ETV Bharat / bharat

মুখ্যমন্ত্ৰী কেজৰিৱালৰ আস্থা প্ৰস্তাৱ; দিল্লী বিধানসভাত আলোচনা আৰম্ভ - Delhi Assembly

Delhi Assembly motion of confidence : বিগত তিনি বছৰত কেজৰিৱাল চৰকাৰৰ এইটো হৈছে তৃতীয় আস্থা প্ৰস্তাৱ । এই প্ৰস্তাৱ আপৰ এই দাবীৰ মাজতে আহিছে যে বিজেপিয়ে তেওঁলোকৰ বিধায়কসকলক ধনৰ প্ৰলোভন দেখুৱাই দিল্লীত আপ চৰকাৰ ভাঙিবলৈ চেষ্টা কৰি আছে ।

মুখ্যমন্ত্ৰী কেজৰিৱালৰ আস্থা প্ৰস্তাৱ
মুখ্যমন্ত্ৰী কেজৰিৱালৰ আস্থা প্ৰস্তাৱ
author img

By PTI

Published : Feb 17, 2024, 1:36 PM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : দিল্লী বিধানসভাই শনিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্থাপন কৰা আস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰে । কেজৰিৱালে অভিযোগ কৰিছে যে বিজেপিয়ে তেওঁৰ চৰকাৰ ভংগ কৰিবলৈ আপৰ বিধায়কসকলক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰি আছে ।

আলোচনা আৰম্ভ কৰি আপৰ কস্তুৰবা নগৰৰ বিধায়ক মদন লালে অভিযোগ কৰে যে বিজেপিয়ে কেজৰিৱাল চৰকাৰক 'বিফল' আৰু 'পক্ষাঘাতগ্ৰস্ত' কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে । দলৰ বিধায়কসকলক মনে মনে প্ৰলোভিত কৰি বা তেওঁলোকৰ কামত হস্তক্ষেপ কৰি এই চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ কৰে ।

আনহাতে, অধিবেশনৰ বাবে বিজেপি সদস্যসকলক নিলম্বন কৰাৰ পিছত সদনৰ একমাত্ৰ বিৰোধী প্ৰতিনিধি ৰামবীৰ সিং বিধুৰী আলোচনা আৰম্ভ হোৱাৰ সময়ত উপস্থিত নাছিল । অৱশ্যে তেওঁ কিছু সময় পিছতে সদনত উপস্থিত হয় । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো সদনত উপস্থিত থাকে আৰু দিনটোৰ শেষৰ ফালে বক্তব্য ৰখাৰ কথা আছে ।

উল্লেখ্য যে বিগত তিনি বছৰত কেজৰিৱাল চৰকাৰৰ এইটো হৈছে তৃতীয় আস্থা প্ৰস্তাৱ । এই প্ৰস্তাৱ আপৰ এই দাবীৰ মাজতে আহিছে যে বিজেপিয়ে তেওঁলোকৰ বিধায়কসকলক ধনৰ প্ৰলোভন দেখুৱাই দিল্লীত আপ চৰকাৰ ভাঙিবলৈ চেষ্টা কৰি আছে । ইয়াৰ পূৰ্বৰ আস্থা প্ৰস্তাৱকেইটা 2022 চনৰ আগষ্ট আৰু 2023 চনৰ মাৰ্চত উত্থাপন কৰা হৈছিল । সেই সময়তো আপে অভিযোগ কৰিছিল যে বিজেপিয়ে দলৰ বিধায়কসকলক প্ৰলোভিত কৰিবলৈ 'অপাৰেচন লোটাছ' চলাই আছে ।

প্ৰণিধানযোগ্য যে দিল্লী বিধানসভাত আপৰ প্ৰচুৰ সংখ্যাগৰিষ্ঠতা আছে । 70 জনীয়া দিল্লী বিধানসভাত আপৰ 62 গৰাকী বিধায়ক আছে । আনহাতে, বিৰোধী বিজেপিৰ আঠগৰাকী বিধায়ক আছে । ইয়াৰে ভিতৰত বৰ্তমান সাতগৰাকী নিলম্বিত ।

শুকুৰবাৰে আস্থা প্ৰস্তাৱ তালিকাভুক্ত কৰি কেজৰিৱালে কয়, "দুগৰাকী বিধায়ক মোৰ ওচৰলৈ আহি কয় যে তেওঁলোকক ২৫ কোটি টকাকৈ আগবঢ়াই বিজেপি সদস্যসকলে যোগাযোগ কৰিছিল । তেওঁলোকক কোৱা হৈছিল যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ব আৰু চৰকাৰ ভংগ কৰা হ'ব ।"

লগতে পঢ়ক :ভাৰ্চুৱেলী আদালতত হাজিৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.