ETV Bharat / bharat

একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি : এটা পৰিয়ালৰ 5 গৰাকী লোকক নৃশংসভাৱে হত্যা, ঘাতকৰ আত্মহত্যা - BRUTAL MURDER CASE

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 1:04 PM IST

Chhattisgarh Murder case : বিবাহৰ প্ৰস্তাৱ মানি নোলৱাই কাল মাতিলে এটা পৰিয়াললৈ ৷ 7 বছৰৰ পিচতো প্ৰেম পাহৰিব নোৱাৰি সংঘটিত কৰিলে ভয়ংকৰ ঘটনা ৷

MURDER CASE in Chhattisgarh
একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি (Etv Bharat assam)

নেশ্যনেল ডেস্ক, 19 মে’ : প্ৰেম স্বৰ্গীয় বুলি কোৱা হয় ৷ প্ৰেমে কি কৰিব নোৱাৰে ? কিন্তু এই প্ৰেমে যেতিয়া জেদলৈ পৰিণত হয়, তেতিয়া প্ৰেমে ঘাতকলৈ পৰিৱৰ্তিত হয় ৷

ছত্তীশড়ৰ বালোদা বজাৰৰ সমীপৰ চৰণগড়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ একেটা পৰিয়ালৰ 5 জন লোকক অতি নিৰ্মমভাৱে হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ লগতে হত্যাৰ অভিযুক্তজনে নিজেও আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ মৃতসকলৰ ভিতৰত দুগৰাকী মহিলা, এজন পুৰুষ আৰু দুটা শিশু আছিল । এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ পাচতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

সমগ্ৰ ঘটনাৰ বিৱৰণ :

ছত্তীশড়ৰ ছালিহা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এটা অঞ্চলত এই ঘটনা সংঘটিত হয় ৷ থাৰ্গাওত একেটা পৰিয়ালৰ পাঁচজন লোকক হাতুৰী আৰু চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা হৈছিল । হত্যাৰ অভিযুক্তটো মৃতকৰ চুবুৰীয়া বুলি জানিব পৰা গৈছে ৷ এই ঘটনা সংঘটিত কৰাৰ পাচত অভিযুক্তই আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে ৷

অভিযুক্তটোৱে হত্যা কৰা কেইগৰাকী হৈছে হেমলাল, জগমতী, মীৰা, মমতা আৰু এটি শিশু ৷ ইয়াৰ পিচতে, অভিযুক্ত মনোজ ওৰফে পাপ্পুৱে আত্মহত্যা কৰে । প্ৰেমজনিত কাৰণত অভিযুক্তটোৱে এই ঘটনাটো সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে ৷

প্ৰাথমিক তদন্তৰ ফলাফল :

চৰণগড় বিলাইগড়ৰ আৰক্ষী অধীক্ষক পুষ্কৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, নিহতসকল হেমলাল চাহু (৫৫), তেওঁৰ পত্নী জগমতি চাহু (৫০), তেওঁলোকৰ কন্যা মীৰা চাহু (৩০) আৰু মমতা চাহু (৩৫) বুলি চিনাক্ত কৰা হৈছে । মীৰা চাহুৰ পুত্ৰ আয়ুষৰ বয়স পাঁচ বছৰ আছিল । অভিযুক্ত মনোজ চাহু একেখন গাঁৱৰ বাসিন্দা ৷ তেওঁৰ মৃতদেহ আন এটা কোঠাত ওলমি থকা অৱস্থাত লাভ কৰা গৈছিল ।

প্ৰাৰম্ভিত তদন্তত প্ৰকাশ পোৱা অনুসৰি, মনোজে হাতত এখন কুঠাৰ লৈ ঘৰটোত প্ৰৱেশ কৰিছিল আৰু ভুক্তভোগীসকলক শুই থকা অৱস্থাত হত্যা কৰিছিল আৰু তাৰ পিচতে তেওঁ আত্মহত্যা কৰে ৷ মনোজ পেছাত এজন দৰ্জী আছিল ৷

আজিৰ পৰা বহু বছৰৰ পূৰ্বে মনোজে মীৰাক বিবাহৰ প্ৰস্তাৱ দিছিল কিন্তু তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছিল । তাৰ পিচতে 2017 চনত, মীৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক আক্ৰমণ কৰাৰ অভিযোগত মনোজৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । সম্প্ৰতি গোচৰটোৰ বিচাৰ চলি আছে।

আৰক্ষীয়ে এই ঘটনাৰ খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় আৰু সকলো মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ সম্প্ৰতি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ লগতে, আৰক্ষীয়ে পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে ।

প্ৰেমজনিত ঘটনা :

গাঁওবাসীৰ মতে, মীৰাক বিয়া পাতিবলৈ নোপোৱাৰ খঙতে এই ঘটনা সংঘটিত কৰে মনোজে । বৰ্তমান, আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ছত্তীশগড়ত সেনাৰ এনকাউণ্টাৰত নিহত নক্সালবাদী - Naxalite encounter in Chhattisgarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.