ETV Bharat / bharat

ইউনিফাইড পেঞ্চন আঁচনিত কেন্দ্ৰৰ অনুমোদন: ২৫ বছৰ সেৱাৰ ওপৰত ৫০% পেঞ্চন - Unified Pension Scheme

author img

By ANI

Published : Aug 25, 2024, 9:53 AM IST

Unified Pension Scheme approved: কেন্দ্ৰীয় কেবিনেটে ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত প্ৰতিমাহে ৬০ শতাংশ নিশ্চিত পৰিয়াল পেঞ্চন আৰু নূন্যতম ১০ হাজাৰ টকাৰ নিশ্চিত পেঞ্চনত অনুমোদন জনাইছে । ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৩ লাখ কৰ্মচাৰী উপকৃত হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।

Unified Pension Scheme
ইউনিফাইড পেঞ্চন আঁচনিত কেন্দ্ৰৰ অনুমোদন (ETV Bharat)

নিউজ ডেস্ক, ২৫ আগষ্ট: লাখ লাখ কৰ্মচাৰীক প্ৰভাৱিত কৰা এক উল্লেখযোগ্য সিদ্ধান্তত শনিবাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে ৷ কেন্দ্ৰীয় চৰকাৰে নিশ্চিত পেঞ্চন আৰু নিশ্চিত পৰিয়াল পেঞ্চনৰ ব্যৱস্থা থকা ইউনিফাইড পেঞ্চন আঁচনি (ইউপিএছ)ত অনুমোদন জনায় । অহা বছৰৰ ১ এপ্ৰিলৰ পৰা ইউনাইটেড পেঞ্চন আঁচনি বলবৎ হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ইয়াক চলাই নিয়াৰ বা নতুন আঁচনিখন বাছি লোৱাৰ পছন্দ থাকিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকখন । কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৩ লাখ কৰ্মচাৰী ইউনিফাইড পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ’ব ।

"আজি কেন্দ্ৰীয় কেবিনেটে নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ)ত অনুমোদন জনাইছে ৷ ৫০ শতাংশ বীমাকৃত পেঞ্চন আঁচনিৰ প্ৰথম স্তম্ভ ৷ দ্বিতীয় স্তম্ভ হ'ব নিশ্চিত পৰিয়াল পেঞ্চন ৷ কেন্দ্ৰীয় চৰকাৰৰ ২৩ লাখ কৰ্মচাৰীয়ে ইউনিফাইড পেঞ্চন আঁচনি (ইউপিএছ)ৰ দ্বাৰা উপকৃত হ’ব ৷ কৰ্মচাৰীসকলে এনপিএছ আৰু ইউপিএছৰ মাজৰ পৰা বাছনি কৰাৰ বিকল্প থাকিব ।" অশ্বিনী বৈষ্ণৱে কয় ৷

নিশ্চিত পেঞ্চনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২৫ বছৰৰ নূন্যতম যোগ্যতাসম্পন্ন সেৱাৰ বাবে অৱসৰৰ পূৰ্বে যোৱা ১২ মাহৰ ভিতৰত উলিওৱা গড় মৌলিক দৰমহাৰ ৫০ শতাংশ হ’ব । ই নূন্যতম ১০ বছৰৰ সেৱালৈকে কম সেৱাৰ সময়ৰ বাবে সমানুপাতিক হ’ব । কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ ঠিক আগতে তেওঁৰ পেঞ্চনৰ ৬০ শতাংশ হাৰত বীমাকৃত পৰিয়াল পেঞ্চন গণনা কৰা হ’ব । নূন্যতম ১০ বছৰৰ সেৱাৰ অন্তত অৱসৰৰ সময়ত নিশ্চিত নূন্যতম পেঞ্চন প্ৰতিমাহে ১০ হাজাৰ টকা হ’ব ।

ইফালে এই বৈঠকৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি কয় যে, সংহত পেঞ্চন আঁচনিখনে চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰে । তেওঁ কয়, "ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা যোগোৱা সকলো চৰকাৰী কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমৰ বাবে আমি গৌৰৱান্বিত । সংহত পেঞ্চন আঁচনিখনে চৰকাৰী কৰ্মচাৰীসকলৰ মৰ্যাদা আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰে, তেওঁলোকৰ মংগল আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি ।

লগতে পঢ়ক: সামজিক সুৰক্ষা চুক্তিত সন্মত ভাৰত আৰু পোলেণ্ড - PM Modi in Poland

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.