নেশ্যনেল ডেস্ক, 18 জুন : এটা 30 ছেকেণ্ডৰ ৰীলে কাল মাতিলে এগৰাকী যুৱতীৰ জীৱনলৈ ৷ ৰীল শ্বুট কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী 23 বছৰীয়া যুৱতীয়ে ৷ মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰ জিলাৰ দৌলতাবাদ অঞ্চলৰ সুলিভানজানৰ দত্ত মন্দিৰৰ ওচৰত সোমবাৰে বিয়লি এই অঘটন সংঘটিত হয় ৷
সম্প্ৰতি সামাজিক মাধ্যম ব্যৱহাৰকাৰী প্ৰত্যেকগৰাকী লোকে ৰীলৰ বিষয়ে অৱগত ৷ ৰীল হৈছে ছুটি ভিডিঅ’ ৷ য’ত প্ৰায় 1 মিনিটৰ ভিতৰত এটা সম্পূৰ্ণ কাহিনী বা গীত, নৃত্য আদি দেখুওৱাব পাৰি ৷ ৰীল বনালেই নহয় ৰীলত ভাইৰেল হোৱাটোও যেন এক হেঁচাহে ৷ সেইবাবে সকলোৱে আজিকালি নিজৰ ব্যতিক্ৰমী কণ্টেণ্টেৰে ৰীল বনাবলৈ বিচাৰে ৷ কিন্তু এইবাৰ ৰীলে প্ৰাণ ল’লে এগৰাকী যুৱতীৰ ৷
অন কেমেৰা মৃত্যুক আঁকোৱালি লোৱা যুৱতীগৰাকীৰ ভিডিঅ’টো এতিয়া সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে ভাইৰেল হৈছে ৷ ভিডিঅ’টোত দেখুওৱা অনুসৰি, যুৱতীগৰাকীয়ে গাড়ী চলাবলৈ শিকি আছিল ৷ তেওঁৰ লগত যোৱা এগৰাকী বন্ধুৱে তেওঁৰ ভিডিঅ’টো ৰেকৰ্ড কৰিছিল ৷ অন কেমেৰা যুৱতীগৰাকীয়ে গাড়ীখন পিচুৱাই পিচুৱাই নি থাকোতে দ খাৱৈত গাডীখন লুটি খাই পৰে ৷ বন্ধুগৰাকীয়ে চিঞৰ বাখৰ কৰে যদিও তেতিয়ালৈ বহু পলম হৈ যায় ৷ যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় ৷
এই ঘটনাৰ পিচতে, ছত্ৰপতি সম্ভাজিনগৰৰ হনুমাননগৰৰ বাসিন্দা শ্বেতা দীপক সুৰভাচ (23) আৰু হনুমাননগৰৰ বাসিন্দা তেওঁৰ বন্ধু শিৱৰাজ সঞ্জয় মুলে (25)ক ছত্ৰপতি সম্ভাজিনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।
এই ঘটনাৰ পিচতে, খুলতাবাদ আৰক্ষী থানাৰ পৰিদৰ্শক ধনঞ্জয় ফাৰাটেৰৰ নিৰ্দেশনাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । যুৱতীগৰাকীৰ মৃতদেহ গাড়ীখনৰ পৰা উলিয়াই আনি খুলতাবাদ গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ এই দুৰ্ঘটনাত গাড়ীখন ভাঙি চিঙি চুৰমাৰ হৈ যায় ৷
লগতে পঢ়ক: টাৱাঙৰ পাহাৰীয়া অঞ্চলৰ পৰা সীমান্তৰ ঠাণ্ডা অঞ্চললৈ য়াক স্থানান্তৰ - ARUNACHAL YAK