ETV Bharat / bharat

নিৰ্বাচনী বণ্ড সন্দৰ্ভত স্পষ্টীকৰণ, প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ - Electoral bonds issue - ELECTORAL BONDS ISSUE

Electoral bonds issue: নিৰ্বাচনী বণ্ড বিষয়টোক লৈ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমত মন্তব্য কৰিছে । এয়া বিজেপিৰ বিফলতা নহয় বুলি তেওঁ কৰা দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ ।

Electoral bonds issue
নিৰ্বাচনী বণ্ড সন্দৰ্ভত স্পষ্টীকৰণ প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 1:49 PM IST

নেশ্যনেল ডেস্ক,১ এপ্ৰিল : নিৰ্বাচনী বণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ মন্তব্যৰ বাবে আক্ৰমণ কৰে আৰু অভিযোগ কৰে প্ৰতিদিনে প্ৰধানমন্ত্ৰীয়ে ভণ্ডামিৰ সীমা অতিক্ৰম কৰিছে আৰু অসত্যৰ আশ্ৰয় লৈছে ।

ৰমেশৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিল দূৰদৰ্শন চেনেলৰ সৈতে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত দেশবাসীক সম্পূৰ্ণ মিছা কথা কৈছে । তেওঁ দাবী কৰে যে ক'ৰ পৰা পুঁজি আহিছে, সেইবোৰ কেনেদৰে ব্যৱহাৰ কৰা হৈছে সেয়া কেৱল তেওঁ উল্লেখ কৰা নিৰ্বাচনী বণ্ড আঁচনিৰ বাবেহে জনা যায় ।

তেওঁৰ মতে নিৰ্বাচনী বণ্ড আঁচনিখন সম্পূৰ্ণৰূপে বেনামী হোৱাৰ বাবে প্ৰস্তুত কৰা হৈছিল । অৰ্থাৎ, মোদীয়ে ক'ৰ পৰা ৰাজনৈতিক দললৈ পুঁজি আহিছে আৰু সেইবোৰ কেনেদৰে ব্যৱহাৰ কৰা হৈছে তাৰ বিৱৰণ ৰাইজৰ পৰা লুকুৱাব বিচাৰিছিল । কংগ্ৰেছ নেতা ৰমেশে এক্সৰ পোষ্টত কয় যে ২০১৮ চনৰ পৰা ২০২৪ চনলৈ ৬ বছৰত কোনটো দলে পুঁজি লাভ কৰিছিল তাৰ এটাও বিৱৰণ জনসাধাৰণৰ আগত প্ৰকাশ কৰা হোৱা নাছিল ।

কংগ্ৰেছ নেতাগৰাকীৰ মতে ২০২৪ চনত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক বুলি প্ৰত্যাখ্যান কৰিবলৈ হস্তক্ষেপ কৰিছিল । আদালতত অন্তিম দিনলৈকে, মোদী চৰকাৰে আঁচনিখনৰ নাম গোপন ৰখাৰ চেষ্টা কৰিছিল বুলি কংগ্ৰেছ নেতাজনে অভিযোগ কৰে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতো বিজেপিৰ ৰিম'ট স্বৰূপে এছবিআইয়ে আদালতক মিছা কৈছিল আৰু তেওঁলোকে এই তথ্য সংগ্ৰহ কৰা নাই বুলি কৈছিল বুলি উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । তাৰ পিচত এছবিআইয়ে তথ্যবোৰ একত্ৰিত কৰিবলৈ ৩ মাহৰ সময়ৰ বাবে অনুৰোধ কৰিছিল । সুবিধাজনকভাৱে নিৰ্বাচনৰ পিছলৈকে সম্প্ৰসাৰণ কৰিব বিচাৰিছিল । কেৱল উচ্চতম ন্যায়ালয়ৰ শক্তিশালী হস্তক্ষেপে এছবিআইক এদিনৰ ভিতৰতে তথ্য ৰাজহুৱাভাৱে মুকলি কৰিবলৈ বাধ্য কৰিছিল বুলি ৰমেশে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী আৰু তেওঁ সহযোগীসকল 'হাফতা ৱচুলি'ত জড়িত হৈ আছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে । প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কমেও ৪০ টা ইডি/আইটি/চিবিআইৰ অভিযানৰ পিচত এই প্ৰতিষ্ঠানসমূহে বিজেপিক বৃহৎ নিৰ্বাচনী অনুদান প্ৰদান কৰিছে বুলি তেওঁ অভিযোগ কৰে । কংগ্ৰেছ নেতাগৰাকীৰ মতে মোদী চৰকাৰৰ দুৰ্নীতি শেহতীয়াকৈ জানিব পৰা গৈছে । কিন্তু বিফলতাটো হ'ল যে ইয়াক প্ৰমাণ কৰিবলৈ এতিয়া কঠিন হৈ পৰিছে ।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে নিৰ্বাচনী বণ্ডৰ বিষয়টোৱে তেওঁৰ চৰকাৰৰ বিফলতা উদঙাব নোৱাৰে । যিসকলে ইয়াক লৈ আনন্দ কৰিছে তেওঁলোকে অনুতপ্ত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কৈছিল । তেওঁৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিজেপি আৰু প্ৰধানমন্ত্ৰী উভতি ধৰে ।

লগতে পঢ়ক :নিৰ্বাচনী বণ্ডৰ নতুন তথ্য প্ৰকাশ, বিজেপিয়ে লাভ কৰিছে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.