ETV Bharat / bharat

পাঞ্জাব-হাৰিয়ানা সীমান্তত উত্তেজনা, প্ৰতিবাদকাৰী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ

Delhi Chalo march: পাঞ্জাব আৰু হাৰিয়ানাৰ প্ৰতিটো সীমান্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক । শম্ভু সীমান্তত বেৰিকেড অতিক্ৰম কৰা কৃষকৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ ।

Delhi Chalo march
প্ৰতিবাদকাৰী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:28 PM IST

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠক সফল নোহোৱাৰ পিচতে কৃষকসকলে বৃহৎ আন্দোলনৰ লক্ষ্যৰে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে । অৱশ্যে, শম্ভু সীমান্তত কৃষকসকলক বাধা দিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ইফালে কৃষকসকলেও শম্ভু সীমান্তত স্থাপন কৰা বেৰিকেড অতিক্ৰম কৰাৰ প্ৰয়াস কৰি আছে । তেনে পৰিস্থিতিত আৰক্ষীয়ে কৃষকসকলক ছত্ৰভঙ্গ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিছে । ড্ৰোণৰ জৰিয়তে কৃষকসকলক লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে । এই সময়ছোৱাত আৰক্ষী আৰু কৃষকসকলৰ মাজত সংঘৰ্ষ হোৱাও দেখা গৈছে ।

দিল্লীত কৃষকসকলৰ প্ৰতিবাদত অংশ ল'বলৈ পাঞ্জাবৰ কৃষকসকলে শম্ভু সীমান্তত সমবেত হোৱা দেখা গৈছে । কৃষকসকলে শম্ভু সীমান্তত বিভিন্ন ধৰণৰ শ্ল'গানেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । একে পৰিস্থিতিত আৰক্ষীয়ে একাংশ প্ৰতিবাদকাৰীক আটক কৰিছে ।

ইয়াৰ পূৰ্বে, আৰক্ষীয়ে প্ৰথমে ঘোষণা কৰি কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছিল । কিন্তু একাংশ কৃষকে শ্ল'গান দিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত আৰক্ষী আৰু কৃষকসকলৰ মাজত সংঘৰ্ষ হয় । আৰক্ষীয়ে কৃষকসকলক সতৰ্ক কৰি দিছে যে অঞ্চলটোত ১৪৪ ধাৰা বলবৎ হৈ আছে । তাৰ পিচতো বৃহৎ সংখ্যক কৃষক সীমান্তত একত্ৰিত হৈছে ।

কুৰুক্ষেত্ৰৰ তুকাৰ সীমান্ততো একে পৰিৱেশ দেখা গৈছে । পাঞ্জাবৰ কৃষকসকলে বেৰিকেড ভংগ কৰাৰ চেষ্টা চলাইছে । অৱশ্যে সীমান্তক আৰক্ষী শিবিৰলৈ ৰূপান্তৰ কৰা হৈছে । আৰক্ষীয়ে কৃষকসকলক ছত্ৰভঙ্গ দিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে ।

সমান্তৰালকৈ আম্বালাত কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে । আম্বালাত বৰ্ধিত উত্তেজনাৰ বাবে আৰক্ষীয়ে কৰ্ণালত বেৰিকেডৰ সংখ্যা বৃদ্ধি কৰিছে । কাৰ্ণালৰ ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ এটা অংশ বন্ধ কৰা হৈছে । কৃষকসকলে আগবাঢ়ি অহাৰ লগে লগে ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সম্ভাৱনা আছে । একেদৰে পাঞ্জাবৰ বাথিন্দাতো কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । কেইবাটাও স্তৰত বেৰিকেড স্থাপন কৰা হৈছে । সকলো সীমান্তত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :কৃষক সংগঠন-কেন্দ্ৰীয় চৰকাৰৰ আলোচনা ব্য়ৰ্থ: আজি পুনৰ ‘দিল্লী চলো’ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.