নিউজ ডেস্ক, ৬ মাৰ্চ : দিল্লী আবকাৰী নীতি গোচৰত ইডিৰ চমনক নিৰন্তৰ উপেক্ষা কৰি অহাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে ৰাউজ এভিনিউ আদালতত দ্বিতীয়বাৰৰ বাবে অভিযোগ দাখিল কৰে । বুধবাৰে ইডিৰ হৈ উপস্থিত থাকি এএছজিএছ এছ ভি ৰাজু, জোহেব হুছেইন আৰু চাইমন বেঞ্জামিনে কয় যে কেজৰিৱাললৈ নিৰন্তৰ চমন প্ৰেৰণ কৰা হৈছে । তথাপিও তেওঁ ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই । অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ দিব্যা মালহোত্ৰাই বিষয়টো ৭ মাৰ্চত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
বুধবাৰে শুনানিৰ সময়ত ইডিয়ে কয় যে তেওঁক ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ ধাৰা 50-ৰ অধীনত 8 বাৰ চমন জাৰি কৰা হৈছে । কিন্তু তেওঁ তদন্তত সহযোগিতা কৰা নাই । ইয়াৰ পূৰ্বে ১৭ ফেব্ৰুৱাৰীত আদালতে কেজৰিৱালক সকাহ প্ৰদান কৰি ১৬ মাৰ্চত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । আনহাতে, 17 ফেব্ৰুৱাৰীৰ পিছত ইডিয়ে কেজৰিৱালক তিনিবাৰ চমন জাৰি কৰে । কিন্তু তেওঁ ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত থাকে । ১৭ ফেব্ৰুৱাৰীত কেজৰিৱালে দিল্লী বিধানসভাৰ বাজেট অধিবেশন আৰু আস্থা প্ৰস্তাৱৰ কথা উল্লেখ কৰি শাৰীৰিক উপস্থিতিৰ পৰা ৰেহাই বিচাৰিছিল । কেজৰিৱালে গোচৰটোৰ পৰৱৰ্তী শুনানিত আদালতত সোঁশৰীৰে হাজিৰ হোৱাৰ আশ্বাস দিছিল ।
উল্লেখ্য যে ৭ ফেব্ৰুৱাৰীত ৰাউজ এভিনিউ আদালতে ইডিৰ প্ৰথম অভিযোগৰ ওপৰত গুৰুত্ব দি কেজৰিৱালক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং দিল্লী আবকাৰী কেলেংকাৰী গোচৰত ন্যায়িক জিম্মাত আছে । সঞ্জয় সিঙক ৪ অক্টোবৰত ইডিয়ে তেওঁৰ চৰকাৰী বাসভৱনত সোধা-পোছাৰ পিচত গ্ৰেপ্তাৰ কৰে ।
আনহাতে, ইডিয়ে এই গোচৰটোত ২০২৩ চনৰ ৯ মাৰ্চত সোধাপোছাৰ পিছত মণীষ ছিছোডিয়াক তিহাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে । ছিছোডিয়াক পূৰ্বতে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল । ইফালে সঞ্জয় সিঙৰ জামিন আবেদন উচ্চ ন্যায়ালয়েও নাকচ কৰে । ইয়াৰ পিছত সঞ্জয় সিঙে উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে । উল্লেখ্য যে মণীষ ছিছোডিয়াৰ জামিন আবেদনো উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে ।
লগতে পঢ়ক :ৰামেশ্বৰম কেফেৰ বিস্ফোৰণ : অভিযুক্তৰ তথ্য দিওঁতালৈ 10 লাখ টকাৰ পুৰস্কাৰ ঘোষণা "নিয়া"ৰ