ETV Bharat / bharat

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ ! বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ ঢলি পৰিল পৰিৱেশক - News Anchor faints during live

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 9:20 AM IST

Faints on live TV : প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত দহিছে দেশৰ ভিন্ন প্ৰান্ত ৷ প্ৰতিকূল পৰিৱেশৰ বাবেই বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ পৰিল ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ এগৰাকী ঘোষক ৷ ঘোষকগৰাকী বাংলা দূৰদৰ্শনৰ লোপামুদ্ৰা সিনহা ৷

Doordarshan Bangla news anchor faints during live show while giving updates on heatwaves
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ পৰিল ঘোষক

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল: বতৰৰ বতৰা পঢ়ি থাকোতেই অজ্ঞান হৈ পৰিল ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ এগৰাকী ঘোষক ৷ ঘোষকগৰাকী হৈছে বাংলা দূৰদৰ্শনৰ লোপামুদ্ৰা সিনহা ৷ পশ্চিমবংগৰ দিনটোৰ তাপমান পঢ়ি থাকোতে হঠাতে অজ্ঞান হৈ ঢলি পৰে ঘোষকগৰাকী ৷ লগে লগে ষ্টুডিঅ’ তথা কাৰ্যালয়ত সৃষ্টি হয় হৈ চৈ পৰিস্থিতিৰ ৷

লোপামুদ্ৰা সিনহা বাংলা দূৰদৰ্শনৰ সমান্তৰালভাৱে এগৰাকী অভিনেত্ৰী আৰু ডিজিটেল ক্ৰিয়েটৰগৰাকীয়ে যোৱা বৃহস্পতিবাৰে এনেদৰে হঠাতে অজ্ঞান হৈ পৰে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান সুস্থ হৈ উঠা লোপামুদ্ৰা সিনহাই সকলোকে সতেজ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে এনে প্ৰতিকূল বতৰৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে অনুৰোধ জনায় ।

ঘোষকগৰাকীয়ে বতৰৰ বাতৰি পৰিৱেশন কৰি থাকোঁতে হঠাতে টেলিপ্ৰমটাৰটোৰ আখৰবোৰ পঢ়িবলৈ অসুবিধা পাইছিল বুলি পৰৱৰ্তী সময়ত জনায় । লগতে সিনহাই হঠাতে ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে অসুস্থ হৈ পৰা বুলি জানিবলৈ দিয়ে । অজ্ঞান হোৱাৰ পূৰ্বে দিনটোৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা পঢ়ি থকা সময়ত সিনহাৰ কণ্ঠ ম্লান পৰি অহা পৰিলক্ষিত হৈছিল ।

শীত-তাপ নিয়ন্ত্ৰিত ষ্টুডিঅ’টোও অত্যন্ত গৰম হৈ পৰিছিল বুলি উল্লেখ কৰাৰ লগতে সিনহাই ফেচবুক পোষ্টযোগে কয়, “মই কেতিয়াও পানীৰ বটল এটাও লগত নাৰাখো । মোৰ 21 বছৰীয়া কেৰিয়াৰত বাতৰি সম্প্ৰচাৰৰ সময়ত পানীৰ চুমুক দিয়াৰ প্ৰয়োজনীয়তা মই কেতিয়াও অনুভৱ কৰা নাই । কিন্তু, বাতৰিটোৰ সম্প্ৰচাৰ শেষ হ’বলৈ 15 মিনিট বাকী থকাৰ সময়ত মই মুখ শুকান শুকান অনুভৱ কৰিলো । যেতিয়া টিভিত মোৰ মুখখনৰ বিপৰীতে ভিজুৱেল দেখোৱা হৈছিল, তেতিয়া মই ফ্ল’ৰ মেনেজাৰৰ ফালে আঙুলিয়াই পানীৰ বটল এটা বিচাৰিছিলো ।"

  • " class="align-text-top noRightClick twitterSection" data="">

দেওবাৰে দিয়া এটা পোষ্টত সিনহাই নিজৰ অৱস্থা ভাল বুলি দাবী কৰাৰ লগতে ৰক্তদান শিবিৰতো অংশ লোৱা বুলি জনায় । উল্লেখ কৰা প্ৰয়োজন যে, প্ৰচণ্ড গ্ৰীষ্মদাহনত ভুগিছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ ৷ গ্ৰীষ্ম প্ৰৱাহৰ ফলস্বৰূপে বিভিন্ন শ্ৰেণীৰ নাগৰিক নানান সমস্যা, প্ৰত্যাহ্বানৰ মুখামুখি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: কেইবাখনো ৰাজ্যত হীটৱেভ এলাৰ্ট জাৰি: সুস্থ থাকিবলৈ মানি চলক এইসমূহ টিপছ - Summer Precautions

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.