ETV Bharat / bharat

মৃত ঘোষণা কৰা ৰে’লৰ সহকাৰী চালকক হাস্পতালৰ বিচনাত আৱিস্কাৰ - KANCHENJUNGHA EXPRESS ACCIDENT

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:16 AM IST

Train accident in West Bengal : পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত নিতৌ প্ৰকাশ পাইছে ন ন তথ্য ৷ কিন্তু এই তদন্তত যথেষ্ট খুঁটি-নাটি থকাৰো সম্ভাৱনা আছে ৷ পঢ়ক সবিশেষ ...

KANCHENJUNGHA EXPRESS ACCIDENT
ৰে’ল দুৰ্ঘটনা (Etv Bharat)

নেশ্যনেল ডেস্ক, 20 জুন: সোমবাৰে পুৱা পশ্চিমবংগৰ দাৰ্জিলিং জিলাত দুৰ্ঘটনাত পতিত হৈছিল কাঞ্চনজংঘা এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখন ৷ বিপৰীত দিশৰ পৰা এখন মালবাহী ৰে’ল আহি খুন্দা মৰাত কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটাকৈ দবা লাইনচ্যুত হয় ৷

এই দুৰ্ঘটনাত মৃত্যু ঘটে 10 গৰাকী লোকৰ ৷ ৰে’ল বিভাগে সমগ্ৰ ঘটনাটোৰ বাবে দোষাৰোপ কৰিছে ৰে’ল দুখনৰ চালকদ্বয়ক ৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈঞ্চৱেও বিষয় সন্দৰ্ভত উচিত তদন্তৰ নিৰ্দেশ দিয়ে ৷ কিন্তু ৰে’লৱেৰ তদন্তত আৰম্ভণিৰ পৰাই বিসংগতিৰ অভিযোগ পোৱা গৈছে ৷

লগতে পঢ়ক: কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ : 10 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT

ৰে’ল বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মাই ইতিমধ্যে মালবাহী ৰে’লখনৰ মুখ্য আৰু সহকাৰী দুয়োগৰাকী চালকৰে এই দুৰ্ঘটনাত মৃত্যু ঘটা বুলি দাবী কৰে ৷ কিন্তু ইয়াৰ পিছতে প্ৰকাশ পোৱা এটা ভিডিঅ’ই চকু কপালত তুলিছে সকলোৰে ৷

উক্ত ভিডিঅ’টোত মালবাহী ৰে’লখনৰ সহকাৰী চালকগৰাকীক চিকিৎসাধীন অৱস্থাত হাস্পতালৰ বিচনাত থকা দেখা গৈছে ৷ য’ত তেওঁ অস্পষ্ট কঁপা কঁপা মাতেৰে সুধিছে যে, মুখ্য চালকগৰাকী কেনে অৱস্থাত আছে ৷ অৱশ্যে ইটিভি ভাৰতে এই ভিডিঅ’টোৰ সত্যাসত্য প্ৰমাণিত কৰা নাই ৷

লগতে পঢ়ক: দশকটোৰ ভিতৰত সংঘটিত কেইটামান শোকাৱহ ৰে’ল দুৰ্ঘটনা - Kanchanjungha Express Accident

সম্প্ৰতি প্ৰকাশিত এই ভিডিঅ’ই হতবাক কৰি তুলিছে প্ৰতিগৰাকীকে ৷ জানিব পৰা মতে, দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পিছত মনু কুমাৰ নামৰ মালবাহী ৰে’লখনৰ সহ পৰিচালকগৰাকীক ভৰ্তি কৰোৱা হৈছিল ৰে’ল বিভাগৰ চিকিৎসালয়ত ৷ পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ব্যক্তিগত কোনো চিকিৎসালয়লৈ ৷ সম্প্ৰতি চিকিৎসালয়তে আছে মনু কুমাৰ ৷ বৰ্তমানলৈকে তেওঁক জনোৱা হোৱা নাই সহকৰ্মীৰ মৃত্যুৰ বাতৰি ৷

লগতে পঢ়ক: উদ্ধাৰ অভিযানৰ অন্ত: ৰে’ল সুৰক্ষা আয়োগে তদন্ত কৰিব কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ - Kanchanjunga Train Wreck

এন এফ ৰে’লৱেৰ ৰে’ল সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্ত জনক কুমাৰ গাৰ্গেও এই তদন্ত প্ৰক্ৰিয়াত যোগদান কৰিছে ৷ মঙলবাৰে পুৱাৰে পৰা অব্যাহত আছে এই ঘটনাৰ তদন্ত ৷ দুৰ্ঘটনাটোৰ সময়ত ৰে’ল বিভাগৰ বিভিন্ন কামত জড়িত থকা প্ৰায় 41 গৰাকী লোকক কৰা হৈছে জেৰা ৷ জেৰাৰ পিছতে তেওঁলোকৰ ভাষ্য পঞ্জীয়ন কৰা হৈছে ৷ তদন্তকাৰী বিষয়া গাৰ্গে গাৰ্ড মেন, চিগনেল, কণ্ট্ৰ’ল ৰুম, যোগাযোগ, ট্ৰেইন মেনেজাৰ, ষ্টেচন মাষ্টাৰকে ধৰি আন কেইবাজনৰো ভাষ্য গ্ৰহণ কৰে ৷

লগতে পঢ়ক: বিকল্প পথেৰে চলিব উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এইকেইখন ৰে’ল... - Kanchanjungha Express Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.