক সংহিতাৰ খচৰা প্ৰস্তুত কৰিবলৈ গঠন কৰা ৫ জনীয়া বিশেষজ্ঞ সমিতিয়ে ২ ফেব্ৰুৱাৰীত ইউচিচিৰ চূড়ান্ত খচৰা চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি তেওঁ উল্লেখ কৰে । সেয়েহে, আগন্তুক বিধানসভা অধিবেশনত ইয়াৰ সৈতে সম্পৰ্কিত এখন বিধেয়ক আনি ৰাজ্যখনত অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