ETV Bharat / bharat

গুৱাহাটীৰ পৰা গৈ দিল্লীৰ চিৰিয়াখানাত শোভাবৰ্ধন গঁড়-বাঘৰ - Guwahati Zoo

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:05 PM IST

Assam Rhinoceros in Delhi Zoo : পশু বিনিময় কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ পৰা দিল্লী চিৰিয়াখানালৈ এটা মতা গঁড় আৰু এটা ঢেকীয়াপতীয়া প্ৰেৰণ কৰা হৈছে । এই জন্তুকেইটাক বৰ্তমান সংৰক্ষিত স্থানত ৰখা হৈছে । তাত চিকিৎসকৰ এটা দলে জন্তুকেইটাক নিৰীক্ষণ কৰি আছে ।

Assam Rhinoceros in Delhi Zoo
গুৱাহাটীৰ পৰা গৈ দিল্লীৰ চিৰিয়াখানাত শোভাবৰ্ধন গঁড়-বাঘৰ (ETV Bharat File Photo)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰাণীবিজ্ঞান উদ্যানলৈ পশু বিনিময় কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছে গঁড়, বাঘ আৰু ধনেশপক্ষী । অৱশ্যে বৰ্তমান এই পশু-পক্ষীকেইটাক পৰ্যটকক প্ৰদৰ্শনৰ পৰা বিতৰত ৰখা হৈছে । পৰ্যটকসকলে ২১ দিনৰ পিচত এই অতিথি পশু-পক্ষীবোৰ দৰ্শন কৰিব পাৰিব । বৰ্তমান এই জন্তু আৰু চৰাইবোৰক সংৰক্ষিত স্থানত ৰখা হৈছে । তাত চিকিৎসকৰ এটা দলে এই জন্তু আৰু চৰাইবোৰৰ স্বাস্থ্য আৰু আচৰণ নিৰীক্ষণ কৰি আছে ।

দিল্লীৰ মথুৰা ৰোডত অৱস্থিত ৰাষ্ট্ৰীয় জুলজিকেল পাৰ্কত ৮৪ টাতকৈও অধিক প্ৰজাতিৰ পশু-পক্ষী আছে । হাজাৰ হাজাৰ পৰ্যটকে এই পশু-পক্ষীবোৰ দৰ্শন কৰিবলৈ নিতৌ তাত ভিৰ কৰে । আনহাতে, তাত এনে বহু জীৱ-জন্তু তথা পক্ষী আছে. যিবোৰ অকলশৰীয়া অৰ্থাৎ সংগী নাই । এনে পৰিস্থিতিত সিহঁতৰ মাজতত প্ৰজনন ঘটা নাই । যাৰ বাবে সেইবোৰৰ সংখ্যা বৃদ্ধি হোৱা নাই ।

পশু বিনিময় কাৰ্যসূচীৰ অধীনত দিল্লী চিৰিয়াখানাৰ পৰা মহেশ্বৰী নামৰ এটা মাইকী গঁড়, বৰ্ষা নামৰ এটা মাইকী ঢেকীয়াপতীয়া আৰু এযোৰ নীলা হালধীয়া বৰণৰ ঈগল, তিনিযোৰ পেইণ্টেড ষ্টাৰ আৰু ১১ যোৰ ক'লা আৰু বগা হৰিণা গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ বিনিময়ত ধৰ্মেন্দ্ৰ নামৰ এটা ৪ বছৰীয়া মতা গঁড় আৰু সনাতন নামৰ এটা ১১ বছৰীয়া মতা ঢেকীয়াপতীয়াক গুৱাহাটী চিৰিয়াখানাৰ পৰা দিল্লী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ লগতে ক'লা হাঁহ আৰু এযোৰ ধনেশপক্ষীও প্ৰেৰণ কৰা হৈছে ।

দিল্লী চিৰিয়াখানাৰ বিষয়াসকলে জনোৱা মতে, চিৰিয়াখানাখনৰ ভিতৰত জন্তু আৰু চৰাইবোৰক সংৰক্ষিত স্থানত ৰখা হৈছে । সেইবোৰক চিকিৎসকসকলে এইটো নিৰীক্ষণ কৰি আছে যে ঠাই সলনি হোৱাৰ বাবে এই জন্তু আৰু চৰাইবোৰ যাতে অসুস্থ নহয় । আনহাতে, বাহিৰৰ চিৰিয়াখানাৰ কোনো ৰোগ যাতে তাত থকা জন্তুবোৰলৈ বিয়পি নপৰে তাৰ বাবে সিহঁতক সংৰক্ষিত স্থানত ৰখা হৈছে । ইয়াৰ উপৰি যদি কিবা কাৰণত বাহিৰৰ পৰা অনা জন্তু বা চৰাই অসুস্থ হৈ পৰে, তেন্তে সেইবোৰৰ যাতে চিকিৎসাও কৰিব পাৰি তাৰ ব্যৱস্থা কৰা হৈছে আৰু সিহঁতৰ প্ৰকৃতিও নিৰীক্ষণ কৰা হৈছে ।

লগতে পঢ়ক :ছদিনৰ পিচত মণিপুৰত সক্ৰিয় হ’ল ইন্টাৰনেট সেৱা - Unrest manipur
লগতে পঢ়ক :ভাৰতৰ প্ৰথম বন্দে মেট্ৰ'ৰ নাম সলনি; নতুন নাম 'নমো ভাৰত ৰেপিড ৰে'ল' - Namo Bharat Rapid Rail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.