ETV Bharat / bharat

লক্ষ্য প্ৰতিশোধ: চাৰি সেনা জোৱানৰ মৃত্যুৰ পিচত ডোডাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান নিৰাপত্তা বাহিনীৰ - Doda Encounter

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 1:18 PM IST

Gunfight with terrorists in Jammu and Kashmir: সন্ত্ৰাসবাদীক কৰায়ত্ত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ভাটা ডেছা অঞ্চলত আৰম্ভ হোৱা অভিযান বৰ্তমানেও অব্যাহত ৷ ভাৰতীয় সেনাৰ কমাণ্ড, আৰক্ষীৰ এছ অ’ জি, আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া দলৰ উদ্যোগত অব্যাহত এই অভিযান ৷ চাৰি জোৱান শ্বহীদ ৷

Doda Encounter: Security Forces, Militants Exchange Gunfire As Massive Search Operation Goes On
সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে ডোডা জিলাত অব্যাহত আৰক্ষী-সেনা বাহিনীৰ অভিযান (ANI)

নেশ্যনেল ডেস্ক, 17 জুলাই: সোমবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ভাটা ডেছা অঞ্চলৰ উজনি অংশত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী হোৱাৰ ফলত সেনাবাহিনীৰ চাৰিজন বিষয়া-জোৱান শ্বহীদ হয় । ইয়াৰ পাচতো বুধবাৰে তৃতীয়টো দিন পৰ্যন্ত আৰক্ষী-সেনাৰ অভিযানকাৰী দলে উগ্ৰপন্থী নিৰ্মূলৰ লক্ষ্যৰে চলাই আছে অভিযান ৷

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, মঙলবাৰ আৰু বুধবাৰৰ মাজ নিশা দুবাৰকৈ এই গুলীচালনা সংঘটিত হৈছিল আৰু পাঁচ মিনিট ধৰি চলিছিল যদিও কোনো লোকৰ প্ৰাণ বা সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা হোৱা নাই । দেশা বনাঞ্চলত চলি থকা অভিযানৰ সময়ত নিশা 10.45 বজাত খলান ভট্টা বনাঞ্চলত আৰু পুৱতি নিশা 2 বজাত পঞ্চান ভাটাত সেনা-আৰক্ষীৰ অনুসন্ধান দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে লুকাই থকা সন্ত্ৰাসবাদীয়ে ।

আজি অভিযানৰ তৃতীয়টো দিন ৷ অঞ্চলটোত বৃহৎ পৰিমাণে নিৰাপত্তা বাহিনী নিয়োগ কৰি সন্ত্ৰাসবাদীক কৰায়ত্ত কৰাৰ বাবে বৃহৎ অনুসন্ধান অভিযান অব্যাহত আছে । সেনাই এই অভিযানত ড্ৰ’নো ব্যৱহাৰ কৰিছে ৷

জম্মু কাশ্মীৰৰ ডোডাৰ দেশা বনাঞ্চলত ভাৰতীয় সেনাৰ কমাণ্ড, আৰক্ষীৰ এছ অ’ জি, আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া দলে সশস্ত্ৰ উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰাৰ বাবে অভিযান চলাইছে । সোমবাৰৰ সন্ধিয়া ডোডা জিলাৰ দেশা বনাঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা বন্দুকৰ গুলীচালনাৰ সময়ত ভাৰতীয় সেনাৰ চাৰিজন জোৱান নিহত হয় ।

গুলীয়াগুলীৰ ফলত নিহত চাৰিজন জোৱান পশ্চিম বংগৰ দাৰ্জিলিঙৰ কেপ্তেইন ব্রিজেশ থাপা, অন্ধ্ৰ প্রদেশৰ শ্রীকাকুলামৰ নাইক ডি ৰাজেশ, ৰাজস্থানৰ ঝুনঝুনুৰ চিপায় বিজেন্দ্র আৰু চিপায় অজয় ৷ আটাইকেইজন শ্বহীদ 10 ৰাষ্ট্ৰীয় ৰাইফলৰ বিদ্ৰোহ বিৰোধী গোটৰ অন্তৰ্গত । বিগত তিনি সপ্তাহত ডোডাৰ বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সৈতে জড়িত এয়া তৃতীয়টো বৃহৎ এনকাউণ্টাৰ ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত ছহিদ চাৰি ভাৰতীয় সেনা জোৱান, এজন বিষয়াৰ অৱস্থা সংকটজনক - Soldiers killed in Doda Encounter

সন্ত্ৰাসবাদীৰ আক্ৰমণত উত্তৰাখণ্ডৰ 5 জনকৈ জোৱান শ্বহীদ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ - Terrorists Attack on Army Convoy

জম্মু-কাশ্মীৰত গুলীয়াগুলী: নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী, দুজন জোৱান ছহিদ - KASHMIR ENCOUNTER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.