ETV Bharat / bharat

পুৱাই হাহাকাৰ লাগিল ! বোমাৰে ৪০ খনকৈ স্কুল উৰুৱাই দিয়াৰ ভাবুকি - DELHI SCHOOLS GET BOMB THREAT

সাৱধান ! বোমাৰে উৰুৱাই দিয়া হ’ব ৪০খনতকৈও অধিক বিদ্যালয় ৷ ইতিমধ্যে ই-মেইলযোগে ৩০ হাজাৰ ডলাৰ দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই ৷

Over 40 Delhi Schools Get Bomb Threat In Email, Sender Demands 30,000 Dollars
বোমাৰে উৰুৱাই দিয়া হ’ব দিল্লীৰ ৪০খনতকৈও অধিক স্কুল (ANI)
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 11:55 AM IST

নতুন দিল্লী : আনদিনাৰ দৰে আজিও সকলো ঠিকেই চলি আছিল ৷ প্ৰতিদিনাৰ দৰে সোমবাৰে পুৱাই বিদ্যালয়লৈ আহিছে শিক্ষাৰ্থী ৷ কিন্তু ইয়াৰ মাজতে হঠাৎ কেবাখনো বিদ্যালয়ত লাগি গ’ল হুলস্থূল ৷ বোমা-বোমা বুলি সকলোতে লাগি গ’ল হুৱাদুৱা ৷

চিন্তিত অভিভাৱক, শংকিত শিক্ষাৰ্থী তথা শিক্ষক ৷ বিদ্যালয়ৰ কোন কোন দিশত সংস্থাপিত কৰা হৈছে বোমা ? কোনফালে নিৰাপত্তা বিচাৰি যাব শিক্ষাৰ্থী আৰু শিক্ষকসকল ৷ এই হুৱাদুৱা পৰিৱেশৰ মাজতে ঘটনাস্থলীত উপস্থিত আৰক্ষী, বোমা বিশেষজ্ঞ ৷

আমি উল্লেখ কৰা এই ঘটনা সোমবাৰে পুৱাই সংঘটিত হৈছে ৰাজধানী চহৰ দিল্লীত ৷ দিল্লী আৰক্ষীয়ে সোমবাৰে উল্লেখ কৰা মতে, নতুন দিল্লীৰ ৪০খনতকৈও অধিক বিদ্যালয়ে ই-মেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছিল ৷ লগতে এই ভাবুকি প্ৰেৰকজনে ৩০ হাজাৰ ডলাৰ দাবী কৰিছিল ৷

  • ভাবুকি বাৰ্তা দিয়া ই-মেইলটোৰ লিখনি :

"মই বিল্ডিঙৰ ভিতৰত একাধিক বোমা (লিড এজাইড, ডিটনেটৰত ব্যৱহৃত বিস্ফোৰক কম্পাউণ্ড) স্থাপন কৰিলো । বোমাবোৰ সৰু আৰু বহু ভালকৈ লুকুৱাই থোৱা আছে । ইয়াৰ ফলত বিল্ডিংটোৰ বৰ বেছি ক্ষতি নহ'ব, কিন্তু বহু লোক এই বোমা বিস্ফোৰণ হ'লে আঘাতপ্ৰাপ্ত হ'ব ৷’’

এই ই-মেইলটো ৮ ডিচেম্বৰৰ নিশা প্ৰায় ১১:৩৮ বজাত লাভ কৰা হৈছিল । এই ভাবুকিভৰা ই-মেইল লাভ কৰা বিদ্যালয়সমূহৰ ভিতৰত আছিল ডি পি এছ আৰ কে পুৰম (DPS RK Puram) আৰু জি ডি গোৱেংকা স্কুল পশ্চিম বিহাৰ (GD Goenka Paschim Vihar)।

লগতে পঢ়ক : বোমাৰ ভাবুকি সম্বন্ধীয় সকলো তথ্য সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ
  • বোমাৰ ভাবুকি লাভ কৰা বিদ্যালয় :

