ETV Bharat / bharat

সিন্দেৰ প্ৰাৰ্থীয়ে পদুমৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে জে পি নাড্ডাই

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 8:10 AM IST

BJP Shiv Sena Alliance : ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি-শিৱসেনা-এনচিপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সহায় কৰিবলৈ বিজেপিৰ মুৰব্বী জে পি নাড্ডাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক প্ৰস্তাৱ দিছে যে শিৱসেনাৰ প্ৰাৰ্থীসকলে বিজেপিৰ পদুমৰ প্ৰতীকত যুঁজিব লাগে । অৱশ্যে এই প্ৰস্তাৱটোৰ ওপৰত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ।

শিন্দেৰ প্ৰাৰ্থীয়ে পদুমৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে জে পি নাড্ডাই

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত হৈছে বিজেপি সভাপতি জে পি নাড্ডা । ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত জে পি নাড্ডাই মুম্বাই বিজেপি কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত মুম্বাইৰ ছয়টা লোকসভা সমষ্টিৰ আটাইকেইটাৰ ওপৰত পৰ্যালোচনা কৰে । আনহাতে, উপনগৰীয় আন্ধেৰীত বুথ প্ৰধান আৰু কৰ্মীসকলৰ সভাত ভাষণ দি তেওঁ দলীয় কৰ্মীসকলক জনসাধাৰণৰ কাষ চাপিবলৈ আৰু বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে কৰা কামৰ বিষয়ে অৱগত কৰিবলৈ কয় ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এনডিএ) ৪০০ আৰু বিজেপিয়ে ৩৭০ খন আসন অতিক্ৰম কৰিব বুলি দৃঢ় বিশ্বাস দেখুওৱাৰ পাছতো বিজেপিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ বিপদাশংকা ল'ব বিচৰা নাই । বিশেষকৈ মহাৰাষ্ট্ৰত ক্ষমতাৰ নাটকীয় পৰিৱৰ্তনৰ পিছত, একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনা, অজিত পাৱাৰৰ নেতৃত্বত এনচিপি আৰু বিজেপি এই তিনিটাৰ ভিতৰত ৰাইজে কাক ভোট দিব তাক লৈ আলোচনা চলিছে ।

এইটো অনুমেয় যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক সাক্ষাৎ কৰি বিজেপি প্ৰধান জে পি নাড্ডাই মুখ্যমন্ত্ৰী একনাথ সিন্দেক এটা প্ৰস্তাৱ দিছে । নাড্ডাই একনাথ সিন্দেৰ সৈতে প্ৰায় এঘণ্টা ধৰি বৈঠকত মিলিত হয় আৰু মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । 'মহায়ুতি'ৰ (বিজেপি-শিৱসেনা-এনচিপি) প্ৰাৰ্থীসকল যাতে ক্ষতিগ্ৰস্ত নহয় সেয়া নিশ্চিত কৰিবলৈ নাড্ডাই একনাথ সিন্দেক এটা প্ৰস্তাৱো দিয়ে ।

এক বিশ্বস্ত সূত্ৰ অনুসৰি, নাড্ডাই সিন্দেক এই প্ৰস্তাৱ দিছে যে যিবোৰ সমষ্টিত বিভ্ৰান্তিয়ে বিৰাজ কৰে তাত মহায়ুতিৰ প্ৰাৰ্থীয়ে বিজেপিৰ পদুমৰ প্ৰতীকত নিৰ্বাচনত যুঁজিব লাগে । ইয়াৰ দ্বাৰা প্ৰাৰ্থীগৰাকীক বিজয়ী হোৱাৰ এটা ভাল সুযোগ দিব । অৱশ্যে যদিও প্ৰস্তাৱটোক লৈ মুখ্যমন্ত্ৰীয়ে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই, কিন্তু প্ৰস্তাৱটোৱে মহায়ুতিক সহায় কৰিব বুলি ভবা হৈছে । লগতে প্ৰস্তাৱটোৰ ওপৰত অধিক বিতংভাৱে আলোচনা হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে মহাৰাষ্ট্ৰত একনাথ সিন্দে আৰু অজিত পাৱাৰে বিজেপিৰ সৈতে হাত মিলোৱাৰ পিছত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন ঘটিছে । আনহাতে, বিজেপিত যোগদান কৰা অন্য দলৰো কেইবাগৰাকীও নেতা আছে । এনে পৰিস্থিতিত মহায়ুতিত কিছু বিভ্ৰান্তি আছে ।

প্ৰণিধানযোগ্য যে মহাৰাষ্ট্ৰত 48 খন লোকসভা আসন আছে । অৱশ্যে মহায়ুতিত আসন ভাগ-বাটোৱাৰাৰ বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ।

আনহাতে, বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ সময়ত সংসদলৈ যোৱা পথটো নিশ্চিতভাৱে উত্তৰ প্ৰদেশৰ মাজেৰেই পাৰ হৈ গৈছে । কিয়নো ৰাজ্যখনত মুঠ 80 খন লোকসভা আসন আছে । ইয়াৰ পিছত আছে মহাৰাষ্ট্ৰ ।

মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ হৈছে বিজেপিৰ বাবে দুখন মুখ্য ৰাজ্য । উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী (এছপি) আৰু কংগ্ৰেছে মিত্ৰতা গঢ়ি তুলিছে । অখিলেশ যাদৱ নেতৃত্বাধীন এছপিয়ে 63 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছক ১৭ খন আসন দিয়া হৈছে । বৰ্তমান উত্তৰ প্ৰদেশত বিজেপিৰ 64 গৰাকী, বিএছপিৰ 10 গৰাকী, এছপিৰ 3 গৰাকী, কংগ্ৰেছৰ এগৰাকী আৰু আপনা দলৰ দুগৰাকী সাংসদ আছে ।

ইফালে মহাৰাষ্ট্ৰত বিজেপিৰ ২৩ গৰাকী, শিৱসেনাৰ ১৩ গৰাকী, শিৱসেনাৰ (উদ্ধৱ বালাচাহেব থাকৰে) ৫ গৰাকী, এনচিপি শৰদচন্দ্ৰ পাৱাৰৰ ৩ গৰাকী, এনচিপিৰ এগৰাকী, এমআইএমৰ এগৰাকী, নিৰ্দলীয় এগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী সাংসদ আছে ।

উল্লেখ্য যে ২০১৯ চনৰ নিৰ্বাচনৰ পিছত অবিভক্ত শিৱসেনাৰ ১৮ গৰাকী সাংসদ আছিল । তেওঁলোকৰ ভিতৰত 13 গৰাকী সাংসদে একনাথ সিন্দে দলত যোগদান কৰে । আনহাতে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছত এনচিপিৰ চাৰিগৰাকী সাংসদ নিৰ্বাচিত হৈছিল । তাৰে ভিতৰত এগৰাকী সাংসদে অজিত পাৱাৰৰ সৈতে হাত মিলায় । তিনিগৰাকী শৰদ পাৱাৰৰ সৈতে আছে ।

মুম্বাইৰ বিজেপি বিধায়ক অতুল ভাটখালকাৰে কৈছে যে মহাযুটিৰ জ্যেষ্ঠ নেতাসকলে একেলগে বহি আসন আৱণ্টন সন্দৰ্ভত সিদ্ধান্ত ল'ব ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ উত্তৰ-পূব ঔদ্যোগিক নীতি আৰম্ভ কৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.