নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: ‘‘নাৰীজনিত অপৰাধ এক ক্ষমা কৰিব নোৱাৰা পাপ ৷’’ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষ্য ৷ মহাৰাষ্ট্ৰৰ জলগাঁৱৰ লখপতি দিদি (লাখপতি বাইদেউ) সন্মিলনত (Lakhpati Didi Sammelan) উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী ৷ এই সন্মিলনতে জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰীৰ ওপৰত হোৱা অপৰাধক কেন্দ্ৰ কৰি কেতবোৰ মন্তব্য কৰে ৷
- নাৰীৰ ওপৰত হোৱা অপৰাধক নিয়ন্ত্ৰণৰ ব্যৱস্থা :
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আজি মই আকৌ এবাৰ দেশৰ প্ৰতিটো ৰাজনৈতিক দল আৰু ৰাজ্য চৰকাৰক ক'ব বিচাৰো যে নাৰীৰ সৈতে হোৱা অপৰাধ এক ক্ষমা কৰিব নোৱাৰা পাপ । দোষীক ৰেহাই দিব নালাগে ৷ যিকোনো প্ৰকাৰে এই অপৰাধত সহায় কৰাসকলেও শাস্তিৰ সন্মুখীন হ'ব লাগে ।’’
তেওঁ লগতে কঠোৰ ভাষাৰে কয় যে মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিকোনো গাফিলতিৰ বাবে সকলোকে জবাবদিহি কৰা উচিত । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘চিকিৎসালয়, বিদ্যালয়, কাৰ্যালয় অথবা আৰক্ষী ব্যৱস্থাই হওক, য’তেই গাফিলতি হয়, তাতেই সকলোকে জবাবদিহি কৰিব লাগিব ।’’
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাসকলক আশ্বাস দি কয় যে চৰকাৰে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিব । তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে ভাৰতীয় ন্যায় সংহিতাৰ (Bharatiya Nyaya Sanhita চমুকৈ BNS) জৰিয়তে ন্যায়ৰ ক্ষেত্ৰত বিলম্ব ঘটোৱা বাধাসমূহ ইতিমধ্যে আঁতৰাইছে ।
লগতে পঢ়ক : অভয়াকাণ্ডৰ পাছতে ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন - Kolkata rape murder case
এইবোৰৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘নাৰীৰ ওপৰত অত্যাচাৰ কৰাসকলক কঠোৰতম শাস্তি প্ৰদানৰ বাবে আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে আইন প্ৰণয়ন কৰি আছে । আজি ইয়াত দেশৰ ইমানবোৰ ভগ্নী-কন্যা উপস্থিত থকাৰ বাবে মই বিশেষভাৱে আপোনালোকক জনাব বিচাৰিছো যে পূৰ্বতে এজাহাৰ (FIR) দাখিল নকৰা, সময়মতে গোচৰ পঞ্জীয়ন নকৰা, আনকি উচিত সময়ত গোচৰৰ শুনানি নোহোৱা আৰু ন্যায়ৰ ক্ষেত্ৰত পলম হোৱা আদি অভিযোগ উত্থাপন হৈছিল । আমি ভাৰতীয় ন্যায় সংহিতাৰ জৰিয়তে এনে বহু বাধা আঁতৰাই পেলাইছো ।’’
- ই-এফআইআৰৰ (e-FIR) সুবিধা :
লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলাসকলক ই-এফআইআৰৰ (e-FIR) সুবিধাৰ বিষয়ে অৱগত কৰে ৷ যাৰ ফলত ভুক্তভোগী মহিলাসকলে ঘৰৰ পৰাই গোচৰ পঞ্জীয়ন কৰিব পাৰে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যদি ভুক্তভোগীয়ে থানালৈ যাব নিবিচাৰে, তেন্তে ঘৰৰ পৰাই ই-এফআইআৰ পঞ্জীয়ন কৰিব পাৰে। আমি নিশ্চিত কৰিছো যে থানা পৰ্যায়ত যাতে কোনোৱে ই-এফআইআৰৰ লগত ল’ৰা-ধেমালি কৰিব নোৱাৰে ।’’
- কলিকতাকাণ্ড :
উল্লেখ্য যে, কিছু দিন পূৰ্বে কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ দেশত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ৷ যাৰ পাচতে দেশজুৰি মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ তীব্ৰ দাবী উত্থাপন হৈছে ।
- লাখপতি দিদি :
প্ৰধানমন্ত্ৰী মোদীয়ে ১১ লাখ নতুন লাখপতি দিদিকো (লাখপতি বাইদেউ) সুবিধা প্ৰদান কৰে । লাখপতি দিদী হৈছে কেন্দ্ৰীয় চৰকাৰৰ এনে এক আঁচনি, যাৰ জৰিয়তে মহিলাসকলক সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ আত্মসহায়ক গোটৰ (self-help groups চমুকৈ SHG) সৈতে জড়িত মহিলাসকলক কমেও এক লাখ টকাৰ ঘৰুৱা আয় উপাৰ্জন কৰাত সহায় কৰাৰ লক্ষ্যৰে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ এক পদক্ষেপ হৈছে এই লাখপতি দিদি ।
প্ৰধানমন্ত্ৰীয়ে ২৫০০ কোটি টকাৰ ঘূৰ্ণনীয় পুঁজিও (revolving fund) মুকলি কৰে, যাৰ ফলত ৪.৩ লাখ আত্মসহায়ক গোটৰ প্ৰায় ৪৮ লাখ সদস্য উপকৃত হ’ব । ইয়াৰ উপৰিও তেওঁলোকে ৫ হাজাৰ কোটি টকাৰ বেংক ঋণ বিতৰণ কৰিব, যাৰ ফলত ২.৩৫ লাখ আত্মসহায়ক গোটৰ ২৫.৮ লাখ সদস্য উপকৃত হ’ব ।
লখপতি দিদি আঁচনি আৰম্ভ হোৱাৰ পিছৰে পৰা এক কোটি মহিলা লাখপতি দিদি হৈ পৰিছে । ৩ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে ।
লগতে পঢ়ক : নাৰী দিৱসত চৰ্চাত এগৰাকী প্ৰকৃত লাখপতি বাইদেউ