ETV Bharat / bharat

ছত্তীশগড়ত বাছ দুৰ্ঘটনাত ১২ জনৰ মৃত্যু, ১০ জনৰ অৱস্থা সংকটজনক - Chhattisgarh Bus Accident - CHHATTISGARH BUS ACCIDENT

Chhattisgarh Bus Accident: ছত্তীশগড়ৰ ভিলাইত কেদিয়া ডিষ্টিলেৰী কোম্পানীৰ বাছ খাৱৈত পৰি ১২ জনৰ মৃত্যু, ১৫ জনতকৈ অধিক আহত ৷ ইয়াৰে ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ।

Chhattisgarh Bus Accident
ছট্টীশগড়ত বাছ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 11:02 PM IST

Updated : Apr 10, 2024, 8:54 AM IST

নিউজ ডেস্ক, 9 এপ্ৰিল: ছট্টীশগড় দুৰ্গ জিলাত ৫০ গৰাকী কৰ্মচাৰীক কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ মঙলবাৰে নিশা কুমহাৰীৰ পৰা ভিলাইলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয় । উক্ত দুৰ্ঘটনাটোৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা হৈছে । মৃতকৰ ভিতৰত তিনিগৰাকী মহিলাও অন্তৰ্ভুক্ত । আনহাতে ১৫ জনতকৈ অধিক লোক গুৰুতৰভাবে আহত হোৱাৰ লগতে ১০ জনৰ অৱস্থা সংকটজনক ৷ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে এছডিআৰএফ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, কুমহাৰীৰ কেদিয়া ডিষ্টিলেৰী কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলে ঘৰলৈ যাবলৈ ৮ বজাত বাছখনত উঠে । বাছখন ২০০ মিটাৰ আগুৱাই গৈ পথৰ দাঁতিত থকা খুঁটা এটাৰ লগত খুন্দা খাই ৫০ ফুট দ খাৱৈত বাগৰি পৰে । বাছখনত প্ৰায় ৩০ৰ পৰা ৩৫জন কৰ্মচাৰী আছিল । বাছ দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে জিলা প্ৰশাসন, আৰক্ষীৰ লোক আৰু এছডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্তভ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আহত আটাইকেইজনক কুমহাৰীৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তাৰপৰা গুৰুতৰভাবে আহতসকলক এইমছলৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত দুৰ্গ লোকসভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় বাঘেল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰাজেন্দ্ৰ সাহুৱে আহতসকলৰ অৱস্থাৰ বুজ ল’বলৈ কুমহাৰী চিকিৎসালয়ত উপস্থিত হয় । উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাইও গভীৰ নিশা এইমছত উপস্থিত হৈ আহতসকলক সাক্ষাৎ কৰে আৰু চিকিৎসালয় কৰ্তৃপক্ষ, আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লয় ।

ভিলাই বাছ দুৰ্ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সায়ে শোক প্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বস্তাৰত আই ই ডি উদ্ধাৰ

Last Updated : Apr 10, 2024, 8:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.