ETV Bharat / bharat

12 জুনত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চন্দ্ৰবাবু নাইডুৱে - Chandrababu Naidu Oath Taking Ceremony

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 6:11 PM IST

Chandrababu Naidu Oath Taking Ceremony : তেলুগু দেশম পাৰ্টীৰ নেতা নাৰা চন্দ্ৰবাবু নাইডুৱে অহা ১২ তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব । এন ডি এৰ মিত্ৰশক্তি এই অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে ।

Chandrababu Naidu Oath Taking Ceremony
চন্দ্ৰবাবু নাইডু (ETV Bharat)

নিউজ ডেস্ক, ৬ জুন : চন্দ্ৰবাবু নাইডুৱে অহা ১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । অহা ৮ বা ৯ জুনত প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব । জানিব পৰা মতে, তেলুগু দেশম পাৰ্টীয়ে এই সিদ্ধান্ত লোৱাৰ কাৰণ এন ডি এৰ মিত্ৰশক্তিয়েও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে ।

উল্লেখ্য, বিজেপিৰ সংসদীয় বৈঠকৰ পিচত পুনৰবাৰ এন ডি এ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । এই বৈঠকত মিত্ৰজোঁটৰ সকলো সাংসদ উপস্থিত থাকিব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে । টিডিপিৰ সূত্ৰই প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ ৮ বা ৯ তাৰিখে অনুষ্ঠিত হ'ব । ইয়াৰ পিচত চন্দ্ৰবাবুৱে শপত গ্ৰহণ কৰিব । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চন্দ্ৰবাবুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

সম্ভাৱ্য কেবিনেট

মিত্ৰদল জনসেনা আৰু বিজেপি চন্দ্ৰবাবুৰ মন্ত্ৰীসভাত অংশীদাৰ হ'বনে ? যদি দল দুটাই মন্ত্ৰীসভাত যোগদান কৰে, তেন্তে দল দুটাৰ পৰা মন্ত্ৰী কোন হ'ব ? আনহাতে, টিডিপিৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব তাকে লৈও চৰ্চা চলিছে । পদযাত্ৰাৰ জৰিয়তে টিডিপি শাসনলৈ অহাৰ ক্ষেত্ৰত অতি সক্ৰিয় হোৱা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক লোকেশে এইবাৰ মন্ত্ৰীসভাত যোগদান কৰিবনে বা তেওঁ দলত গুৰুত্বপূৰ্ণ দায়িত্ব ল'বনে নাই সেই বিষয়েও আলোচনা হৈছে । উল্লেখ্য, এইবাৰৰ নিৰ্বাচনত ভোটাৰ ৰাইজে বহু নেতাক জয়ী কৰোৱাৰ লগতে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে দলটোক ক্ষমতালৈ আনিছে । এইবাৰ আশাকৰা হৈছে যে চন্দ্ৰবাবুৱে নিকা ভাবমূৰ্তি থকা নেতাসকলক গুৰুত্ব প্ৰদান কৰিব ।

নেতাসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা

দলটোত যুৱপ্ৰজন্মৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি আহিছে । অৱশ্যে দলটোৱে মহিলাসকলকো গুৰুত্ব দিব বিচাৰিলেও কিছুমান প্ৰতিবন্ধকতাৰ বাবে সেয়া সম্ভৱ নহয় । শেহতীয়াকৈ আলোচনা হৈছে যে এইবাৰ জ্যেষ্ঠসকলৰ তুলনাত যুৱ, দুৰ্বল শ্ৰেণী আৰু মহিলাসকলক অধিক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে । আনকি দলৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো পূৰ্বৰ তুলনাত এইবাৰ মহিলা আৰু যুৱসকলক অধিক অগ্ৰাধিকাৰ দিয়া হৈছে ।

কাডাপাৰ পৰা মাধৱী ৰেড্ডী, পুট্টাপাৰ্থীৰ পৰা সিন্ধুৰা ৰেড্ডী আৰু পেনুকোণ্ডাৰ পৰা সবিতাই প্ৰথমবাৰৰ বাবে ৰয়ালসীমা জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় । অনুসূচিত জাতি শ্ৰেণীৰ বান্দাৰু শ্ৰৱণী, নেলাৱালা বিজয়শ্ৰী, অনুসূচিত জনজাতি শ্ৰেণীৰ শিৰিষদেৱী আৰু জগদেশ্বৰী বিজয়ী হয় । অ'বিচি সম্প্ৰদায়ৰ মাধৱী, য়ানামালা দিব্যা আৰু সবিতাৰ দৰে লোক আছে ।

এইটোও চৰ্চা চলি আছে যে তেওঁলোকৰ এজন বা দুজনে কেবিনেটত সুযোগ পাব পাৰে । এইবাৰ ৰয়ালসীমাৰ পৰা বহুসংখ্যক মহিলা নিৰ্বাচিত হৈছে । আনহাতে, যদি দলটোৱে যুৱসকলৰ মাজৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে বিজয়ী হোৱাসকলক সুযোগ দিব বিচাৰে, তেন্তে অনুসূচিত জাতি সম্প্ৰদায়ৰ সৌম্য আৰু অনিতাৰ দৰে বিধায়কে অগ্ৰাধিকাৰ পাব পাৰে । খবৰ অনুসৰি, বিজয়নগৰমৰ পৰা জয়ী হোৱা দলটোৰ আটাইতকৈ জ্যেষ্ঠ নেতা অশোক গজপতিৰাজুৰ কন্যা অদিতি গজপতিৰাজুৰ নামো বিবেচনা কৰা হ'ব পাৰে ।

লগতে পঢ়ক :মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰনেতা - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.