ETV Bharat / bharat

প্ৰেম-ব্যৱসায়-শিক্ষাৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 2nd May

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 4:19 AM IST

Daily Horoscope For 2nd May 2024
প্ৰেম-ব্যৱসায়-শিক্ষাৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 2nd May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: যাত্ৰাৰ বাবে এটা সৌভাগ্যশীল দিন ৷ কোনো ব্যৱসায়ী সহযোগীক ধাৰ দিয়া থাকিলে, আজি পৰিশোধ লাভ কৰিব ৷ আপোনাৰ বৰ্দ্ধিত ব্যৱসায়ত ধন বিনিয়োগৰ প্ৰয়োজন আছে ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভান্বিত হ’ব পাৰে ৷ ঘৰত আপুনি এটা আনন্দদায়ক উদযাপন বা পিকনিকৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাৰ সংগীৰ স্বাস্থ্যৰ চিন্তাই আপোনাৰ সময় আৰু মন আৱৰি থাকিব পাৰে ৷

বৃষ ৰাশি: এটা অতি বিভ্ৰান্তিকৰ দিন ৷ কোনো মুহূৰ্তত যদি সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিছে, পিছ মুহূৰ্ততে কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্দীৰ বাবে বিৰক্তি অনুভৱ কৰিব ৷ তৰ্কত লিপ্ত হ’ব পাৰে ৷ শান্ত হওক ৷ কোনো মধুৰ সংগীত শুনক ৷ সূৰ্য্যাস্তৰ পিচত সকলো ঠিক হৈ পৰিব আৰু ব্যৱসায়ৰ লগতে গাৰ্হস্থ্য জীৱনতো সুখ লাভ কৰিব ৷

মিথুন ৰাশি: শান্ত হৈ থাকক নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আঁতৰত থাকক ৷ কাম বা চাপযুক্ত যাত্ৰাৰ পৰা বিৰতি লওক আৰু স্বাস্থ্য তথা পুষ্টিৰ যত্ন লওক ৷ আপোনাৰ শৰীৰক পুষ্টিৰ যোগান ধৰাটো আপোনাৰ কৰ্তব্য ৷ অন্যথা অসুস্থতা, অমনোযোগিতা, অসাৱধানতাৰ বাবে দুৰ্ঘটনা, অনিদ্ৰা আদিৰ শংকা থাকে ৷ ব্যয় বৃদ্ধি পাব পাৰে, সতৰ্ক হওক ৷ আবেলি, নিজকে অধ্যয়ন, সৃজনশীল কাৰ্য, প্ৰসাধন আদিত ব্যস্ত থাকক ৷ সাধাৰণ কথাত চিন্তা ত্যাগ কৰক আৰু আনন্দ কৰক ৷ কনিষ্ঠসকলৰ অপ্ৰত্যাশিত প্ৰশ্নই আপোনাক বিৰক্ত কৰিব পাৰে ৷

কৰ্কট ৰাশি: ভোজ, সুস্বাদ্যু আহাৰ, উদযাপন, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথাবতৰাই আপোনাক সম্পূৰ্ণ দিন ব্যস্ত ৰাখিব ৷ আপুনি আনন্দ উপভোগ কৰিব ৷ লগতে, নিজৰ মূলধনক সংৰক্ষিত ৰাখিবৰ বাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব, তথাপিও যত্নবান হওক ৷ আপোনাৰ মনত ভ্ৰমণৰ বিবেচনা থাকিব পাৰে ৷

সিংহ ৰাশি: আপোনাৰ ব্যৱসায় বা সহযোগীসকলৰ বৃত্ত সম্প্ৰসাৰণ কৰিবৰ বাবে বিবেচনা কৰিব পাৰে ৷ ধন অৰ্জনৰ বাবে সৌভাগ্যশীল সময় ৷ আজি ব্যয় কৰা ধন, উপযুক্তভাৱে ব্যয় হ’ব আৰু আপুনি আনন্দিত অনুভৱ কৰিব ৷ নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক; কোনো বিবাদ বা আইনী যুদ্ধৰ পৰা বিৰত থাকক ৷ প্ৰেমিক যুগলৰ বাবে আজিৰ দিনটো শুভ একপ্ৰকাৰে ক’বলৈ গ’লে আজি আপোনাৰ দিনটো প্ৰেমৰ বাবে শুভ ৷

কন্যা ৰাশি: কোনো বাধা নথকাকৈ এটা সম্পূৰ্ণভাৱে শান্ত আৰু স্থিৰ দিন ৷ আপুনি নিজৰ বাবে বা কোনো সম্পৰ্কীয় লোকৰ বিয়াৰ বাবে বজাৰ কৰিবলৈ যাব পাৰে ৷ সুখী অনুভৱ কৰিব ৷ সহজেই ধন অৰ্জন কৰিব, ব্যৱসায়ৰ বাবেও অতি ফলদায়ক দিন ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা পোৱা সহযোগীতাই কাম অধিক সহজ কৰি তুলিব ৷ পৰিয়াল বা সম্পৰ্কৰ দিশটো সকলো নিৰ্মল হ’ব ৷ স্বাস্থ্যও সুখী আৰু আৰমদায়ী হৈ থাকিব ৷

