ETV Bharat / bharat

অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনৰ কাৰ্যালয়ত বিলাসী শোৱনিকোঠা : মূল্য শুনিলে চকু কপালত উঠিব - YS Jagan Camp Office Bedroom

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:41 PM IST

YS Jagan Camp Office Bedroom : নাম তেওঁৰ ৱাই এছ জগন ৰেড্ডী । অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী । সদ্যসমাপ্ত অন্ধ্ৰ বিধানসভা নিৰ্বাচনত জগনক উৎখাত কৰি শাসনৰ বাঘজৰী হাতত লৈছে চন্দ্ৰবাবু নাইডুৱে । কিন্তু এইবাৰ পুনৰ চৰ্চালৈ আহিছে জগনৰ নাম । পিচে নিৰ্বাচনত পৰাজয়ৰ বাবে নহয়, তেওঁৰ বিলাসী জীৱনশৈলীয়ে সকলোকে হতবাক কৰি তুলিছে । তেওঁৰ কাৰ্যালয়ৰ শোৱনিকোঠাৰ দৃশ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে । আপুনিও জানি আচৰিত হ'ব জগনৰ শোৱনিকোঠাত ব্যৱহৃত সামগ্ৰী আৰু ইয়াৰ মূল্যৰ বিষয়ে জানিলে । কি কি আছে এই শোৱনিকোঠাত ? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ।

YS Jagan Camp Office Bedroom
জগনৰ কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য (ETV Bharat)

নিউজ ডেস্ক, ১৯ জুন : শেহতীয়াভাৱে অনুষ্ঠিত অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত শাসন ক্ষমতাৰ পৰা বিতাড়িত হৈছে ৱাই এছ জগন ৰেড্ডী । নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে । চন্দ্ৰবাবুৱে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণৰ পিচতে পোহৰলৈ আহিছে জগনৰ বিলাসিতাৰ এক আশ্চৰ্যকৰ ছবি । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে জগনে জনসাধাৰণৰ প্ৰতি যিমান মনোযোগ দিব লাগিছিল, তাতকৈ যে নিজৰ লাহ-বিলাহৰ বাবে অধিক ব্যস্ত হৈ আছিল সেই কথা প্ৰকাশ পাইছে তেওঁৰ কাৰ্যালয়টোৰ ভিতৰত থকা এটা শোৱনি কোঠাৰ সাজসজ্জা আৰু তাত ব্যৱহৃত সামগ্ৰীৰ পৰা । অতি অত্যাধুনিক আৰু ব্যবহুল সামগ্ৰীৰে সজ্জিত এই শোৱনিকোঠাটোত ব্যৱহৃত সামগ্ৰীৰ মূল্যই সকলোৰে চকু কপালত তুলিব ।

YS Jagan Camp Office Bedroom
বিদেশৰ পৰা আমদানি কৰা পৰ্দা (ETV Bharat)

জগনৰ কেম্প অফিচৰ বাবে বিশাখাপট্টনমৰ ৰুশিকোণ্ডাত নিৰ্মাণ কৰা এই প্ৰাসাদটোৰ বাবে চৰকাৰী পুঁজিৰ পৰা কৰা ব্যয়ৰ কথা জানিলে সকলোৱে আচৰিত হৈ উঠিব । কিয়নো এই প্ৰাসাদটোৰ সাজসজ্জা আৰু আচবাবৰ সামগ্ৰীৰ মূল্যৰ বিষয়ে যদি আপুনি জানে, তেন্তে আপোনাৰো চকু থৰ লাগিব । বিচনাৰ পৰা আৰম্ভ কৰি মুখ ধোৱা বেচিন, বাথটাব, শৌচাগাৰৰ কমোড আৰু খিৰিকীৰ বাবে ব্যৱহৃত পৰ্দা, মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা- এই সকলোবোৰ বিদেশৰ আমদানিকৃত । আনকি শৌচালয়ৰ দেৱালত ব্যৱহৃত চাদৰবোৰো বিদেশী । তেওঁ এই প্ৰাসাদোপম শোৱনিকোঠাটো ইমান আড়ম্বৰপূৰ্ণভাৱে নিৰ্মাণ কৰিছে, যাতে প্ৰতিটো পদক্ষেপতে ৰাজকীয়তা ভৰি থাকে । কিন্তু জগনক জনসাধাৰণে নাকচ কৰি ঘৰৰ মানুহ ঘৰলৈ পঠিয়াই দিয়াৰ পিচতে ৰুশিকোণ্ডাৰ এই ৰহস্য ফাদিল হৈছে । যিবোৰ প্ৰত্যক্ষ কৰি এতিয়া ধনীতকৈ ধনী লোকসকলো আচৰিত হৈ পৰিছে ।

YS Jagan Camp Office Bedroom
দুৱাৰত অত্যাধুনিক লক (ETV Bharat)

