ETV Bharat / bharat

এমএছপিক লৈ এনডিএ চৰকাৰক সমালোচনা পৱন খেড়াৰ - Pawan Khera on MSP

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 11:42 AM IST

Pawan Khera on MSP: এনচিএ নেতৃত্বাধীন চৰকাৰৰ তুলনাত ইউপিএ চৰকাৰৰ দিনত নূন্যতম সমৰ্থন মূল্যৰ বৃদ্ধিৰ হাৰ অধিক আছিল । কংগ্ৰেছ নেতা পৱন খেড়াই এক্সৰ পোষ্টত এমএছপি চাৰ্ট শ্বেয়াৰ কৰি নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰে ।

Pawan Khera on MSP
এমএছপিক লৈ এনডিএ চৰকাৰক সমালোচনা পৱন খেড়াৰ (ANI)

নেশ্যনেল ডেস্ক,২ আগষ্ট : কংগ্ৰেছ নেতা পৱন খেড়াই বৃহস্পতিবাৰে এনডিএ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক নূন্যতম সমৰ্থন মূল্য (এমএছপি) বিষয়টোক লৈ সমালোচনা কৰে । তেওঁ দাবী কৰা মতে এনডিএ শাসিত চৰকাৰৰ তুলনাত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ শাসনকালত ২০ বিধ শস্যৰ বাবে এমএছপিৰ বৃদ্ধি হাৰ অধিক আছিল ।

এনডিএ চৰকাৰৰ দিনত এমএছপিৰ হাৰ অধিক বৃদ্ধি :

এক্সৰ এটা পোষ্টত খেড়াই এমএছপি চাৰ্ট শ্বেয়াৰ কৰি লিখিছে, "ভাষণ পাহৰি যাওক । এই তথ্য সংসদত উত্থাপন কৰা হৈছিল । চৰকাৰৰ দ্বাৰা নিম্নতম সমৰ্থন মূল্যত (এমএছপি) ক্ৰয় কৰা ২২ বিধ অত্যাৱশ্যকীয় কৃষি শস্যৰ ভিতৰত এনডিএ শাসনৰ (২০১৪-২০২৪) তুলনাত ইউপিএ শাসনকালত (২০০৪-২০১৪) ২০ বিধ শস্যৰ বাবে এমএছপিৰ বৃদ্ধিৰ হাৰ অধিক আছিল ।"

ইয়াৰ পূৰ্বে এমএছপি বিষয়ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমৰ জৰিয়তে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছিল । এক্সৰ পোষ্টত তেওঁ লিখিছিল, "আজি ইণ্ডিয়া ব্লকৰ মোৰ সহকৰ্মী সঞ্জয় ৰাউতে বাজেট সন্দৰ্ভত তেওঁৰ ভাষণৰ সময়ত এক আশ্চৰ্যকৰ কথা কৈছিল । নন বায়োল'জিকেল প্ৰধানমন্ত্ৰীয়ে এমএছপি দিয়া নাই বুলি কোনে কয় ? তেওঁ নিশ্চিতভাৱে কৃষকসকলৰ বাবে নহয়, কিন্তু তেওঁৰ দুই মিত্ৰশক্তিৰ বাবে দিছে ।"

এমএছপিক লৈ চৰকাৰৰ বিশেষ সমিতি গঠন :

লোকসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে কয় যে চৰকাৰে ২০২২ চনৰ জুলাই মাহত কৃষক, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ বিষয়া আৰু বিশিষ্ট কৃষি অৰ্থনীতিবিদ আৰু বিজ্ঞানীসকলক লৈ এখন সমিতি গঠন কৰিছিল ।

সমিতিখনে এমএছপি অধিক কাৰ্যকৰী আৰু স্বচ্ছ কৰাৰ বাবে প্ৰাকৃতিক কৃষিৰ প্ৰচাৰ, দেশৰ পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি শস্যৰ প্ৰকাৰ সলনি কৰাৰ বাবে পৰামৰ্শ দিব বুলি ঠাকুৰে কৈছিল । ঠাকুৰে কয়, "সমিতিখনে আৱণ্টনৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ বাবে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে । ২০০৪-২০১৪ আৰু ২০১৪-২৪ বৰ্ষত শস্যৰ বাবে এমএছপি বৃদ্ধি পৰিশিষ্ট ১-ত সংলগ্ন কৰা হৈছে ।"

লগতে পঢ়ক :ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ ইডিয়ে চলাব অভিযান ! - Rahul on ED raid

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.