ETV Bharat / bharat

আজি বিশ্বজুৰি উদযাপন হ'ব ধৰিত্ৰী ঘণ্টা - Earth hour

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 1:02 PM IST

Earth Hour 2024 : 'আৰ্থ আৱাৰ' বা ধৰিত্ৰী ঘণ্টা হৈছে এক বাৰ্ষিক গোলকীয় কাৰ্যসূচী । এই কাৰ্যসূচী মাৰ্চ মাহৰ অন্তিমটো শনিবাৰে অনুষ্ঠিত হয় । এই বছৰ স্থানীয় সময় অনুসৰি 23 মাৰ্চৰ নিশা 8.30 বজাৰ পৰা নিশা 9.30 বজালৈ এই কাৰ্যসূচী পালন কৰা হ'ব । এই দিনটোত সমগ্ৰ বিশ্বৰ লোকসকলক তেওঁলোকৰ ঘৰৰ লাইট এঘণ্টাৰ বাবে বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হয় ।

আজি বিশ্বজুৰি উদযাপন হ'ব ধৰিত্ৰী ঘণ্টা
আজি বিশ্বজুৰি উদযাপন হ'ব ধৰিত্ৰী ঘণ্টা

নিউজ ডেস্ক, 23 মাৰ্চ : বিশ্ব বন্যপ্ৰাণী পুঁজি চমুকৈ ডব্লিউডব্লিউএফে (WWF) সমগ্ৰ বিশ্বত 23 মাৰ্চৰ নিশা 8.30 বজাৰ পৰা 'আৰ্থ আৱাৰ' বা ধৰিত্ৰী ঘণ্টা, 2024 উদযাপন কৰিবলৈ সাজু হৈছে । ধৰিত্ৰী ঘণ্টা হৈছে আমাৰ গ্ৰহটোৰ সমৰ্থন আৰু উদযাপনত 'পৃথিৱীৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়'ৰ সৈতে ইয়াৰ 18 সংখ্যক সংস্কৰণৰ বাবে উভতি অহা এক মুখ্য বাৰ্ষিক অনুষ্ঠান ।

ব্যক্তি, সম্প্ৰদায় আৰু ব্যৱসায়কে ধৰি সমগ্ৰ বিশ্বৰ জনসাধাৰণক এই ঘণ্টাটোত অপ্ৰয়োজনীয় লাইট আৰু বৈদ্যুতিক সঁজুলি বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে । এই সাংকেতিক প্ৰকাশে পৰিৱেশ সুৰক্ষা আৰু স্থিৰতাৰ প্ৰতি এক সামূহিক প্ৰতিশ্ৰুতি হিচাপে কাম কৰে ।

শক্তি ব্যৱহাৰৰ প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ বহুতো দেশৰ চৰকাৰ আৰু কোম্পানীয়ে স্বেচ্ছাই তেওঁলোকৰ ভৱন, সচিবালয়, বিভিন্ন স্মাৰকৰ উপৰি জনসাধাৰণে স্বেচ্ছাই এঘণ্টাৰ বাবে তেওঁলোকৰ অপ্ৰয়োজনীয় লাইট বন্ধ কৰি ধৰিত্ৰী ঘণ্টাত অংশগ্ৰহণ কৰে । ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ড ফৰ নেচাৰে (ডব্লিউডব্লিউএফ) এই বছৰ ২৩ মাৰ্চ, শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা নিশা ৯.৩০ বজালৈ ধৰিত্ৰী ঘণ্টা উদযাপনৰ বাবে আহ্বান জনাইছে ।

ইফালে অসমতো উদযাপন কৰা হ'ব এই ধৰিত্ৰী ঘণ্টা । ইতিমধ্যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এই উদ্দেশ্যে ৰাইজলৈ গোহাৰি জনাইছে ।অসম চৰকাৰেও এপিডিচিএলৰ গোহাৰিৰ প্ৰতি সঁহাৰি জনাই সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা জনসাধাৰণক ধৰিত্ৰী ঘণ্টা উদযাপনৰ আহ্বান জনাইছে । তাপ প্ৰকল্পৰ শক্তি উৎপাদনৰ ফলত প্ৰদূষক নিৰ্গমন বায়ুমণ্ডলত বৃহৎ পৰিমাণে প্ৰৱেশ কৰিছে ।

অৱশ্যে সৌৰ আৰু বায়ুশক্তি উপলব্ধ । কিন্তু সেইবোৰৰ ব্যৱহাৰ সীমিত । ডব্লিউডব্লিউএফে এই বিষয়ত মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ প্ৰতিবছৰে মাৰ্চ মাহত ধৰিত্ৰী ঘণ্টাৰ আয়োজন কৰে ।

লগতে পঢ়ক :শ্বহীদ দিৱস ২০২৪ : শ্বহীদক সুঁৱৰি আজিৰ এক অৱলোকন - Shaheed Diwas

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.