ETV Bharat / bharat

ছত্তীশগড়ত সেনাৰ সৈতে সংঘৰ্ষত নিহত ৯ মাওবাদী - Naxalites Encounter in Chhattisgarh

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 6:40 PM IST

Encounter in Chhattisgarh : ছত্তীশগড়ৰ দান্তেৱাড়া-বিজাপুৰ জিলাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ । দান্তেৱাড়া আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ । অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ কে বৰ্মনে এই সংঘৰ্ষত ৯ মাওবাদীৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে ।

Encounter In Chhattisgarh
ছত্তীশগড়ত সেনাৰ সৈতে সংঘৰ্ষত নিহ ৯ মাওবাদী (ETV Bharat)

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : ছত্তীশগড়ত তীব্ৰতৰ হৈছে মাওবাদী-বিৰোধী অভিযান । মাওবাদীৰ সন্ধানত সুৰক্ষা বাহিনীয়ে নিৰন্তৰ অনুসন্ধান অভিযান চলাই আছে । তাৰ মাজতে মঙলবাৰে দান্তেৱাড়া-বিজাপুৰ সীমান্তত সেনা আৰু মাওবাদীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয় । মঙলবাৰে পুৱা সংঘটিত এই এনকাউণ্টাৰটো এতিয়াও চলি আছে । সেনা আৰু মাওবাদীৰ পৰা মাজে মাজে গুলীবৰ্ষণ চলি আছে । আনহাতে, দান্তেৱাড়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ কে বৰ্মনে কয়, "এতিয়ালৈকে পোৱা তথ্য অনুসৰি, এনকাউণ্টাৰটোত ৯ জন মাওবাদী নিহত হৈছে ।"

দান্তেৱাড়া আৰক্ষীয়ে প্ৰদান কৰা তথ্য মতে, দান্তেৱাড়া-বিজাপুৰ জিলাৰ সীমান্ত অঞ্চলৰ পশ্চিম বস্তাৰ সংমণ্ডলত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি নিশা এটা যুটীয়া আৰক্ষী দলক তালাচী অভিযানলৈ প্ৰেৰণ কৰা হয় । তালাচীৰ সময়ত পুৱা ৬ বজাৰ পৰা আৰক্ষী দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় আৰু এতিয়াও চলি আছে।

আনহাতে, দান্তেৱাড়াৰ এছ পি গৌৰৱ ৰায়ে কয়, "বেইলাডিলাৰ পাহাৰৰ তলৰ লোহা গাঁৱৰ পুৰেঞ্জেলৰ ফালে বৃহৎসংখ্যক মাওবাদীৰ উপস্থিতিৰ তথ্য ইনফৰ্মাৰৰ পৰা পোৱা গৈছে । পুৱা ৬ বজাৰ পৰা নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত মাজে মাজে গুলীয়াগুলী অব্যাহত আছে । গুলীচালনা বন্ধ হোৱাৰ পিচত আৰু অনুসন্ধান অভিযানৰ পিচতহে সম্পূৰ্ণ তথ্য জনাব পৰা যাব ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে কাঙ্কেৰ নাৰায়ণপুৰ সীমান্তত নিৰাপত্তা বাহিনীৰ জোৱান আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছিল । এই সংঘৰ্ষত তিনিগৰাকী সশস্ত্ৰ মহিলা মাওবাদী নিহত হৈছিল । আনহাতে, তালাচী অভিযানৰ সময়ত ৩০৩ ৰাইফল, ৩১৫ বন্দুকসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় । তিনিগৰাকী মহিলা মাওবাদীৰ মৃতদেহো উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক :মণিপুৰত উগ্ৰপন্থীৰ ধাৰাবাহিক আক্ৰমণত নিহত ২, আহত ১২ - Militant attack in Manipur
লগতে পঢ়ক :দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ, সন্ধানহীন ৩ গৰাকী ক্ৰু - ICG Chopper Crashes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.