ETV Bharat / bharat

এটা হাইপ্ৰফাইল চোৰ, যাত্ৰীৰূপত 110 দিনত 200 খন বিমানত চলালে চুৰি কাৰ্য - THE JEWELL THIEF - THE JEWELL THIEF

THE JEWELL THIEF ARRESTED : বিমানযাত্ৰীসকল সাৱধান হওক ৷ কোনসময়ত আপোনাৰ বেগৰ সামগ্ৰী চোৰৰ পকেটত সোমাই আপুনি ধৰিবই নোৱাৰিব ৷ এইবাৰ দিল্লীত এটা হাই প্ৰফাইলৰ চোৰৰ উপদ্ৰৱ ৷ বিগত 110 দিনত 200 খন বিমানত যাত্ৰী হিচাপে উঠি যাত্ৰীৰ পৰা চুৰি কৰে হাই প্ৰফাইল চোৰটোৱে ৷ পঢ়ক সবিশেষ...

THE JEWELL THIEF
এটা হাইপ্ৰফাইল চোৰ, যাত্ৰীৰূপত 110 দিনত 200 খন বিমানত চলালে চুৰি কাৰ্য (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:50 PM IST

নেশ্যনেল ডেস্ক, 15 মে’ : হলীউডৰ ষ্টাইলৰ এটা চোৰৰ কাহিনী ৷ এই কাহিনীয়ে আপোনাৰো চকু কপালত তুলিব ৷ ইটোৰ পিচত সিটোকৈ চুৰিকাণ্ড ৷ পিচে এয়া এলা পেচা চুৰি নহয়, চোৰটোৱে চুৰি কৰা সামগ্ৰীৰ ভিতৰত সৰ্বাধিক মূল্যৰ সামগ্ৰীৰ মূল্য হৈছে 1 কোটি টকা ৷ এই হাই প্ৰফাইল চোৰটোৱে চুৰি কৰিবলৈ বাচনি কৰে বিমান যাত্ৰীক ৷ এজন বিমান যাত্ৰী হিচাপে নিজেই বিমানত উঠি অতি কৌশলেৰে যাত্ৰীৰ হাত খালী কৰে চোৰটোৱে ৷ বিগত 110 দিনত 200 খন বিমানত যাত্ৰী হিচাপে উঠি যাত্ৰীৰ পৰা চুৰি কৰে হাই প্ৰফাইল চোৰটোৱে ৷

সম্প্ৰতি দিল্লীৰ পাহাৰগঞ্জ আৰক্ষীৰ জালত পৰিছে এই হাই প্ৰফাইল চোৰটো ৷ বিগত মাহত হায়দৰাবাদৰ পৰা দিল্লীলৈ যাত্ৰা কৰা এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছিল যে, তেওঁৰ হেণ্ডবেগৰ পৰা 7 লাখ টকাৰ গহনা চুৰি হৈছিল । আনহাতে আৰক্ষীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিৰ পৰা আন এক অভিযোগ লাভ কৰিছিল যে, তেওঁৰ কেবিন বেগৰ পৰা প্ৰায় ২০ লাখ টকাৰ মূল্যবান সামগ্ৰী চুৰি হৈছিল ।

এই দুই অভিযোগ লাভ কৰাৰ পিচতেই তৎপৰ হৈ পৰে আৰক্ষী ৷ আৰক্ষীয়ে তৎকালে অভিযান চলাই বিমানবন্দৰৰ পৰা কেইবা ঘণ্টাৰ ফুটেজ স্কেন কৰি ৰাজেশ কাপুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী তদন্তৰ সময়ত চোৰটোৱে দিয়া স্বীকাৰোক্তিৰ শুনি হতবাক হয় আৰক্ষী । ৰাজেশে স্বীকাৰ কৰিছিল যে কেৱল উচ্চ মধ্যবিত্ত আৰু ধনী লোকেহে বিমানেৰে ভ্ৰমণ কৰে । সেয়েহে তেওঁৰ টাৰ্গেট হৈছে বিমান যাত্ৰী ৷

আৰক্ষীয়ে জনোৱা অনুসৰি :

দিল্লীৰ পাহাৰগঞ্জৰ ৰাজেশ কাপুৰে (40) ধনৰ বিনিময় কৰা ব্যৱসায়ৰ লগতে এখন মোবাইল ফোন মেৰামতিৰো দোকান চলাইছিল । কিন্তু তেওঁৰ হাতত তথাপিও পৰ্যাপ্ত ধন নাছিল ৷ সেয়েহে অধিক উপাৰ্জনৰ লালসাত ৰাজেশে চুৰি কৰিবলৈ আৰম্ভ কৰিছিল ৷ প্ৰথমে, ৰে’লত চুৰি কৰি আৰক্ষীৰ জালত পৰিছিল ৰাজেশে ৷ কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পিচতে ৰাজেশৰ টাৰ্গেট হৈছিল বিমান যাত্ৰীসকল ৷ ৰাজেশৰ মুখ্য টাৰ্গেট আছিল যিসকল লোকে কানেক্টিং বিমানেৰে যাত্ৰা কৰে ৷ তাতেই যাত্ৰীসকলৰ সামগ্ৰী থান-থিত লগোৱাৰ ভাও লৈ কোনো যাত্ৰী ৰেষ্টৰুমলৈ যোৱাৰ সময়তেই যাত্ৰীৰ মূল্যবান সামগ্ৰী চুৰি কৰে ৰাজেশে । দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, এই চুৰি ঘটনাৰ বাবে 2023 চনত 110 দিনত 200 খন বিমানত ভ্ৰমণ কৰে ৷

ৰাজেশ কাপুৰে শেহতীয়াকৈ দুটা চুৰিকাণ্ড সংঘটি কৰিছিল । যোৱা 11 এপ্ৰিলত, হায়দৰাবাদৰ পৰা দিল্লীলৈ যাত্ৰা কৰা এগৰাকী মহিলাৰ পৰা তেওঁৰ বেগত থকা 7 লাখ টকাৰ গহনা চুৰি কৰিছিল । যোৱা ২ ফেব্ৰুৱাৰীত, অমৃতসৰৰ পৰা দিল্লীলৈ বিমানেৰে যাত্ৰা কৰা এজন ব্যক্তিয়ে দিল্লীত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ ২০ লাখ টকাৰ এটা বেগ চুৰি হৈছিল ।

যেতিয়া আৰক্ষীয়ে দিল্লী, হায়দৰাবাদ, অমৃতসৰ আৰু অন্যান্য বিমানবন্দৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছিল, একেজন ব্যক্তিক তিনিটা স্থানত দেখি সন্দেহ কৰি অভিযুক্তটোক দিল্লীৰ পাহাৰগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

অভিযুক্তটোৱে স্বীকাৰ কৰে যে তেওঁ হায়দৰাবাদৰ পৰা দিল্লীলৈ দুটা পৃথক পৃথক যাত্ৰাত দুজন যাত্ৰীৰ পৰা সম্পত্তি চুৰি কৰিছিল । তেওঁ প্ৰায় 52 লাখ টকাৰ গহনা আৰু নগদ ধন চুৰি কৰিছিল । এই সন্দৰ্ভত জুবিলি হিলছ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল । আৰজিআইএ আৰক্ষী থানাত আন এটা গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক: গেৰেজ চলোৱাৰ নামত অবৈধ অস্ত্ৰৰ বেহা; ডিমাপুৰত গ্ৰেপ্তাৰ আহমেদ আনছাৰীক - SUPPLIED ARMS IN NAGALAND

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.