মেষ ৰাশি: এই দিনকেইটা আপোনাৰ বাবে অলপ প্ৰভাৱশালী বুলিব পাৰি ৷ নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে উপযুক্ত সময় ৷ নিজ প্ৰচেষ্টাৰে সহজভাৱে কাম কৰিবলৈ চেষ্টা কৰক, সহজ কামবোৰ টান কৰিবলৈ চেষ্টা নকৰিব ৷ আপোনাৰ কৰ্মক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে মহিলাসকলে তেওঁলোকৰ জিভাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, অযথা যি কোনো কথা কৈ বিপদ চপাই নল’ব ৷ ভ্ৰমণৰ যোগ কম ৷
বৃষ ৰাশি: আপুনাৰ ভাগ্যৰ উদয় হ’ব ৷ আপোনৰ কাৰ্য ক্ষমতাৰ যোগেদি আপুনি আপোনাৰ কষ্টকৰ কামবোৰ সহজে পূৰ কৰিব পাৰিব ৷ কামত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি চকু ৰাখি ভালদৰে আগবাঢ়ক ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷ পৰিয়াল, বন্ধু বা সহকৰ্মীৰ লগত আলোচনাৰ সময়ত চকু ৰাখক যাতে আপুনি আপোনাৰ সীমা অতিক্ৰম নকৰে ৷ আপুনি কোৱা কথাত আপোনাৰ জ্ঞানৰ পৰিচয় দিয়ক ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত আপোনাৰ সম্বন্ধৰ উন্নতি হ’ব ৷
মিথুন ৰাশি: আপোনাৰ প্ৰিয় ব্যক্তিসকলৰ লগত সময় কটাবলৈ অতি সুন্দৰ দিন ৷ বন্ধুসকলক নিমন্ত্ৰণ কৰক আৰু ৰাতিৰ আহাৰ বা সৰু ভোজৰ আয়োজন কৰক ৷ প্ৰচুৰ ধনাগমনৰ যোগ দেখা গৈছে ৷ কিন্তু যধে-মধে খৰচ কৰি বিপদত নপৰিব ৷ সীমাৰ ভিতৰত খৰচৰ চেষ্টা কৰক ৷ বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷
কৰ্কট ৰাশি: আজি নিজকে খং আৰু চিন্তাৰে আবৰি থকা যেন অনুভৱ কৰিব ৷ শান্ত থাকক অন্যথা মানসিক অস্থিৰতাই আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰভাব পেলাব পাৰে ৷ বিশেষকৈ আপুনি সঠিক সিদ্ধান্ত লোৱাত বিফল হ’ব ৷ যিমান পাৰি সিমান আপুনি বেয়া পোৱা বিষয়ত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক অন্যথা পৰিস্থিতি আৰু বেয়ালৈ যাব পাৰে ৷ গণেশৰ উপদেশ মতে সাধাৰণ জীৱন-যাপন কৰক ৷ ধন হানি হ’ব পাৰে আৰু শৰীৰ বেয়া হ’ব পাৰে ৷ খাদ্যভ্যাসৰ ওপৰত আৰু টকাৰ মোনাৰ ওপৰতো চকু ৰাখক ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এটা সুন্দৰ দিন ৷ পৰিবেশ আপোনাৰ সপক্ষে থাকিব কিন্তু যদিহে আপুনি মন নিদিয়ে তেন্তে সুযোগ গ্ৰহণত বিফল হ’ব ৷ যদিহে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিছুদিন বাট চাওক ৷ বন্ধুসকলে আপোনাক লগ দিব আৰু কিছু ক্ষেত্ৰত তেওঁলোকে আপোনাক সহায় কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ব ৷ ব্যৱসায় ভালেৰেই চলি থাকিব আৰু ধনাগমনৰ যোগ দেখা যায় ৷
কন্যা ৰাশি: গণেশৰ কৃপাত সকলোৰে বাবে ভাল দিন ৷ যদিহে নতুন কাম হাতত লোৱাৰ কথা ভাবিছে তেন্তে নিৰ্ভয়ে কৰক ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বাবে সঠিক সময়, উন্নতিৰ যোগ দেখা যায় আৰু যদিহে আপুনি পদোন্নতিৰ যোগ্য তেন্তে এয়াই সঠিক সময় ৷ পাৰিবাৰিক ক্ষেত্ৰতো সুগম সময় ৷ কামৰ ক্ষেত্ৰত আপুনি বেছি দৌৰা-দৌৰি কৰি থকাৰ দৰকাৰ নাই সকলো কাম সহজে হৈ যাব ৷
