ETV Bharat / bharat

চৰণেহে জানে মৰণৰ ঠাই : শ্মশানতেই শেষ নিশ্বাস চাৰিজনৰ - Cremation Wall Collapse In Gurugram

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:36 AM IST

Cremation Wall Collapse In Gurugram: শ্মশানৰ দেৱাল ভাঙি মৃত্যু 4 জন লোকৰ ৷ হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এই ঘটনা ৷ আহত কেইবাজনো ৷

cremation-wall-collapses-in-gurugram-several-died-many-injured-incident-captured-in-cctv
শ্মশানৰ দেৱাল ভাঙি অনাকাংশিত মৃত্যুক আঁকোৱালিলে 4 গৰাকীয়ে

নেশ্যনেল ডেস্ক, 21 এপ্ৰিল: চৰণেহে জানে মৰণৰ ঠাই ৷ মৃত্যু কেনেকৈ আহে কোনেও নাজানে ৷ হাৰিয়ানাৰ গুৰুগ্ৰামতো সংঘটিত হৈছে তেনে এক অপ্ৰত্যাশিত মৃত্যুৰ ঘটনা ৷ শ্মশানৰ দেৱাল ভাঙি মৃত্যু ঘটে 4 জন লোকৰ ৷ ইয়াৰ ফলত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ পাচতে সমগ্ৰ দুৰ্ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে ।

ভিডিঅ’টোত একাংশ লোকক শ্মশানত থকা প্ৰায় 15 ফুট ওখ বেৰৰ কাষত বহি থকা দেখা পোৱা গৈছে । হঠাৎ দেৱালখন বহি থকা মানুহবোৰৰ ওপৰত বাগৰি পৰা দেখিবলৈ পোৱা গৈছে । দুৰ্ঘটনাত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে । আহতসকলৰ চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে দেৱালখনৰ তলত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ পাচতে আৰক্ষী প্ৰশাসনৰ দলটোৱে উদ্ধাৰ অভিযান চলাই ধ্বংসাৱশেষৰ তলত থকা লোকসকলক উদ্ধাৰ কৰে । ইয়াৰ পিচত এক্সেভেটৰৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হয় ।

মদনপুৰী শ্মশানৰ দেৱাল খহিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । জানিব পৰা মতে, হাজাৰ হাজাৰ টন কাঠ দেৱালবোৰৰ কাষত ৰখা হৈছিল । এই কাঠবোৰৰ ওজনৰ বাবে বেৰখন বেঁকা হৈ পৰিছিল । মানুহে শ্মশান সমিতিক কেবাবাৰো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৷ শনিবাৰৰ সন্ধিয়া প্ৰায় 6.24 বজাত শ্মশানখনত মানুহ বহি থকাৰ সময়তে হঠাতে দেৱালখন ভাঙি পৰে । এই ঘটনাৰ পিচতে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

পোহৰলৈ অহা চিচি টিভিৰ ফুটেজত দেখা গৈছে যে একাংশ লোকে বেৰ এখনত হেলান দি বহি আছে । এগৰাকীয়ে মিঠাই বনাই আছে । হঠাতে দেৱালখন বাগৰি পৰে । যাৰ ফলত বহি থকা মানুহখিনি বেৰৰ তলত আৱদ্ধ হৈ পৰে ৷ মিঠাই বনোৱা লোকজনে প্ৰাণটাকি দৌৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: গৈছিল বিয়া খাবলৈ : ঘৰলৈ উভতি আহিল 9 দুৰ্ভগীয়াৰ নিথৰ দেহ - Rajasthan Jhalawar Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.