ETV Bharat / bharat

ৰাজধানী চহৰত জলপ্ৰলয়ত শিশুসহ 13 জনৰো অধিক লোকৰ মৃত্যু: 2 জুলাইলৈকে অৰেঞ্জ এলাৰ্ট - Rains havoc in Delhi

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:43 PM IST

Delhi Weather Report: অভিলেখসংখ্যক গ্ৰীষ্মপ্ৰবাহৰ পিছত ৰাজধানী দিল্লীত এতিয়া জলপ্ৰলয়ৰ বিভীষিকা ৷ বৰ্তমানলৈকে শিশুসহ 13 জনৰো অধিক লোকৰ মৃত্যু ঘটিছে এই জলপ্ৰলয়ত ৷ আগন্তুক 24 ঘণ্টাত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

RAINS HAVOC IN DELHI
ৰাজধানী দিল্লীত বান (Etv Bharat)

নেশ্যনেল ডেস্ক, 30 জুন: নতুন দিল্লীত অব্যাহত বান বিভীষিকা ৷ ৰাজধানী চহৰখনত কেইবাদিনো হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ আনকি চৌহদত পানী সোমোৱাৰ ফলত বাতিল কৰিবলগীয়া হৈছে এইমছৰ দৰে চিকিৎসালয়ৰ বহুকেইটা চিকিৎসা সেৱা ৷

বৰ্তমানলৈকে দিল্লী-এনচিআৰৰ বানত প্ৰাণ হেৰুৱাইছে শিশুসহ 13 জনৰো অধিক লোকে ৷ এতিয়াও ঠায়ে ঠায়ে পানী জমা হৈ থকাৰ বাবে ব্যাঘাত জন্মিছে স্বাভাৱিক জীৱনযাত্ৰাত ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি, পৰৱৰ্তী 24 ঘণ্টাত দিল্লীত অব্যাহত থাকিব বৃষ্টিপাত ৷ দেওবাৰৰ দিনটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ লগতে বতাহ, বিজুলী-ঢেৰেকণিৰো সম্ভাৱনা ব্যক্ত কৰে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়ক: গ্ৰীষ্মপ্ৰবাহৰ পিছত ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত: স্তব্ধ স্বাভাৱিক জনজীৱন - Heavy Rain In Delhi NCR

বিগত সপ্তাহৰ আৰম্ভণিতে দেশৰ ৰাজধানী চহৰখনত 44 বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণ হৈছিল । সেই অনুসৰি, 27 জুন বৃহস্পতিবাৰৰ পুৱা 8.30 বজাৰ পৰা 28 জুন শুকুৰবাৰৰ পুৱা 8.30 বজালৈ দিল্লীত 228 মিলিমিটাৰ বৰষুণ হৈছিল । 1936 চনৰ পিছত দিল্লীত সৰ্বাধিক 24 ঘণ্টাত 235.5 মিলিমিটাৰ বৰষুণ হোৱাটো এক অভিলেখ ।

এই বৰষুণৰ বাবেই ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ চিলিং খহি পৰাৰ ফলত এগৰাকী কেব চালকৰ মৃত্যু ঘটে ৷ তদুপৰি গ্ৰেটাৰ নয়দাত দেৱাল খহি পৰাৰ ফলত মৃত্যু ঘটে আন তিনিগৰাকী লোকৰ ৷ একে সময়তে বসন্ত বিহাৰ এলেকাত নিৰ্মাণৰত অৱস্থাত থকা এখন দেৱাল খহি পৰাত তিনিগৰাকীকৈ শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷ দিল্লীৰ সমীপৱৰ্তী বদলী এলেকাত পানী জমা হোৱাৰ বাবে দুটাকৈ শিশুৱে মৃত্যুবৰণ কৰে ৷ লগতে উত্তৰ-পূব দিল্লীৰ ওছমানপুৰ এলেকাত বৰষুণ উপভোগ কৰি থকা অৱস্থাত পুখুৰীত ডুব যোৱাৰ ফলত দুটা শিশুৰ কৰুণ মৃত্যু হয় ।

