ETV Bharat / bharat

কৱচৰ পৰা টক বেক ছিষ্টেমলৈ : বন্দে ভাৰত শ্লিপাৰ দবাৰ বিশেষত্ব জানো আহক

Vande Bharat Sleeper Coach : বন্দে ভাৰত শ্লিপাৰ কোচ ৰে'লসমূহ অহা বছৰ জানুৱাৰীৰ শেষত বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰাজহুৱা ব্যৱহাৰৰ বাবে উপলব্ধ হ'ব ।

Vande Bharat Sleeper Coach
বন্দে ভাৰত শ্লিপাৰ দবাৰ বিশেষত্ব কি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

চেন্নাই : বুধবাৰে চেন্নাইৰ ভিলিভাকামৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত (আই চি এফ) বন্দে ভাৰত ৰে'ল সেৱাৰ শ্লিপাৰ কোচ মুকলি অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰথমবাৰৰ বাবে এই আই চি এফ ৰে'ল কাৰখানাবোৰত বন্দে ভাৰত ৰে'লৰ শ্লিপাৰ দবা নিৰ্মাণ কৰা হৈছে ।

এই সন্দৰ্ভত ৰে'লৱেই জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, "এই শ্লিপাৰ দবাৰ বন্দে ভাৰত ৰে'লত মুঠ ৮২৩ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে । এই আটাইবোৰ ডবায়ে হৈছে শ্লিপাৰ দবা । এই বন্দে ভাৰত শ্লিপাৰ দবাৰ ৰে'লখনত প্ৰথম শ্ৰেণীৰ এ চি কম্পাৰ্টমেণ্ট আছে । ইয়াত ২৪ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে । ইয়াত ৪ টা দ্বিতীয় শ্ৰেণীৰ এ চি দবা আছে, য'ত ১৮৮ গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰে । আনহাতে, ১১ টা তৃতীয় শ্ৰেণীৰ এ চি ডবাত ৬১১ গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰে ।"

বন্দে ভাৰত শ্লিপাৰ দবাৰ বিশেষত্ব জানো আহক (ETV Bharat)

ইতিমধ্যে 77 খন বন্দে ভাৰত ৰে'ল নিৰ্মাণ কৰা হৈছে আৰু ভিলিভাক্কাম ৰে'লৱে ইণ্টিগ্ৰেল কোচ ফেক্টৰীত (আই চি এফ) ব্যৱহাৰ হৈ আছে । এতিয়া প্ৰথমবাৰৰ বাবে এই কাৰখানাৰ আই চি এফত বন্দে ভাৰত শ্লিপাৰ দবা নিৰ্মাণ কৰা হৈছে ।

সমগ্ৰ ভাৰতত বন্দে ভাৰত ৰে'ল তিনিখন ৰাজ্য ক্ৰমে পঞ্জাব, উত্তৰ প্ৰদেশ আৰু তামিলনাডুত নিৰ্মাণ কৰা হয় । আই চি এফৰ মতে, ভাৰতত প্ৰথমবাৰৰ বাবে শ্লিপাৰ সুবিধা থকা বন্দে ভাৰত ৰে'লসমূহ ভিলিভাক্কাম আই চি এফত নিৰ্মাণ কৰা হৈছে । আই চি এফ জেনেৰেল মেনেজাৰ চুব্বাৰাৱে কয় ।

চেন্নাইত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চুব্বাৰাৱে কয়, "পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাৰ পিচত এই শ্লিপাৰ ডবা বন্দে ভাৰত ৰে'লত ব্যৱহাৰ কৰা হ'ব । এই বন্দে ভাৰত শ্লিপাৰ কোচ ৰে'লবোৰ সৰ্বাধিক ১৬০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগত চলিব পৰাকৈ ডিজাইন কৰা হৈছে ।" তেওঁ লগতে উল্লেখ কৰে যে পৰীক্ষা প্ৰটোকলৰ সময়ত ১৮০ কিলোমিটাৰ প্ৰতিঘণ্টা গতিত উপনীত হৈছে ।

আনহাতে, ৰে'লৱেই উল্লেখ কৰা মতে, এই বন্দে ভাৰত শ্লিপাৰ কোচ ৰে'লসমূহ বিভিন্ন বৈশিষ্ট্যৰে নিৰ্মাণ কৰা হৈছে । সেয়া হ’ল -