তুলা ৰাশি: ক্লান্তি আৰু মানসিক শান্তি আৰু স্পষ্টতা অনুপস্থিতিৰ বাবে আজিৰ দিনটো কঠিন হ’ব পাৰে ৷ পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰচেষ্টা কৰক ৷ সামাজিক জীৱনত, আপুনি গম নোপোৱাকৈয়ে এটা অপ্ৰীতিৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ দুপৰীয়ালৈকে সকলোৰে সমাধান পাব ৷ শিল্প আৰু সৃজনশীল কামত নিজকে ব্যস্ত কৰি ৰাখক ৷ শান্ত থাকক ৷

বৃশ্চিক ৰাশি: বহুদিনীয়া কোৰ্ট-কাচাৰী বা সম্পত্তিৰ বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷ সকলো স্পষ্ট হ’ব আৰু সমাপ্ত হ’ব যেন অনুমান হয় ৷ ঘৰত চলি থকা বিৰক্তিকৰ সমস্যা বা কিছুমান উত্তৰহীন প্ৰশ্নৰো অন্ত পৰিব ৷ সকলো ব্যৱসায়ৰ বাবে এটা শুভ দিন ৷ প্ৰতিদ্বন্দীৰ ওপৰত জয় সাব্যস্ত কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত ইতিবাচক সম্পৰ্ক স্থাপন কৰিব ৷ দিনটোৰ অন্তিমভাগত, কোনো অপ্ৰীতিকৰ ঘটনাৰ বাবে আপুনি আঘাত অনুভৱ কৰিব পাৰে ৷ সচেতন হওক ৷ আপোনাৰ টোপনি বা খোৱাত প্ৰতিবন্ধতাৰ সৃষ্টি হ’ব পাৰে ৷ যত্ন লওক!

ধনু ৰাশি: শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে উপযোগী দিন ৷ আপোনাৰ সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাক সহায় কৰিব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলে আৰ্থিক সফলতা লাভ কৰিব ৷ দুপৰীয়াৰ পিছত অধিক উন্নত হ’ব ৷ বিয়লি শান্ত আৰু আৰাম অনুভৱ কৰিব ৷ আপোনাৰ বিৰোধীসকলে আপোনাক উত্তেজিত বা বিৰক্ত কৰাত বিফল হ’ব ৷ পৰিয়াল বা বন্ধুৰ সৈতে এটা শান্ত নৈশ আহাৰ গ্ৰহণ কৰক ৷

মকৰ ৰাশি: আপোনাৰ চিন্তাধাৰা বিমূৰ্ত আৰু ৰহস্যময় হ’ব ৷ দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি আপোনাৰ জিজ্ঞাসা বৃদ্ধি পাব ৷ আপোনাৰ কাৰ্যক্ষেত্ৰৰো পৰিৱৰ্তন হব পাৰে ৷ সকলো কাম সময় মতে সম্পূৰ্ণ হব, সময়্সীমা পূৰণ কৰিব, আৰু বিনিয়োগত লাভ আশা কৰিব পাৰে ৷ মুঠতে, সুখ লাভ কৰিব ৷ এই ধনাত্মক শক্তিক ব্যৰ্থ যাবলৈ নিদিব ৷ নিৰাশ নহ’ব; পুনৰ কামত লাগক ৷ জীৱনক উপভোগ কৰক ৷

কুম্ভ ৰাশি: এটা মিশ্ৰিত প্ৰভাৱৰ দিন ৷ নিজৰ কামৰ প্ৰতি লক্ষ্য ৰাখিব ৷ ধৰ্মীয় বা আধ্যাত্মিক দিশত ব্যয় বৃদ্ধি হ’ব পাৰে ৷ আপোনাৰ সংগী বা পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে যি আপোনাক উদাসীন কৰি তুলিব পাৰে ৷ কোনো আকস্মিক চিকিত্‍সাজনিত প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকক ৷ মেজাজ উন্নত হ’ব, কামসমূহ সহজে সম্পন্ন হ’ব আৰু কৰ্তৃপক্ষই আপোনাৰ প্ৰশংসা কৰিব ৷ চিন্তা ত্যাগ কৰক ৷

মীন ৰাশি: মানসিকভাৱে দিনটো দুটা ভাগত বিভক্ত হ’ব ৷ দুটা পৰস্পৰ বিৰোধী সময় ৷ দিনটোৰ প্ৰথম ভাগটো সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব ৷ বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে ৷ আনন্দদায়ক সংগত আপুনি প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব ৷ দিনটোৰ পিচৰ ভাগত সকলো সলনি হ’ব ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷ যত্ন কৰাৰ পিছতো কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে ৷ আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্ত্বনা পাব পাৰে ৷ ধ্যানাসন কৰক ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.