তুলা ৰাশি: আপুনি যদিহে লিখামেলা বা কলাৰ সৈতে জড়িত লোক তেন্তে সময় অনুকূল ৷ নতুন কাম আৰম্ভ কৰাৰ আৰু নতুন সিদ্ধান্ত প্ৰয়োগৰ উপযুক্ত সময় ৷ আপোনাৰ সহকৰ্মী আৰু বচৰ সহযোগ সকলো ফালৰ পৰা লাভ কৰিব আৰু আপোনাৰ কামত অগ্ৰগতি হ’ব ৷ ব্যৱসায়ী সকলৰ বাবেও উন্নতিৰ সময় ৷ শৰীৰৰ যত্ন লওক আৰু খাদ্য গ্ৰহণত চকু ৰাখক ৷ তীৰ্থ ভ্ৰমণৰ যোগ আছে ৷
বৃশ্চিক ৰাশি: কাৰো পৰা দয়া বা কৃতজ্ঞতাৰ আশা নকৰিব ৷ প্ৰত্যেক ক্ষেত্ৰতে অতি সাৱধানে চলক ৷ নতুন একো কাম আৰম্ভ নকৰিব, বেছি লোকচানৰ আশংকা আছে ৷ খৰচৰ ক্ষেত্ৰত চকু ৰাখক অন্যথা অতি সোনকালে টকা-পইচা শেষ হ’ব ৷ বে-আইনী কামৰ পৰা আঁতৰি থাকক ৷ নতুনকৈ লগ পোৱা লোকক সহজে বিশ্বাসত নল’ব ৷ সাৱধানে লক্ষ্য কৰক আৰু চিন্তা চৰ্চা কৰিহে বন্ধু বনাওক ৷ আপোনাৰ বাবে আজিৰ প্ৰধান কাম যোগ চৰ্চা ধ্যান আৰু মনক স্থিৰ কৰা ৷
ধনু ৰাশি: আপোনাৰ দিন আনন্দময় হ’ব ৷ গণেশৰ কৃপাত সুখ আৰু আনন্দই আপোনাক সকলো ফালৰ পৰা আগুৰি থাকিব ৷ বিভিন্ন ক্ষেত্ৰত থকা লোকক লগ পাব আৰু সুফল লাভ কৰিব ৷ বন্ধুৰ লগত বা প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ভাগ্য তৰা উদয় হৈছে গতিকে আপুনি আপোনাৰ নতুন ভাৱধাৰাৰে কামত সফলতা পাব ৷ ব্যৱসায়ীসকলে সহযোগীৰ ফালৰ পৰা লাভৰ মুখ দেখিব ৷ আপুনি যথেষ্ট সন্মান অৰ্জনত সফল হ’ব ৷
মকৰ ৰাশি: সকলো ছবিতে বিভিন্ন ৰং থকাৰ দৰে আপোনাৰ জীৱনো বিভিন্ন ৰঙেৰে ৰঙীন হৈ থাকিব ৷ ব্যৱসায়ী, চাকৰিয়াল শিক্ষাৰ্থী বা মহিলাসকলৰ জীৱন শান্তভাৱে চলি থাকিব ৷ পৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত দিনটো ভালে যাব ৷ শৰীৰ ভালে থাকিব আৰু কোনো বিপদতো নপৰে ৷
কুম্ভ ৰাশি: আপোনাৰ বিপদৰ দিন আৰম্ভ হৈছে ৷ নতুন কাম হাতত নল’ব আৰু ভ্ৰমণ এৰাই চলক ৷ সমগ্ৰ দিন উদ্দীগ্নতাৰ মাজেদি পাৰ হ’ব ৷ মহিলাসকলে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আপোনাৰ চাৰিওকাষে থকা আপোনাক উৎসাহ জনোৱা ব্যক্তিসকলক লগ কৰক ৷ কলাৰ সৈতে জড়িতসকলে নিজকে শান্ত ৰাখিবলৈ কলাসূলভ কামত জড়িত কৰক যিয়ে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব ৷ হঠাৎ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে ৷
মীন ৰাশি: সকলো সময়তে এক কঠিন হেঁচাৰ মাজত থকাৰ সময় ৷ বিভিন্ন ফালৰ পৰা বিপদ আহিব পাৰে ৷ ফলত আপোনাৰ শৰীৰ আৰু সম্পতিৰ বেয়া অৱস্থা হ’ব পাৰে ৷ সেইবাবে যিমান পাৰে শান্তভাৱে থকাৰ চেষ্টা কৰক ৷ বিশেষকৈ মহিলাৰ লগত কথা পাতোতে সাৱধান হওক ৷ চাকৰিয়ালসকলৰ বাবে অধিক বিপদৰ সময় ৷ সম্পত্তি বেচা-কিনাৰ ক্ষেত্ৰত বা বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজন ৷