  • সকলো ডবাত প্ৰতিখন বিছনাৰ ওচৰত এটা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন ষ্টপ বুটাম আছে ।
  • এটা কম্পাৰ্টমেণ্টৰ পৰা আনটোলৈ যোৱাৰ বাবে স্বয়ংক্ৰিয় দুৱাৰ আছে আৰু প্ৰতিটো কম্পাৰ্টমেণ্টত এটা জৰুৰীকালীন টক বেক ইউনিট আছে ।
  • ইয়াৰ জৰিয়তে সুবিধাবোৰ এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে লোকো পাইলটে যাত্ৰীৰ সৈতে কথা পাতিব পাৰে আৰু প্ৰয়োজন অনুসৰি সঁহাৰি দিব পাৰে ।
  • লগতে লোকো পাইলটে ইঞ্জিনৰ পৰা চিচিটিভি ফুটেজ নিৰীক্ষণ কৰিব পাৰে ।
  • প্ৰতিটো কম্পাৰ্টমেণ্টত চিচিটিভি কেমেৰা, শৌচাগাৰৰ সুবিধা, এটা চাৰ্জিং কেবল আৰু প্ৰতিখন বিছনাৰ ওচৰত এটা সৰু লাইট আছে ।

ভিলিভাক্কাম আই চি এফৰ জেনেৰেল মেনেজাৰ চুব্বাৰাৱে বন্দে ভাৰত শ্লিপাৰ কোচ ৰে'লৰ বিশেষ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰি কয়, "এই শ্লিপাৰ কোচ ৰে'লখন দিনৰ সময়তকৈ নিশাৰ ভাগত দীঘলীয়া দূৰত্ব ভ্ৰমণৰ বাবে প্ৰস্তুত কৰা হৈছে ।

এই ৰে'লৰ পৰীক্ষণ যাত্ৰাৰ প্ৰাৰম্ভিক পৰ্যায় 15 নৱেম্বৰৰ পিছত সম্পূৰ্ণ কৰা হ'ব । ইয়াৰ পিচত পশ্চিম ৰে'লৱে আৰু কেন্দ্ৰীয় ৰে'লৱেত পৰীক্ষণ কৰা হ'ব । বন্দে ভাৰত শ্লিপাৰ ৰে'লসমূহ অহা বছৰৰ ১৫ জানুৱাৰীৰ পৰা অনুমোদন জনোৱা হ'ব । চুব্বাৰাৱে কয় যে এই ৰে'ল সেৱা জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰাজহুৱা ব্যৱহাৰৰ বাবে উপলব্ধ হ'ব ।

তেওঁ উল্লেখ কৰে যে যদি কিবা কাৰণত ৰে'লৰ মাজত সংঘৰ্ষ হয় তেন্তে ডাঙৰ দুৰ্ঘটনা পৰিহাৰ কৰিবলৈ সুৰক্ষা গাঁথনি উন্নত কৰা হৈছে । তেওঁ লগতে কয় যে ৰে'লৰ সংঘৰ্ষ হ'লেও এনে প্ৰযুক্তি আছে, যাতে দবাবোৰ ইটোৰ ওপৰত সিটো নুঠে ।

"সকলো বন্দে ভাৰত ৰে'লৰ দৰে ইয়াতো এটা কৱচ ব্যৱস্থা আছে । বন্দে ভাৰত শ্লিপাৰ ৰে'ল হৈছে 120 কোটি ব্যয়েৰে ডিজাইন কৰা 16-কাৰ প্ৰকাৰৰ । ইয়াৰ সকলো প্ৰত্যাহ্বান লক্ষ্ণৌত চিনাক্ত আৰু পৰীক্ষা কৰা হৈছে । এই বন্দে ভাৰত শ্লিপাৰ ৰে'লখনৰ ডিজাইন বিকশিত কৰিবলৈ এবছৰ সময় লাগিছিল ।" চুব্বাৰাৱে কয় ।

লগতে পঢ়ক :প্ৰায় 1,800 বিশ্ব সামৰ্থ্য কেন্দ্ৰৰে বিশ্ব নেতা হিচাপে স্থিতি দৃঢ় কৰিছে ভাৰতে
লগতে পঢ়ক :বিমান সংযোগ বৃদ্ধিৰ 'উড়ান' আঁচনি আৰু এক দশকৰ বাবে সম্প্ৰসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.