ETV Bharat / bharat

পদযাত্ৰাৰ বাবে সংকল্পবদ্ধ কৃষক; কঠোৰ নিৰাপত্তাৰ অধীনত দিল্লী - farmers protest march

Farmers Protest : সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই তেওঁলোকৰ দাবী পূৰণৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ 'দিল্লী চলো' আন্দোলনৰ নেতৃত্ব দি আছে । তেওঁলোকৰ দাবীবোৰৰ ভিতৰত আছে শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ ওপৰত আইন আৰু ঋণ ৰেহাই ।

পদযাত্ৰাৰ বাবে সংকল্পবদ্ধ কৃষক; কঠোৰ নিৰাপত্তাৰ অধীনত দিল্লী

author img

By PTI

Published : Feb 14, 2024, 10:50 AM IST

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : বিভিন্ন বাধা-বিঘিনি নেওচি হ'লেও ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা কৰাৰ সিদ্ধান্তত অটল হৈ আছে প্ৰতিবাদকাৰী কৃষকসকল । যাৰ বাবে বুধবাৰে কেন্দ্ৰীয় দিল্লী আৰু দিল্লী-হাৰিয়ানা সীমান্ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । লগতে নিয়োগ কৰা হৈছে বৃহৎ সংখ্যাত নিৰাপত্তাৰক্ষী ।

আনহাতে, বৃহত্তৰ অঞ্চলটো বেৰিকেডেৰে আবদ্ধ কৰি পেলোৱা হৈছে । যাৰ বাবে এতিয়া যাত্ৰীসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে । সিংগু (দিল্লী-সোনিপত) আৰু টিক্ৰি সীমান্তত (দিল্লী-বাহাদুৰগড়) যান-বাহন চলাচল স্থগিত ৰখা হৈছে ।

এগৰাকী বিষয়াই জনোৱা মতে, সংঘৰ্ষ বিৰোধী নিৰাপত্তাৰক্ষীসকলক মোতায়েন কৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ ড্ৰোণ ব্যৱহাৰ কৰা হৈছে । সিংগু আৰু টিক্ৰি সীমান্তৰ লগতে গাজীপুৰ সীমান্তত বেৰিকেড, কংক্ৰিটৰ ব্লক, লোৰ জোং থকা বেৰ আৰু কণ্টেইনাৰ বেৰৰ কেইবাটাও স্তৰ স্থাপন কৰা হৈছে।

আন এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, প্ৰয়োজন হ'লে সীমান্তত আৰু কেন্দ্ৰীয় দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হ'ব । আনহাতে, তিনিটা সীমান্ত ক্ষেত্ৰত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ বাবে যাত্ৰীসকলে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

উল্লেখ্য যে, সংযুক্ত কিষাণ মৰ্চা (অনা-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই তেওঁলোকৰ দাবী পূৰণৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ 'দিল্লী চলো' আন্দোলনৰ নেতৃত্ব দি আছে । তেওঁলোকৰ দাবীবোৰৰ ভিতৰত আছে শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ ওপৰত আইন আৰু ঋণ ৰেহাই ।

ইফালে মঙলবাৰে পঞ্জাবৰ কৃষকসকলে হাৰিয়ানা-পঞ্জাবৰ দুটা সীমান্তত কন্দুৱা গেছৰ সন্মুখীন হয় । ইয়াৰে কিছুমান ড্ৰোণৰ দ্বাৰা নিক্ষেপ কৰা হয় । প্ৰতিবাদকাৰীসকলে তেওঁলোকক দিল্লীলৈ যোৱাৰ পথত বাধা দিবলৈ স্থাপন কৰা বেৰিকেডবোৰ ভাঙিবলৈ চেষ্টা কৰাৰ সময়ত কন্দুৱা গেছৰ শেল নিক্ষেপ কৰা হয় । অৱশ্যে নিশালৈকে তেওঁলোকক হাৰিয়ানা আৰক্ষীয়ে পঞ্জাব-হাৰিয়ানা সীমান্ততে আবদ্ধ কৰি ৰাখে ৷

মঙলবাৰে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বহু ঠাইত আৰু লগতে সীমান্তত আৰু দিল্লীৰ কেইবাটাও ঠাইত বেৰিকেড স্থাপনৰ ফলত যান-বাহন চলাচল ব্যাহত হয় । আনহাতে, কেন্দ্ৰীয় দিল্লীৰ নটা মেট্ৰ' ষ্টেচনৰ কিছু গে'ট সন্ধিয়ালৈকে বন্ধ থকাৰ বাবে মেট্ৰ' যাত্ৰীসকলো অসুবিধাৰ সন্মুখীন হ'বলগা হয় ।

একেদৰে মঙলবাৰে দৰ্শনাৰ্থীসকলৰ বাবে লালকিল্লা চৌহদ অস্থায়ীভাৱে বন্ধ কৰি ৰখা হয় । আনহাতে, দিল্লী আৰক্ষীয়ে এমাহৰ বাবে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা 144-ৰ অধীনত পাঁচ বা ততোধিক লোকৰ সমাবেশ, শোভাযাত্ৰা বা ৰেলী আৰু মানুহ কঢ়িয়াই অনা ট্ৰেক্টৰ-ট্ৰলীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ।

উল্লেখ্য যে, ২০২০ চনত কৃষকৰ প্ৰতিবাদৰ সময়ত বিভিন্ন ৰাজ্য মুখ্যত পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে সিংগু, গাজীপুৰ আৰু টিক্ৰি সীমান্তত এক অৱস্থান কাৰ্যসূচী প্ৰদৰ্শন কৰিছিল । তেওঁলোকে ২০২০ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে তাত অৱস্থা কৰিছিল ।

লগতে পঢ়ক : প্ৰৰোচিত মন্তব্য আৰু উৰা বাতৰি বিয়পোৱাক ৰোধ কৰিবলৈ কৰ্তন ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.