ETV Bharat / bharat

প্ৰৱঞ্চকে লুটিলে 120 কোটি টকা : গমেই নাপালে বেংক কৰ্তৃপক্ষই - Cyber fraud in Union Bank - CYBER FRAUD IN UNION BANK

Cyber crime: আপোনাৰ জমা ধনত চকু ৰাখিছে চাইবাৰ অপৰাধীয়ে ৷ সাৱধান নহ’লে মুহূৰ্ততে হেৰুৱাব পাৰে আপোনাৰ সাঁচতীয়া ধন ৷ বেংক বিষয়াৰ চকুত ধূলি দি প্ৰৱঞ্চকে লুটিলে 120 কোটি টকা ৷

Cyber crime
CYBER FRAUD IN UNION BANK (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:01 PM IST

নিউজ ডেস্ক, 18 জুন: প্ৰযুক্তি বিদ্যাৰ ব্যাপক উত্তৰণে মানুহক যিদৰে প্ৰতিটো ক্ষেত্ৰত সহায় কৰি আহিছে, ঠিক তেনেদৰে ইয়াৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত মানুহ ক্ষতিগ্ৰস্তও হৈছে ৷ ইয়াৰ জলন্ত উদাহৰণ হিচাপে আমি ক’ব পাৰো চাইবাৰ অপৰাধৰ কথা ৷ আপোনাৰ কেইটামান তথ্য কিবা প্ৰকাৰে লাভ কৰিলেই সৰ্বনাশ কৰিব পাৰে চাইবাৰ অপৰাধীয়ে ৷ বহু সময়ত চাইবাৰ অপৰাধীৰ দ্বাৰা বেংক একাউন্টৰ পৰা ধন লুট, ভুৱা তথ্যৰে কোনো ব্যক্তিৰ নামত ভুৱা পৰিচয় প্ৰস্তুত, সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি আদি কাণ্ড সংঘটিত হৈ আহিছে ৷

এইবাৰ উত্তৰ প্ৰদেশত এক বৃহৎ চাইবাৰ অপৰাধ সংঘটিত হৈছে ৷ ইমান সুপৰিকল্পিতভাৱে এই অপৰাধ সংঘটিত কৰা হৈছে যে, বেংকেও একো ধৰিবই নোৱাৰিলে ৷ যেতিয়া বেংকে এই কাণ্ড বুজি পালে, তেতিয়ালৈকে প্ৰৱঞ্চকে নিজৰ কাম কৰি আজৰি হৈছিল ৷

লগতে পঢ়ক: চাইবাৰ সুৰক্ষা সতৰ্কবাণী: ফেডএক্স কুৰিয়াৰৰ জালিয়াতি বৃদ্ধি, বিপদত লাখ লাখ লোক - Cyber security Alert

ঘটনাটো হৈছে লক্ষ্ণৌৰ আব্দুল কালাম টেকনিকেল বিশ্ববিদ্যালয়ৰ বেংক একাউন্টৰ সৈতে ৷ ভুৱা নথিৰে বেংকত একাউন্ট খুলি প্ৰৱঞ্চকে বিশ্ববিদ্যালয়ৰ একাউন্টৰ পৰা 120 কোটি টকা সৰকাই নিয়ে ৷ এই ঘটনাই আচৰিত কৰি তুলিছে বেংক কৰ্তৃপক্ষকো ৷ কিয়নো এই প্ৰৱঞ্চনাৰ কোনো উমানেই নাপালে তেওঁলোকে ৷

প্ৰথমে বেংকৰ প্ৰৱন্ধকক ফোন কৰি আৰম্ভ কৰিলে প্ৰৱঞ্চনাৰ খেল:

হজৰতগঞ্জৰ বাপু ভৱনত থকা ইউনিয়ন বেংকৰ শাখা প্ৰৱন্ধক অনুজ ছাক্সেনাই চাইবাৰ অপৰাধ সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰত উল্লেখ কৰা অনুসৰি, যোৱা তিনি জুনত তেওঁ অৱসৰ বিনোদনৰ বাবে মানালীলৈ গৈছিল ৷ এই সময়তে তেওঁলৈ ডাক্তৰ শৈলেশ কুমাৰ ৰঘুবংশী নামৰ এজন ব্যক্তিৰ ফোন আহে ৷ তেওঁ 100 কোটি টকাৰ ফিক্সড ডিপ’জিটৰ বাবে অনুমতি বিচাৰে ৷ এই বৃহৎ ৰাশিৰ ফিক্সড ডিপ’জিটৰ কথা শুনি ছাক্সেনাই ৰংঘুবংশীক বেংকলৈ যাবলৈ কয় ৷ তাৰ পিচতেই ছাক্সেনালৈ আন এজন ব্যক্তি জয় কুমাৰ ওৰফে এন কে সিঙৰ ফোন আহে ৷ তেওঁ নিজকে আব্দুল কালাম টেকনিকেল বিশ্ববিদ্যালয়, লক্ষ্ণৌৰ বিত্তীয় মুৰব্বী বুলি কয় আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াত একাউন্ট খোলা সন্দৰ্ভত কিছু তথ্য জানিবলৈ খোজে ৷ তেওঁকো ছাক্সেনাই বেংকৰ শাখালৈ যাবলৈ কয় ৷