শোৱনিকোঠাৰ খৰচ শুনিলে আপুনিও হতবাক হ'ব

ৰুশিকোণ্ডাত নিৰ্মাণ কৰা অট্টালিকাসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে বিজয়নগৰ ব্লক নামৰ তিনিটা অট্টালিকা নিৰ্মাণ কৰা হৈছিল । মুখ্যমন্ত্ৰীৰ বাসগৃহত শোৱনিকোঠাটোৰ খৰচৰ কথা শুনি আপুনিও হতবাক হ'ব । কোঠাটো পাতল সোণৰ ৰঙেৰে জিলিকিবলৈ বিশেষ কাৰুশিল্প স্থাপন কৰা হৈছে । কোঠাটোৰ মজিয়াৰ বাবে গ্ৰেনাইট বিশেষভাৱে ইউৰোপৰ পৰা অনা হৈছিল । তাত মাৰ্বলৰ সৈতে এটা বিশেষ ডিজাইন খোদিত কৰা হৈছে । তাত ব্যৱহৃত বিচনা, গাদী, চকী আৰু মেজবোৰ বিদেশৰ পৰা অনা হৈছিল । কোঠাটোত বায়'মেট্ৰিকভাৱে সক্ষম ৱাৰ্ডৰ'ব স্থাপন কৰা হৈছে । তাত বিলাসী স্পা আৰু শৌচালয়ো আছে । আনহাতে, শৌচালয়ৰ কমোডটো জাপানৰ । সাধাৰণতে কেৱল অতি ধনী লোকসকলেহে এনে বস্তু ক্ৰয় কৰে । ইয়াৰে প্ৰতিটোৰে মূল্য ১৫ লাখ টকালৈকে হ'ব বুলি অনুমান কৰা হৈছে ।

YS Jagan Camp Office Bedroom
বাগিচা (ETV Bharat)

পাঁচখন দেশৰ গ্ৰেনাইট

ৰুশিকোণ্ডাৰ অট্টালিকাসমূহৰ বাবে ব্যৱহৃত গ্ৰেনাইট আৰু মাৰ্বল পাঁচখন দেশৰ পৰা আমদানি কৰা হৈছিল । ভিয়েটনাম, স্পেইন, ইটালী, নৰৱে আৰু ব্ৰাজিলৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল । এইবোৰক একেলগে ব্যৱহাৰ কৰাটো হৈছে সুন্দৰভাৱে অংকিত খোদাইৰ আন এক অনন্য সৃষ্টি । শোৱনিকোঠা আৰু সভাগৃহবোৰ বিভিন্ন আকৃতিত ডিজাইন কৰা হৈছে, যাতে সেইবোৰ উজ্জ্বলভাৱে জিলিকি উঠে । বিভিন্ন আৰ্হি সৃষ্টি কৰিবলৈ মাৰ্বল শ্লেবৰ সৈতে দেৱালত কাম কৰা হৈছে ।

YS Jagan Camp Office Bedroom
আলোকসজ্জা (ETV Bharat)

বিদেশৰ পৰা অনা হাজাৰ হাজাৰ উদ্ভিদৰ সৈতে আৱাসিক ভৱনৰ বাহিৰত বাগিচা সজোৱা হৈছিল । ইয়াত সুন্দৰ বৈদ্যুতিক সজ্জা আছে । ইয়াৰ বাবে ২০ কোটি টকা খৰচ কৰা হৈছিল ।

YS Jagan Camp Office Bedroom
বাথৰুমৰ বাথটাব আৰু দেৱালৰ সজ্জা (ETV Bharat)

কোঠাবোৰত বিদ্যুতৰ বাবে ব্যৱহৃত সামগ্ৰীবোৰৰ মূল্য প্ৰতিটোত আঢ়ৈ লাখকৈ । ইয়াৰে এশটালৈকে ব্যৱস্থা কৰা হৈছে । এই সকলোবোৰ বিদেশৰ পৰা আমদানি কৰা ।

YS Jagan Camp Office Bedroom
বিলাসী বাথটাব (ETV Bharat)

আনহাতে, ঘৰৰ বাহিৰৰ বেৰৰ চাৰিওফালে সজ্জাৰ বাবে ব্যৱহৃত বৈদ্যুতিক চাকিবোৰ দিল্লীৰ পৰা অনা হৈছিল । প্ৰতিটো বাল্বৰ মূল্য হৈছে 60 হাজাৰ টকা । এনেকুৱা শ শ বাল্ব আছে । ইয়াৰ উপৰি সৌন্দৰ্যবৰ্ধন আৰু আলংকাৰিক চাকিৰ সৈতে ঘৰৰ ভিতৰত প্ৰায় 4 হাজাৰ বিদ্যুৎ চাকি ব্যৱহাৰ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে বাস কৰা অট্টালিকাবোৰত দুটা প্ৰকাৰৰ মডেল ব্যৱহাৰ কৰা হৈছিল- কাঠি আৰু ফুলৰ আকাৰত । ইয়াৰে প্ৰতিটোৰে মূল্য হৈছে দহ হাজাৰ টকাকৈ । ইয়াৰে দহটা বিদেশৰ পৰা অনা হৈছিল । আনহাতে, মুখ্যমন্ত্ৰীৰ কোঠাৰ বাহিৰে আন অট্টালিকাত স্থাপন কৰা প্ৰতিটো কমোডৰ বাবে ব্যয় হৈছে 88 হাজাৰ টকাকৈ ।

লগতে পঢ়ক :অন্ধ্ৰ প্ৰদেশত অপশাসনৰ পৰিণাম ! - Anarchism in Andhra Pradesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.