দিল্লী অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সংবাদ সংস্থা ANI ক জনোৱা মতে, পুৱা ৭.০৬ বজাত ডি পি এছ আৰ কে পুৰম আৰু ৬.১৫ বজাত জি ডি গোৱেংকা পশ্চিম বিহাৰলৈ বোমাৰ ভাবুকিৰ ফোন আহিছিল । তাৰ পাছতে ডগ স্কোৱাড, বোমা ধৰা পেলোৱা দল, স্থানীয় আৰক্ষীকে ধৰি অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকল এই বিদ্যালয়সমূহত উপস্থিত হৈ তালাচী অভিযান চলায় । এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই বুলি এজন আৰক্ষী বিষয়াই জনায় । লগতে বিষয়াগৰাকীয়ে কয় যে ঘটনা সন্দৰ্ভত আৰু অধিক তদন্ত চলি আছে ।

Over 40 Delhi Schools Get Bomb Threat In Email, Sender Demands 30,000 Dollars
বোমাৰে উৰুৱাই দিয়া হ’ব দিল্লীৰ ৪০খনতকৈও অধিক স্কুল (ANI)

দিল্লী আৰক্ষীয়ে জনোৱা মতে, মাদাৰ মেৰীজ স্কুল, ব্ৰিটিছ স্কুল, ছালৱান পাব্লিক স্কুল, কেম্ব্ৰিজ স্কুলকে ধৰি অন্যান্য বিদ্যালয়সমূহেও ই-মেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছে ।

মাদাৰ মেৰীজ স্কুলে জনোৱা মতে, আজি পুৱা স্কুলত বোমাৰ ভাবুকিৰ সন্দৰ্ভত এটা ই-মেইল লাভ কৰা হৈছে । তাৰ পাছতে মাদাৰ মেৰী স্কুল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকলৈ বাৰ্তা প্ৰেৰণ কৰে ৷

প্ৰেৰণ কৰা বাৰ্তাটো এনেধৰণৰ -

"প্ৰিয় অভিভাৱকসকল, আজি পুৱা বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি সন্দৰ্ভত এটা ই-মেইল আহিল । সেইবাবেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে ছাত্ৰ-ছাত্ৰীসকলক তৎক্ষণাত আতৰাই পঠিওৱা হৈছে । আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপোনালোকে নিজৰ নিজৰ বাছ ষ্টপৰ পৰা তৎক্ষনাৎ সন্তানক লৈ যাওক ৷ বাছৰ ইনচাৰ্জসকলে আপোনালোকক বাছৰ গতিবিধিৰ বিষয়ে সময়ে সময়ে সকলো অৱগত কৰিব ৷”

লগতে পঢ়ক : দিল্লীৰ এইমছকে ধৰি ৮টা শ্বপিং মল আৰু বহু চিকিৎসালয়লৈ বোমাৰ ভাবুকি - BOMB THREATS IN DELHI
  • দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী :

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে ।

X ৰ এটা পোষ্টত আতিশীয়ে কয়, "দিল্লীত দৈনিক মুক্তিপণ, হত্যা, গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি পোৱা গৈছে । দিল্লীৰ আইন-শৃংখলাৰ পৰিস্থিতি আগতে কেতিয়াও ইমান বেয়া হোৱা নাছিল । বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰখনে দিল্লীৰ জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰা কামত ব্যৰ্থ হৈছে ।’’

  • দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল :

দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালেও কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সমালোচনা কৰি কয় যে দিল্লীৰ জনসাধাৰণে আইন-শৃংখলাৰ ইমান বেয়া অৱস্থা কেতিয়াও দেখা নাই ৷ অৰবিন্দ কেজৰিৱালে X ত পোষ্ট কৰি কয় যে দিল্লীৰ ইমান বেয়া আইন-শৃংখলাৰ অৱস্থা আগতে দিল্লীৰ জনসাধাৰণে দেখা নাই । অমিত শ্বাহে দিল্লীৰ জনসাধাৰণক ইয়াৰ উত্তৰ দিব লাগে ।

উল্লেখ্য যে, ১৯ নৱেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰ আৰু দিল্লী আৰক্ষীক বোমাৰ ভাবুকি আৰু আনুষংগিক জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ বিশদ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (Standard Operating Procedure চমুকৈ SOP)কে ধৰি এক বিস্তৃত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল । এই নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰাৰ বাবে আদালতে আঠ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক : অৰ্ধশতাধিক বিমান আৰু একুৰিৰো অধিক হোটেললৈ বোমাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.