লগতে পঢ়ক: আন্তৰ্জাতিক চক্ৰৰ কৱলত পৰি চাইবাৰ অপৰাধত জড়িত হৈছে ভাৰতীয় - Cyber scam

বেংক আৰু বিশ্ববিদ্যালয়ৰ ভুৱা মেইল আইডি প্ৰস্তুত

বেংকৰ শাখা প্ৰৱন্ধক অনুজে উল্লেখ কৰা মতে, 4 জুনত জয় কুমাৰৰ এজন লোক বেংকলৈ আহে আৰু ফিক্সড ডিপ’জিটৰ বাবে নথি-পত্ৰ সংগ্ৰহ কৰে ৷ তাৰ পিচত তেওঁ ইউনিয়ন বেংকৰ ভুৱা মেইল আইডি প্ৰস্তুত কৰে আৰু আব্দুল কালাম টেকনিকেল বিশ্ববিদ্যালয়ৰ মেইললৈ ফিক্সড ডিপ’জিটৰ নথি প্ৰেৰণ কৰে ৷ সেয়াই নহয়, আব্দুল কালাম টেকনিকেল বিশ্ববিদ্যালয়ৰ এক ভুৱা মেইল আইডি প্ৰস্তুত কৰি বেংকৰ বিষয়ালৈ মেইল কৰি আৰু এখন নথি বিচাৰে ৷

অতি সহজেই বিশ্ববিদ্যালয়ৰ একাউন্টৰ পৰা 120 কোটি টকা হৰলুকী

বেংকৰ প্ৰৱন্ধকগৰাকীৰ মতে, 5 জুনত আব্দুল কালাম টেকনিকেল বিশ্ববিদ্যালয়ৰ এটা বেংক একাউন্টৰ পৰা ইউনিয়ন বেংকৰ একাউন্টত 120 কোটি টকা জমা কৰা হয় ৷ সেই দিনাই বিশ্ববিদ্যালয়ৰ বিত্তীয় মুৰব্বী বুলি পৰিচয় দিয়া জয় কুমাৰৰ এজন সহযোগী অনুৰাগ শ্ৰীবাস্তৱ বেংকলৈ আহে আৰু মুখ্য গাণনিক বিষয়া বুলি পৰিচয় দি বিশ্ববিদ্যালয়ৰ নামত এটা একাউন্ট খোলে ৷ লগে লগেই এখন চেকবুকো প্ৰস্তুত কৰে ৷ তাৰ পিচত লাহে লাহে সম্পূৰ্ণ 120 কোটি টকা গুজৰাটৰ শ্ৰদ্ধা এডুকেশ্যন এণ্ড চেৰিটেবল ট্ৰাষ্টৰ একাউন্টলৈ ট্ৰান্সফাৰ কৰা হয় ৷ যেতিয়া বেংকত 120 কোটি টকাৰ হিচাপ নিমিলা হয়, তেতিয়া সম্পূৰ্ণ লেনদেন পৰীক্ষা কৰা হয় ৷ তেতিয়াই এই কাণ্ডক লৈ বেংকৰ সন্দেহ ওপজে আৰু বেংকৰ প্ৰৱন্ধক অনুজ ছাক্সেনাই চাইবাৰ থানাত গোচৰ দাখিল কৰে ৷ ঘটনা সন্দৰ্ভত চাইবাৰ আৰক্ষীয়ে অভিযান চলাই আছে আৰু কেইজনমান অভিযুক্তক সোধ-পোচৰ বাবে আটকো কৰিছে ৷

লগতে পঢ়ক: ভুলতো অচিনাকি মানুহক নিদিব মোবাইল, নহ’লে গোটেই জীৱন ভুগিব অনুশোচনাত - scam through call forwarding

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.