লগতে পঢ়ক: ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী এইমছৰ বহু সেৱা বন্ধ ; চৌহদৰ ভিতৰতো সোমাল পানী - Rains havoc in Delhi

আনহাতে, উত্তৰ-পশ্চিম দিল্লীৰ শালিমাৰবাগ অঞ্চলৰ এটা আণ্ডাৰপাছত বৰষুণৰ পানী জমা হোৱাৰ ফলত তাত ডুবি এগৰাকী 20 বছৰীয়া যুৱকৰ মৃত্যু ঘটে । দক্ষিণ দিল্লীৰ ওখলা আণ্ডাৰপাছতো প্ৰাণ হেৰুৱায় এজন বৃদ্ধ লোকে ৷

জলপ্ৰলয়ৰ ফলত দিল্লীৰ একাংশ অঞ্চলত ব্যাহত হৈছে বিদ্যুৎ সেৱা ৷ কিৰাৰী আৰু ৰোহিণী অঞ্চলত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যু ঘটে এগৰাকীকৈ ব্যক্তিৰ ৷ দিল্লী-এনচিআৰৰ গ্ৰেটাৰ নয়ডাৰ সূৰজপুৰৰ খোদনা কলন গাঁৱতো এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ বৰষুণৰ ফলত নিৰ্মাণৰত এটা ঘৰৰ দেৱাল খহি পৰি তিনিটাকৈ শিশুৰ মৃত্যু ঘটে । গ্ৰীষ্মকালীন বন্ধ উদযাপন কৰিবলৈ আইতাকৰ ঘৰলৈ অহা শিশুকেইটিয়ে খেলি থকাৰ সময়তে এই ঘটনা ঘটিছিল ৷

অধিক বৃষ্টিপাতৰ আশংকা

বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে সন্ধিয়া দিল্লীৰ লগতে সমীপৱৰ্তী অঞ্চলসমূহতো পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ৷ একাংশ অঞ্চলত ধুমুহা-বতাহ আৰু বজ্ৰপাতৰ সৈতে ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনাও ব্যক্ত কৰিছে কেন্দ্ৰই ৷ ইতিমধ্যে কেন্দ্ৰই এই সম্পৰ্কে সামাজিক মাধ্যম এক্সৰ জৰিয়তে প্ৰকাশ কৰিছে ৷

সাধাৰণ লোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু

ৰাজধানী দিল্লীত বসবাস কৰা নাগৰিকসকলে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৷ তাৰ বাবে তেওঁলোকে যাৱতীয় বয়বস্তু সাজু কৰি ৰাখিছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই 2 জুলাইলৈকে দিল্লীত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ৷

ওখলা আণ্ডাৰপাছ যান-বাহনৰ বাবে বন্ধ

ওখলা আণ্ডাৰপাছত পানী জমা হোৱাৰ ফলত দৈনন্দিন যাতায়াত কৰা লোকসকলে বহু সমস্যাৰ সন্মুখীন হৈছে ৷ উক্ত স্থানত শেহতীয়াকৈ এগৰাকী লোক পানীত ডুবি মৃত্যুবৰণ কৰাৰ পিছত দিল্লী যানবাহন আৰক্ষীয়ে উক্ত পথছোৱা বন্ধ কৰি দিয়ে ৷ এইবিষয়ে দিল্লী যানবাহন আৰক্ষীয়ে সদৰী কৰিছে সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৷

সাহায্য ঘোষণা

দিল্লীৰ মন্ত্ৰী আতিশীয়ে চহৰখনত হোৱা জলপ্ৰলয়ত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়সকলক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ৷ অতিৰিক্ত মুখ্য সচিব(এচিএছ) ক দিয়া নিৰ্দেশত আতিশীয়ে কয় যে, 28 জুনত পানীত ডুবি কেইবাজনো লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে । এই আটাইবোৰ পৰিয়ালকে 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক: 383 খন গাঁও আজিও পানীৰ তলত ; 32 জনলৈ‌ বৃদ্ধি মৃতকৰ সংখ্যা - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.